ETV Bharat / state

GMC Durga Puja Competition : গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছতা পূজা শীৰ্ষক প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ - স্বচ্ছতা পূজা পুৰষ্কাৰ গুৱাহাটী

গুৱাহাটী পৌৰ নিগমে অনুষ্ঠিত কৰা স্বচ্ছ দুৰ্গা পূজা মণ্ডপ প্ৰতিযোগিতা পুৰস্কাৰ বিতৰণ । জিলা পুথিভঁৰালত মঙলবাৰে বিতৰণ কৰা হয় পুৰস্কাৰসমূহ । ১০ হাজাৰ, ৭ হাজাৰ আৰু ৫ হাজাৰ টকাকৈ প্ৰদান কৰা হয় পূজা সমিতিসমূহলৈ ৷

GMC Durga Puja Competition
গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছতা পূজা
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 8:05 PM IST

গুৱাহাটী, 7 নৱেম্বৰ : স্বচ্ছতাৰ দিশেৰে এখোজৰ লক্ষ্যৰে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বচ্ছ, সেউজ গুৱাহাটীৰ দৃষ্টিভংগীৰ লগত সংগতি ৰাখি ২০২৩ বৰ্ষত অনুষ্ঠিত কৰা হৈছিল স্বচ্ছ দুৰ্গা পূজা মণ্ডপ প্ৰতিযোগিতা । দুৰ্গা পূজাৰ সময়ত স্বচ্ছতা বৰ্তাই ৰখাৰ উদ্দেশ্য গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত এই স্বচ্ছ দুৰ্গা পূজা মণ্ডপ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল । য’ত অংশগ্ৰহণ কৰিছিল মহানগৰী প্ৰতিখন পূজা সমিতিয়ে ।

মঙলবাৰে উক্ত প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হয় । গুৱাহাটীৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই পুৰস্কাৰ বিতৰণ অনুষ্ঠান । উক্ত অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহল, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, পৌৰ নিগমৰ আয়ুক্ত মেঘ নিধি দাহাল ।

উল্লেখ্য যে পূজা সমিতিসমূহক মূলতঃ স্বচ্ছতাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰদান কৰা হৈছে পুৰস্কাৰ । দুৰ্গা পূজাৰ সময়ত মহানগৰীৰ প্ৰায় ৩৫০ কৈও অধিক পূজা নিৰীক্ষণ কৰিছিল গুৱাহাটী পৌৰ নিগমে । পৌৰ নিগমে নিৰীক্ষণ কৰা প্ৰায় ৩৫০ খন পূজাৰ পৰা প্ৰায় ২৫ খন পূজালৈ আগবঢ়োৱা হয় প্ৰথম পুৰস্কাৰ, ৫০ খন পূজালৈ দ্বিতীয় পুৰস্কাৰ আৰু ১০০ খন পূজা সমিতিলৈ আগবঢ়োৱা হয় তৃতীয় পুৰস্কাৰ ।

আজি জিলা পুথিভঁৰালত পুৰস্কাৰ লাভ কৰা পূজা সমিতিসমূহক মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত পুৰস্কাৰ বিতৰণ কৰা হয় । প্ৰথম পুৰস্কাৰপ্ৰাপ্ত ২৫ খন পূজালৈ আগবঢ়োৱা ১০ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ লাভ কৰা ৫০ খন পূজালৈ আগবঢ়োৱা হয় ৭ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ লাভ কৰা ১০০ খন পূজালৈ আগবঢ়োৱা হয় ৫ হাজাৰ টকাৰ পুৰস্কাৰ ।

লগতে পঢ়ক : Rising Sun Water Fest 2023: দীপৰ বিলত অনুষ্ঠিতব্য় ৰাইজিং ছান ৱাটাৰ ফেষ্ট ৰিভিজিটিং শৰাইঘাট উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.