ETV Bharat / state

কাগজ কল ব‍্যক্তিগতকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ

author img

By

Published : Sep 18, 2020, 5:09 PM IST

কাগজ কল পুনৰুজ্জীৱিতকৰণৰ দাবীত SUCI ৰ প্ৰদৰ্শন বিক্ষোভ কাৰ্যসূচী ৷ শুকুৰবাৰে উলুবাৰী উৰণীয়া সেঁতুৰ সমীপত সংগঠনটোৱে ৰূপায়ণ কৰে এই কাৰ্যসূচী ৷

SUCI protest guwahati assam etv bharat news
বিক্ষোভ প্ৰদৰ্শন

গুৱাহাটী,18 চেপ্তেম্বৰ: নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণৰ দাবীত শুকুৰবাৰে SUCI য়ে প্ৰদৰ্শন কৰে বিক্ষোভ ৷ উলুবাৰী উৰণীয়া সেঁতুৰ সমীপত সংগঠনটোৱে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ যিকোনো মূল্যৰ বিনিময়ত কাগজকল দুটা ব‍্যক্তিগত খণ্ডৰ হাতত অৰ্পণ নকৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

বিক্ষোভ প্ৰদৰ্শন

উল্লেখ্য যে,ৰাজ্য চৰকাৰে দুয়োটা কাগজ কল ইতিমধ্যে দেউলীয়া ঘোষণা কৰি ব‍্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ পোষকতা কৰি আহিছে । বিগত 45 মাহে দৰমহাৰ পৰা বঞ্চিত কাগজ কল দুটাৰ প্ৰায় 70 গৰাকী কৰ্মচাৰী মৃত্যুৰ লগতে কেইবাগৰাকীয়েও প্ৰাপ্য আদায়ৰ দাবীত আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ৷

কৰ্মচাৰীসকলৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ দাবীত আৰু কাগজ কল দুটা পুঁজিপতিৰ হাতত অৰ্পণৰ সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত লৈ আহিছে যদিও চৰকাৰী পক্ষই এই মুহুৰ্তলৈকে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত কোনো বিশেষ ভূমিকা গ্ৰহণ কৰা নাই । যাৰ বাবে এতিয়া তীব্ৰ গণতান্ত্ৰিক আন্দোলনকে একমাত্ৰ বিকল্প হিচাপে বাছি লৈছে দল-সংগঠনসমূহে । শুকুৰবাৰে প্ৰতিবাদস্থলীৰ পৰা SUCI ৰ কৰ্মীসকলে কাগজ কল দুটা পুনৰুজ্জীৱিত নকৰালৈকে আন্দোলন অব্যাহত ৰখাৰ কথা ব্যক্ত কৰে ৷

লগতে চাওকঃ ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা দিবলৈ সাজু ৰাজ্য চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.