ETV Bharat / state

Assam cabinet: উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা অধিক নম্বৰ পোৱা ছাত্ৰয়ো লাভ কৰিব স্কুটী

author img

By

Published : Jul 5, 2023, 6:16 PM IST

এই বছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ তথা তাতোধিক নম্বৰ পোৱা ছাত্ৰয়ো লাভ কৰিব স্কুটী । নৱম শ্ৰেণীৰ ৩ লাখ ৭৮ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব চাইকেল । ২০২৫ নাইবা ২০২৭ বৰ্ষত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনোৱা হ'ব ভাৰতীয় অলিম্পিক সন্থাক । ফায়াৰ আৰু পাৱাৰৰ বাহিৰে উদ্যোগ স্থাপন কৰাৰ ক্ষেত্রত আৰম্ভণিতে প্ৰয়োজন নহ'ব কোনো অনুমতি পত্রৰ ।

Assam cabinet
Assam cabinet
উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা অধিক নম্বৰ পোৱা ছাত্ৰইয়ো লাভ কৰিব স্কুটী

গুৱাহাটী, ৫ জুলাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বুধবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰি কৰে মন্ত্রী জয়ন্তমল্ল বৰুৱা আৰু বিমল বড়াই ।

বুধবাৰৰ কেবিনেটে ছাত্রকো স্কুটী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি এই বছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ তথা তাতোধিক নম্বৰ পোৱা ছাত্ৰীক আৰু ৭৫ শতাংশ তথা তাতোধিক নম্বৰ পোৱা ছাত্ৰক স্কুটী দিয়া হ'ব । কিন্তু এই নিয়ম অহা বছৰৰ পৰা অলপ সলনি হ’ব ।

অহা বছৰৰ পৰা ৭৫ শতাংশ নম্বৰ তথা তাৰ ওপৰত নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰী উভয়কে স্কুটী দিব চৰকাৰে । ছাত্রীৰ বাবে থকা ৬০ শতাংশৰ নম্বৰৰ ঠাইত ৭৫ শতাংশ কৰা হ'ব অহা বছৰৰ পৰা । আনহাতে কেবিনেটৰ সিদ্ধান্ত অনুসৰি এইবছৰ অসমৰ নৱম শ্ৰেণীৰ ৩ লাখ ৭৮ হাজাৰ ছাত্ৰ-ছাত্ৰীক চৰকাৰে চাইকেল দিব ।

ইয়াৰ বাবে কেবিনেটে ১৬৭.৯৪ কোটি টকাৰ অনুমোদন দিছে । অসম চৰকাৰে চাহ জনগোষ্ঠীয় অঞ্চলত নতুনকৈ যি মডেল স্কুল স্থাপন কৰিছে, তাত বৃদ্ধি কৰা হ'ব সা-সুবিধা । অন্য বিদ্যালয়ত নিয়োজিত হৈ থকা চাহ বাগিচাৰ ১১০০ শিক্ষকক চাহ বাগিচাৰ বিদ্যালয়লৈ বদলি কৰা হ'ব । আজিৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি অৰুনোদয় আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ৭ লাখ হিতাধিকাৰীয়ে চেপ্তেম্বৰ মাহৰ ১০ তাৰিখৰ পৰা আঁচনিৰ ১২৫০ টকা ধন লাভ কৰিব ।

সেইদৰে কেবিনেটে অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰাৰ ক্ষেত্রত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । আগন্তুক ২০২৫ নাইবা ২০২৭ বৰ্ষত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া অসমত অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় অলিম্পিক সন্থাক অনুৰোধ জনোৱা হ'ব । ইয়াৰ বাবে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

আনহাতে আজিৰ কেবিনেটে ছয় জনগোষ্ঠীৰ সংৰক্ষণৰ ক্ষেত্রত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি কৃষি বিশ্ববিদ্যালয়ত চাহ জনগোষ্ঠীৰ বাবে ৮খন আসন, মৰাণ জনগোষ্ঠীৰ বাবে ৩খন আসন, মটক জনগোষ্ঠীৰ বাবে ৩খন আসন, কোচ ৰাজবংশীৰ বাবে ৬খন আসন, টাই আহোমৰ বাবে ৪খন আসন আৰু চুতীয়া জনগোষ্ঠীৰ বাবে ৪খন আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে ।

সেইদৰে বি এছ চি নাৰ্চিং, এ এন এম আৰু জি এন এমৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানতো ছয় জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । সেইদৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আঢ়ৈ লাখ টকাৰ তলৰ আয় থকা লোকসকলক বিনামূলীয়া চাউল যোগান ধৰা হৈছিল । সেই সীমা আঢ়ৈ লাখৰ পৰা চাৰি লাখ টকালৈ বৃদ্ধি কৰা হৈছিল পূৰ্বৰ কেবিনেটত ।

বুধবাৰৰ কেবিনেটত ইয়াৰ অনুমোদন জনোৱা হয় । ইয়াৰ ফলত নতুনকৈ ৪০ লাখ হিতাধিকাৰী উপকৃত হ'ব । আজিৰ কেবিনেটে স্কুল মেনেজমেন্ট কমিটীৰ ক্ষেত্রত থকা ৰুলৰ সংশোধনী কৰে । সেই অনুসৰি স্কুল মেনেজমেণ্ট কমিটীসমূহত এজন নিৰ্বাচিত সদস্য থাকিব । তদুপৰি বিদ্যালয়ৰ এজন শিক্ষক আৰু দুইগৰাকী প্ৰাক্তন শিক্ষাৰ্থী থাকিব ।

আজিৰ কেবিনেটত উদ্যোগ খণ্ডৰ ক্ষেত্রতো কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই অনুসৰি এম এছ এম ই চেক্টৰত পূৰ্বতে উদ্যোগ স্থাপনৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন অনুমতিৰ ক্ষেত্রত যথেষ্ট শিথিলতা অনা হৈছে । ফায়াৰ আৰু পাৱাৰৰ অনুমতি পত্রৰ বাহিৰে উদ্যোগ স্থাপন কৰাৰ ক্ষেত্রত আৰম্ভণিতে এতিয়াৰে পৰা কোনো অনুমতি পত্রৰ প্ৰয়োজন নহ'ব । উদ্যোগ স্থাপন কৰাৰ পিচত তিনি বছৰৰ ভিতৰত বাকী অনুমতিসমূহ যোগাৰ কৰি ল'ব পাৰিব । এতিয়াৰে পৰা আগতীয়া অনুমতি ল'ব নালাগে ।

লগতে পঢ়ক: Assam politics: ‘তিনি গগৈ’ক লৈ চলা চৰ্চা সন্দৰ্ভত কি ক’লে লুৰীণজ্যোতি গগৈয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.