ETV Bharat / state

জৰুৰী বৈঠকত মিলিত অগপৰ শীৰ্ষ নেতৃবৰ্গ - অতুল বৰা

শুকুৰবাৰে এক জৰুৰী বৈঠকত মিলিত হৈছে আঞ্চলিক দল অগপৰ শীৰ্ষ পৰ্যায়ৰ নেতৃবৰ্গ ৷ দিছপুৰস্থিত যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত উক্ত বৈঠকত অংশগ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, ফণীভূষণ চৌধুৰী, দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই । এই বৈঠক ইতিবাচক বুলি মন্তব্য কৰি এই সময়ত ৰাজ্যখনৰ উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় শক্তিতকৈ আঞ্চলিক শক্তিৰ প্ৰয়োজনীয়তা অধিক বুলি মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷

Sudden meet among AGP leaders in guwahati kamrup metro assam etv bharat news
জৰুৰী বৈঠকত মিলিত অগপৰ শীৰ্ষ নেতৃবৰ্গ
author img

By

Published : Aug 21, 2020, 1:48 PM IST

Updated : Aug 21, 2020, 2:09 PM IST

গুৱাহাটী,২১ আগষ্ট: সমাগত অসম বিধানসভা নিৰ্বাচন ৷ তাৰপূৰ্বে তৎপৰ হৈ উঠিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ এতিয়া নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত ৰাজনৈতিক দলসমূহৰ সঘনে সলনি হৈছে প্ৰেক্ষাপট ৷ অতীতৰে পৰা আঞ্চলিক দল হিচাপে অগপই ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক সুকীয়া স্থান দখল কৰি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ কিন্তু বিগত সময়ছোৱাত ৰাজ্যৰ ৰাজনীতিত হোৱা পৰিৱৰ্তনে একাষৰীয়া কৰে আঞ্চলিক দলটোক ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সময়ে সময়ে বিতৰ্কিত মন্তব্য প্ৰকাশেৰে দলটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা চলাই আহিছিল যদিও বৰ্তমান সেই চেষ্টা ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ৷ 2016 চনলৈকে মহন্তই বিজেপি দলৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ পোষকতা কৰা নাছিল যদিও পৰৱৰ্তী সময়ত এই ধাৰণা সলনি কৰে ৷ সম্প্ৰতি মিত্ৰজোঁটৰ চৰকাৰখনত অগপ দলো সন্নিৱিষ্ট আছে যদিও পূৰ্বৰ দৰে জনগণৰ আস্থাভাজন হ’ব পৰা নাই ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ শীৰ্ষনেতা মহন্তই বিভিন্ন সময়ত দলৰ নীতিৰ বিপৰীতে গৈ বিভিন্ন বিষয় ওপৰত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে ৷ বিগত সময়ছোৱাত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়তো মহন্তই দলৰ নীতিৰ বিপৰীতে গৈ স্বকীয়ভাৱে মন্তব্য প্ৰকাশ কৰিছিল ৷ মহন্তৰ এনে মন্তব্য প্ৰকাশে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল দলটোত ৷ লগতে দলৰ বাবে গুৰুত্বহীন হৈ পৰিছিল মহন্ত ৷ কিন্তু এনে প্ৰেক্ষাপট সলনি হোৱা দেখা যায় শুকুৰবাৰৰ পুৱা ৷

অসম গণ পৰিষদৰ অভ্যন্তৰত ক্ৰমাৎ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি অনুগামীসকলৰ একাংশ বিধায়ক আৰু নেতাক কৌশলপূৰ্ণভাৱে গুৰুত্বহীন কৰি তোলা সন্দৰ্ভত চৰ্চা অব্যাহত থকাৰ সময়তে শুকুৰবাৰে পুৱা আকস্মিকভাৱে ৰাজ্যৰ যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ দিছপুৰস্থিত বাসগৃহত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় অগপৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকল ৷ এই বৈঠকত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, ফণীভূষণ চৌধুৰী, দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত । প্ৰায় এঘণ্টাজুৰি চলা এই বৈঠকে স্বাভাৱিকতে বহন কৰিছে বিশেষ ৰাজনৈতিক তাৎপৰ্য । বৈঠকৰ অন্তত বৈঠক সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অতুল বৰাই কয় যে,পৰৱৰ্তী সময়ত অগপক কি ধৰণে আৰু অধিক শক্তিশালী কৰি তুলিব পাৰি সেই বিষয়ে মহন্তৰ সৈতে আজিৰ বৈঠকত আলোচনা কৰা হৈছে । দলৰ ভিতৰচ’ৰাত কেতবোৰ মতানৈক্য এতিয়াও অব্যাহত থকাৰ কথা স্বীকাৰ কৰে অতুল বৰাই ।

জৰুৰী বৈঠকত মিলিত অগপৰ শীৰ্ষ নেতৃবৰ্গ

ইপিনে মহন্তৰ এক ঘনিষ্ঠ সূত্ৰই জনোৱা অনুসৰি, এই বৈঠকতে মহন্তই দলীয় নেতৃত্বৰ ওচৰত কেতবোৰ বিশেষ প্ৰস্তাৱ দাখিল কৰে । যিহেতু সুদীৰ্ঘ সময়জুৰি দলত একপ্ৰকাৰ একাষৰীয়া কৰি ৰখা হৈছে মহন্ত তথা অনুগামীসকলক । তেনেক্ষেত্ৰত এই বৈঠক গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে ৷ আনহাতে, দলৰ সভাপতি অতুল বৰাই কয় যে কংগ্ৰেছ-এআইইউডিএফ-ৰ মিত্ৰতাই পৰৱৰ্তী বিধানসভা নিৰ্বাচনত কোনো প্ৰভাৱ অগপৰ ওপৰত পেলাব নোৱাৰে । ইপিনে, মহন্তই শুকুৰবাৰৰ এই বৈঠক ইতিবাচক বুলি মন্তব্য কৰি কয় যে এই সময়ত ৰাজ্যখনৰ উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় শক্তিতকৈ আঞ্চলিক শক্তিৰ প্ৰয়োজনীয়তা অধিক ।

লগতে চাওকঃ চন্দ্ৰযান-২ য়ে সম্পূৰ্ণ কৰিলে চন্দ্ৰৰ কক্ষপথ প্ৰদক্ষিণৰ এটা বছৰ

Last Updated : Aug 21, 2020, 2:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.