ETV Bharat / state

অনুচ্ছেদ 370 য়ে প্ৰভাৱ পেলাব নেকি নগা চুক্তিত : কি কয় টি আৰ জেলিয়াঙে - নাগালেণ্ড

2015 চনৰ 3 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু এন এছ চি এন নেতৃবৃন্দৰ মাজত স্বাক্ষৰিত হৈছিল নগা ফ্ৰেমৱৰ্ক ৷ কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ সিদ্ধান্তই নাগালেণ্ডত কোনো প্ৰভাৱ নেপেলাই বুলি ইতিমধ্যে গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু নাগালেণ্ডৰ নৱনিযুক্ত ৰাজ্যপাল আৰ এন ৰবিয়ে স্পষ্ট কৰি দিছে ।

অনুচ্ছেদ 370 য়ে প্ৰভাৱ পেলাব নেকি নগা চুক্তিত
author img

By

Published : Aug 8, 2019, 2:37 PM IST

Updated : Aug 8, 2019, 4:29 PM IST

গুৱাহাটী, আগষ্ট 08 : কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰি কেন্দ্ৰই বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ পিচত এতিয়া প্ৰশ্ন উঠিছে কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এনৰ মাজৰ নগা চুক্তিক লৈ ৷ 2015 চনৰ 3 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু এন এছ চি এন নেতৃবৃন্দৰ মাজত স্বাক্ষৰিত হৈছিল নগা ফ্ৰেমৱৰ্ক ৷ এই চুক্তিৰ মূল উদ্দেশ্য আছিল গ্ৰেটাৰ নাগালিম গঠন ৷ সেই ফ্ৰেমৱৰ্কত স্পষ্ট ভাবে উল্লেখ কৰা হৈছিল নগা জাতিক সৰ্বোচ্চ সাংবিধানিক অধিকাৰ অৰ্পণ কৰাৰ কথা । কিন্তু কাশ্মীৰৰ পৰা 370 বাতিলৰ পিচত বিজেপি নেতৃত্বই " এক ভাৰত " ৰ ধ্বনি দিবলৈ আৰম্ভ কৰিছে ৷ যদি সেয়াই হয় তেন্তে নগা ফ্ৰেমৱৰ্কৰ দফাবোৰ কি হব সেয়াহে এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন ।

অনুচ্ছেদ 370 য়ে প্ৰভাৱ পেলাব নেকি নগা চুক্তিত

উল্লেখ্য যে, কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ সিদ্ধান্তই নাগালেণ্ডত কোনো প্ৰভাৱ নেপেলায় বুলি ইতিমধ্যে গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু নাগালেণ্ডৰ নৱনিযুক্ত ৰাজ্যপাল আৰ এন ৰবিয়ে স্পষ্ট কৰি দিছে । কিয়নো নাগালেণ্ডৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ আছে সংবিধানৰ 371 (ক) নং অনুচ্ছেদ । সেই অনুসৰি নাগালেণ্ডে বিশেষ মৰ্যাদা লাভ কৰাৰ লগতে প্ৰথাগত আইন ব্যৱস্থা, ধৰ্মীয় তথা সামাজিক ব্যৱস্থাপনা, প্ৰশাসনীয় নিয়ন্ত্ৰণ, সম্পদৰ ওপৰত অধিকাৰ আদি লাভ কৰি আহিছে । কিন্তু তথাপিও কিছু সন্দিহানত নগা চুক্তি ৷ শেহতীয়াকৈ নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙেও এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জেলিয়াঙৰ মতে 370 প্ৰত্যাহাৰৰ বিষয়টোৱে নাগালেণ্ডক একো ক্ষতি নকৰে যদিও সমস্ত বিষয়টো ভালদৰে পৰ্যালোচনাৰ প্ৰয়োজনীয়তা আছে ।

Intro:গুৱাহাটী, ৮ আগষ্ট: কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰি কেন্দ্ৰই বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰাৰ পিছত এতিয়া স্বাভাৱিকতে প্ৰশ্ন উঠিছে কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এনৰ মাজত ২০১৫ চনৰ ৩ আগষ্টত স্বাক্ষৰিত হোৱা নাগা ফ্ৰেমৱৰ্কক লৈ। কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিতে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয় আৰু এন এছ চি এন নেতৃবৃন্দৰ মাজত স্বাক্ষৰিত হৈছিল নাগা ফ্ৰেমৱৰ্ক। গ্ৰেটাৰ নাগালিম গঠনৰ উদ্দেশ্য আগত ৰাখিয়েই এই ফ্ৰেমৱৰ্ক স্বাক্ষৰিত হৈছিল। সেই ফ্ৰেমৱৰ্কত স্পষ্ট ভাবে উল্লেখ কৰা হৈছিল নগা জাতিক সৰ্বোচ্চ সাংবিধানিক অধিকাৰ অৰ্পণ কৰা হব। কিন্তু কাশ্মীৰৰ পৰা ৩৭০ বাতিলৰ পিছত বিজেপি নেতৃত্বই " এক ভাৰত " ৰ ধ্বনি দিবলৈ আৰম্ভ কৰিছে আৰু যদি সেয়াই হয় তেন্তে নাগা ফ্ৰেমৱৰ্কৰ দফাবোৰ কি হব সেয়াহে এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন।Body:নাগালেণ্ডত ৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্তই কোনো প্ৰভাৱ নেপেলাই বুলি ইতিমধ্যে গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু নাগালেণ্ডৰ নৱ নিযুক্ত ৰাজ্যপাল আৰ এন ৰবিয়ে স্পষ্ট কৰি দিছে। এইখিনিলৈকে সকলো ঠিকেই আছে। কিয়নো নাগালেণ্ডৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ আছে সংবিধানৰ ৩৭১ (ক) ধাৰা। সেই অনুসৰি নাগালেণ্ডে বিশেষ মৰ্যাদা লাভ কৰাৰ লগতে প্ৰথাগত আইন ব্যৱস্থা, ধৰ্মীয় তথা সামাজিক ব্যৱস্থাপনা, প্ৰশাসনীয় নিয়ন্ত্ৰন, সম্পদৰ ওপৰত অধিকাৰ আদি লাভ কৰি আহিছে।Conclusion:কিন্তু নাগা ফ্ৰেমৱৰ্কৰ বিষয়টো অহাৰ লগে লগেই সকলো ধুৱলী কুৱলি হৈ পৰে। শেহতীয়াকৈ নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙেও এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জেলিয়াঙৰ মতে ৩৭০ প্ৰত্যাহাৰৰ বিষয়টোৱে নাগালেণ্ডক একো ক্ষতি নকৰে যদিও সমস্ত বিষয়টো ভালদৰে পৰ্যালোচনাৰ প্ৰয়োজনীয়তা আছে।
Last Updated : Aug 8, 2019, 4:29 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.