গুৱাহাটী,2 ডিচেম্বৰঃ আজি চুকাফা দিৱস ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ জয়ানগৰতো চুকাফা দিৱস উলহ-মালহেৰে পালন কৰা হয় । গুৱাহাটীত চুকাফা ভৱন নিৰ্মাণ সমিতিয়ে দিনজোৰা কাৰ্যসূচীৰে পালন কৰে চুকাফা দিৱস । ইপিনে অনুস্থানটোত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰি স্বৰ্গদেউ সন্দৰ্ভত আলোকপাত কৰে ৷
লগতে তেওঁৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্বৰ্গদেউ চাও লুঙ চুকাফাৰ আদৰ্শক স্মৰণ কৰে । উল্লেখ্য যে, স্বৰ্গদেও চুকাফা আছিল বৰ অসমৰ স্ৰষ্টা ৷ যিগৰাকী সু-শাসকৰ বিস্ময়কৰ শাসন-প্ৰণালীক আজিও সকলোৱে অনুকৰণ কৰে। 'অসম দিৱস' তথা চুকাফা দিৱসৰ উপলক্ষত সেইগৰাকী মহান নৃপতি, বৰ অসমৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চুকাফাৰ স্মৃতি ৰোমন্থন কৰে সকলোৱে ৷
লগতে পঢ়কঃ কৃষি আইনৰ বিৰোধিতাৰে তিনিচুকীয়াত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ প্ৰতিবাদ