গুৱাহাটী, ৩ মাৰ্চ: ৰাজ্যৰ আগশাৰীৰ বহুকেইখন শিক্ষানুষ্ঠানৰ ২০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে দেওবাৰে এন এচ ইউ আইত যোগদান কৰে । ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয় , গুৱাহাটী কমাৰ্চ কলেজ , বি বৰুৱাৰ লগতে মহানগৰীৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰে সংগঠনটোত । আছু, এচ এফ আইকে ধৰি কেইবাটাও ছাত্ৰ সংগঠনৰ সদস্যইও এই অনুষ্ঠানতে এন এচ ইউ আইত যোগদান কৰে । অনুষ্ঠানতে বি জে পিয়ে নিৰ্বাচনৰ সময়ত কৰ্মসংস্থাপনৰ টোপ দেখুৱাইও অৱশেষত সকলোকে নিৰাশ কৰা বুলিও জনায় ছাত্ৰ সংগঠনৰ সদস্যসকলে ।
এই অনুষ্ঠানতে উপস্থিত থাকি এন এচ ইউ আই ৰ নতুন সদস্য সকলক আদৰণি জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা , বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া , প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।