ETV Bharat / state

ৰুক্মিণী গাঁৱৰ ক'ভিড-১৯ পজিটিভ ৰোগী থকা ঘৰত স্বাস্থ্য বিভাগৰ অভিযান

author img

By

Published : May 17, 2020, 8:36 PM IST

গুৱাহাটীৰ NEPDS ৰ এগৰাকী ছাত্ৰীৰ দেহত ত্ৰিপুৰাত ক'ভিড 19 পজিটিভ ধৰা পৰাৰ পাছতে ছাত্ৰী গৰাকীয়ে থাকি যোৱা গুৱাহাটীৰ বাসগৃহত স্বাস্থ্য বিভাগৰ তৎপৰতা ৷

Swab sample collected from Rukmini gaon by NHM
ৰুক্মিণী গাঁৱৰ ক'ভিড-১৯ পজিটিভ ৰোগী থকা ঘৰত স্বাস্থ্য বিভাগৰ অভিযান

গুৱাহাটী, 17 মে': গুৱাহাটীৰ NEPDS ৰ এগৰাকী ছাত্ৰীৰ দেহত ত্ৰিপুৰাত ক'ভিড 19 পজিটিভ ধৰা পৰাৰ পাছতে ছাত্ৰী গৰাকীয়ে থাকি যোৱা গুৱাহাটীৰ বাসগৃহত স্বাস্থ্য বিভাগৰ তৎপৰতা ৷ গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰ এছ কে বৰুৱা পথৰ 2নং বাইলেনৰ বান্ধৱীৰ ভাড়াঘৰত দুদিন পূৰ্বে ছাত্ৰী গৰাকী থাকি গৈছিল বুলি খবৰ পোৱাৰ পাছতে এই তৎপৰতা স্বাস্থ্য বিভাগৰ ৷ ছাত্ৰী গৰাকী থাকি যোৱা ঘৰটোৰ কেয়াৰ ট্ৰেকাৰৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ NHM ৰ কাৰ্যবাহী সঞ্চালক অচুৎ কুমাৰ বৈশ্যই জনায় যে, শনিবাৰে গুৱাহাটীৰ পৰা এটা টীমৰ লগত ত্ৰিপুৰা লৈ যোৱা ছাত্ৰী গৰাকীৰ ক'ভিড ১৯ পজিটিভ ধৰা পৰে ৷ উক্ত খবৰ লাভ কৰাৰ পাছতেই খবৰটো ছাত্ৰী গৰাকী থকা ৰুক্মিণী গাঁৱৰ এছ কে বৰুৱা পথৰ 2নং বাইলেনটো কন্টেইনমেন জ'ন ঘোষণা কৰা হৈছে ৷ লগতে ছাত্ৰী গৰাকী থকা ঘৰটোৰ কেয়াৰ ট্ৰেকাৰ গৰাকীৰ স্বাব টেষ্ট কৰা হৈছে ৷ ইয়াৰ উপৰিও ছাত্ৰী গৰাকীয়ে ওচৰৰ কোন কেইখন দোকানৰ লগত অহা যোৱা কৰিছিল আৰু কাক কাক লগ কৰিছিল সেই সন্দৰ্ভত সোধা পোচা চলাই থকা হৈছে বুলি জনাই অচুৎ কুমাৰ বৈশ্যই ৷

লগতে পঢ়কঃ তেতেলীসৰাত গণ শিল্পী সূৰ্য দাসৰ খাদ্য সামগ্ৰী বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.