ETV Bharat / state

পাম অইল খেতিৰ তীব্ৰ বিৰোধিতা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ - জলবায়ু

প্ৰধানমন্ত্ৰী প্ৰত্ৰ প্ৰেৰণ সাংসদ বৰদলৈৰ । উত্তৰ পূৰ্বাঞ্চলৰ ভৰপূৰ জৈৱ-বৈচিত্ৰৰ তথা পৰিৱেশক ধ্বংসৰ মুখলৈ ঠেলি দি পাম গছৰ খেতি কৰাটো একেবাৰে উচিত নহয় । চৰকাৰে বৃহৎ পুঁজিপতিৰ স্বাৰ্থত ইয়াত পাম অইলৰ খেতি কৰাৰ উদ্যোগ লৈছে । ইয়াৰ বাবে আন্দামানৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক বাচি লৈছে ।

পাম অইল খেতিৰ তীব্ৰ বিৰোধীতা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

author img

By

Published : Oct 8, 2021, 9:55 PM IST

গুৱাহাটী, ৮ অক্টোবৰ : অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত বিস্তৃতভাৱে পাম গছৰ খেতি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক ব্যৱসায়িক লক্ষ্যৰে লোৱা পৰিকল্পনাৰ বিৰোধিতা কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । গুৱাহাটীৰ ৰাজীৱ ভৱনত শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে খোদ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

সংবাদমেলত পাম অইল খেতিৰ সুদূৰপ্ৰসাৰী নেতিবাচক প্ৰভাৱ সম্পৰ্কে উল্লেখ কৰি সাংসদগৰাকীয়ে কয়, 'চৰকাৰৰ National Mission on Edible Oil-Oil Palm অভিযান সৰ্ম্পকে শংকা প্ৰকাশ কৰি অহা সচেতন উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণ আৰু প্ৰকৃতিপ্ৰেমীৰ ব্যক্তিৰ কণ্ঠক চৰকাৰে উপেক্ষা কৰিছে ।

খাদ্য ব্যৱহার্য তেল আমদানি পৰিমাণ হ্ৰাস কৰিবলৈ চৰকাৰে লোৱা কাৰ্যসূচী গ্ৰহণযোগ্য যদিও উত্তৰ-পূৰ্বাঞ্চলৰ ভৰপূৰ জৈৱ-বৈচিত্ৰ তথা পৰিৱেশক ধ্বংসৰ মুখলৈ ঠেলি দি পাম গছৰ খেতি কৰাটো একেবাৰে উচিত নহয় । বিশেষজ্ঞ সকলে জানিবলৈ দিয়া মতে প্ৰাথমিক পর্যায়ত উপার্জনৰ ক্ষেত্ৰত এয়া এক ফলপ্ৰসূ হস্ৰম্যাদী পৰিকল্পনা হিচাপে পৰিগণিত হ'ব পাৰে । কিন্তু পৰৱর্তী পর্যায়ত দীর্ঘম্যাদী পৰিকল্পনাৰ ক্ষেত্ৰত ই এক বহনক্ষম পৰিকল্পনা হিচাপে পৰিগণিত নহ'ব ।

দক্ষিণ এছিয়াৰ ভালেমান দেশ মালেছিয়া আৰু ইণ্ডোনেছিয়াত কেৱল পাম খেতি কৰোঁতে প্ৰয়োজনীয় ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰৰ ফলত তাৰ জৈৱ-বৈচিত্ৰৰ বিষম ক্ষতি, পানী যোগান হ্ৰাস, মাটিৰ উৰ্বৰতা হ্ৰাস আদি বিভিন্ন ভয়াৱহ প্ৰভাৱে এতিয়া দেখা দিছে । গৱেষণা অনুসৰি উক্ত দেশ সমূহত বিগত ২০ বছৰত দেখা গ'ল যে পাম খেতিৰ গছ বিলাকে নিৰ্গত কাৰ্বন ধৰি নাৰাখি জলবায়ুত মেলি দিয়ে । ফলত জলবায়ু পৰিৱৰ্তনত পাম খেতিয়ে এতিয়া মুখ্য ভূমিকা পালন কৰিছে ।

