ছয়গাঁও, 13 মে' : ছয়গাঁও সমষ্টিৰ উত্তৰ-পশ্চিম অঞ্চলত ধুমুহাৰ তাণ্ডৱ । ঘূৰ্ণীবতাহত বৃহৎ ক্ষতিসাধন অঞ্চলটোত । ধুমুহাই উৰুৱাই নিলে বহুলোকৰ ঘৰ-দুৱাৰ । উভালি পৰিল গছ-গছনি । বহু ঠাইত বাগৰি পৰিল বিদ্যুতৰ খুটা । ধুমুহাত বকোৰ জাওঁকাটাদিয়াত দুজন লোক আঘাতপ্ৰাপ্ত । আঘাতপ্ৰাপ্ত ৰবিউল হুছেইন আৰু জহিৰুল হক । বকোৰ কালাতলী কাথমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ঘূৰ্ণীবতাহত গছ বাগৰি বিদ্যালয়ৰ বহুকেইটা শ্ৰেণীকোঠাৰ ক্ষতি সাধন কৰাৰ ফলত উদ্বিগ্ন হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী।
জনীয়া সমষ্ঠিৰ বিভিন্ন অঞ্চলতো ধুমুহাৰ ফলত বহু ঘৰ-দুৱাৰ তচনচ হৈ পৰাৰ লগতে উভালি পৰে প্ৰকাণ্ড গছ-গছনি। বৰপেটা জিলাৰ কলগাছিয়াত ধুমুহায়ে বিস্তৰ ক্ষতি সাধন কৰে । এই বিধ্বংসী ধুমুহাৰ ফলত কলগাছিয়াৰ শুকুৰ আলী আৰু কদম আলীৰ ঘৰৰ ওপৰত গছ পৰি দুটা ঘৰ চূৰমাৰ হৈ যায় । কোনোমতে প্ৰাণৰক্ষা পৰে পৰিয়ালটোৰ সদস্যৰ । বহু ঠাইত গছ গছনি ভাঙি বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি যোৱাৰ ফলত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা ।
প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে বৃহত্তৰ বাইহাটা চাৰিআলিৰ বিভিন্ন অঞ্চল । হঠাতে অহা বতাহ বৰষুণে ক্ষতি সাধন কৰিলে বৃহত্তৰ অঞ্চলটো। অঞ্চলটোৰ মান্দাকাটা, বেজেৰা, পাইকানা, শুক্তাগুৰি, বৰডেকপাৰ মইনা সুন্দৰীকে ধৰি কেইবাখনো গাঁৱৰ ঘৰ বাৰি উৰুৱাই নিলে প্ৰচণ্ড ধুমুহা জাকে । ধুমুহা ফলত প্ৰকাণ্ড গছ বাগৰি ঘৰ দুৱাৰ ভাঙি ক্ষতি সাধন কৰে । ধুমুহাৰ ফলত গৃহহীন হয় প্ৰায় 30-40 টা পৰিয়াল ।
সোণাপুৰ, ক্ষেত্ৰীৰ বিভিন্ন প্ৰান্ততো ধুমুহাই ব্যাপক ক্ষতি সাধন কৰে । গছ-গছনি ভঙাৰ লগতে ভাঙি থৈ গ'ল বিহুৰ পেণ্ডেল ।