লগতে পঢ়কঃ সুশান্ত আৰু কুশল থাওৰা সমষ্টিৰ উন্নয়নৰ গাড়ী : ড৹ হিমন্ত বিশ্ব শৰ্মা

এনেবোৰ কাৰণৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ আৰম্ভণিতে চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাই পাম খেতি বন্ধ কৰাৰ লগতে পাম অইলৰ ৰপ্তানিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে । পাম অইলৰ ভাৰতত বিশেষ চাহিদা আছে বুলি উল্লেখ কৰি তেওঁ কয়-' ২০১৯-২০ বৰ্ষত ভাৰতত ৭৫ লাখ কোটি টকাৰ পাম অইল আমদানি কৰা হৈছিল । পাম অইল আমদানি কৰাৰ ক্ষেত্ৰত শীৰ্ষত আছে আদানি গ্ৰুপ । তাৰ পাছতে আছে ইমামি আৰু পতঞ্জলি । চৰকাৰে এই বৃহৎ পুঁজিপতিৰ স্বাৰ্থত ইয়াত পাম অইলৰ খেতি কৰাৰ উদ্যোগ লৈছে । ইয়াৰ বাবে আন্দামানৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক বাচি লৈছে ।

তেওঁ লগতে কয় পাম খেতি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে একেবাৰে নতুন নহয় যদিও আমাৰ অঞ্চলত বিস্তৃত ভাৱে এই খেতি কৰিলে ইয়াৰ দ্বাৰা আমাৰ জলবায়ু আৰু জৈৱ বৈচিত্ৰতাৰ ওপৰত কেনে প্ৰভাৱ পৰিব তাক বিজ্ঞানসন্মতভাৱে নিৰ্ধাৰণ কৰাটো অতি দৰকাৰ । প্ৰস্তাৱিত এই কৃষি কাৰ্যৰ বাবে কেৱল বন ধ্বংস কার্যতেই গুৰুত্ব প্ৰদান নকৰি উত্তৰ-পূৰ্বাঞ্চলত মাটিৰ মালিকীস্বৰ্ত্বকলৈ এক সামাজিক গুৰুত্ব থকাৰ পৰিপ্ৰেক্ষিতত এনেবোৰ আর্থ-সামাজিক বিষয়তো মনোযোগ প্ৰদান কৰাটো প্ৰয়োজনীয় ।

আনহাতে পাম খেতিত যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হোৱাৰ পৰিপ্ৰেক্ষিতত ভূ-পৃষ্ঠৰ পানীৰ পৰিমাণ যথেষ্ঠ পৰিমাণে হ্ৰাস হৈ অঞ্চলটোৰ উদ্ভিদ-প্ৰাণীকুলত বিৰূপ ভাৱে প্ৰভাৱ পেলাব পাৰে । তেনেস্থলত অসমৰ চহকী জৈৱ-বৈচিত্ৰত এই খেতিয়ে যে নেতিবাচক প্ৰভাৱ পেলাব, সেয়া ধুৰূপ। অর্থনৈতিকভাৱে পিছপৰা ৰাজ্যৰ খেতিয়কৰ বাবে অর্থনৈতিক দিশৰ পৰাও এই খেতিমুঠেও সম্ভৱপৰ নহয় । পূৰ্ৱেও ১৯৮০ চনত বৃহৎ সংখ্যক তৈল-খেজুৰৰ খেতিৰ প্ৰস্তাৱ পাৰিস্থিতিক দুৰ্যোগৰ সম্ভাৱনা থকাৰ বাবে নাকচ কৰা হৈছিল । সংবাদমেল যোগে তেওঁ এই বিষয়টোক গুৰুত্ব সহকাৰে লোৱাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনায় ।

লগতে পঢ়কঃ এইবাৰ উৎকোচ বিচাৰি জালত পৰিল লোকনিৰ্মাণৰ কনিষ্ঠ অভিযন্তা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.