গুৱাহাটী, ১৭ জুলাই : অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশা কৰা ধৰণেই আগবাঢ়িছে 'গৰু' কেন্দ্ৰিক ৰাজনীতি আৰু অৰ্থনীতি । সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে হেজাৰ কোটি টকাৰ লাভজনক চৰকাৰী যোগানৰ ঠিকাৰ । শুকুৰবাৰে বিধানসভাৰ মজিয়াত উত্থাপন কৰা বাৰ্ষিক বাজেটত ঠাই পোৱা বলধ গৰুৰ কৃত্ৰিম শুক্ৰাণু আমদানি কৰাৰ বাবে লোৱা প্ৰস্তাৱলৈ আঙুলিয়াই এই কথা জনাইছে ৰাজ্য চৰকাৰৰ এক বিশেষ সূত্ৰই ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত ইতিমধ্যে প্ৰকাশ কৰিছিল যে তেওঁ ৰাজ্যত বলধ গৰুৰ বিপৰীতে গাইগৰুৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰতি আগ্ৰহী । ইয়াৰে অংশ হিচাপে কালি বিধানসভাৰ মজিয়াত উত্থাপন কৰা বাৰ্ষিক বাজেটত প্ৰথম পৰ্যায়ত ১.২৫ লাখ কৃত্ৰিম শুক্ৰাণু আমদানি কৰাৰ বাবে প্ৰস্তাৱ দাখিল কৰা হয় । দিছপুৰৰ সূত্ৰটোৰ মতে বাজেটত প্ৰস্তাৱ লোৱাৰ আগতেই চৰকাৰৰ হৈ এক ব্যৱসায়িক লবীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এটা বহুজাতিক কোম্পানীৰ লগত কথা বতৰা পাতিছে ।
খবৰ অনুসৰি, ছেক্স-ছৰটেড (।) কৃত্ৰিম শুক্ৰাণু উৎপাদন কৰাৰ ক্ষেত্ৰত ইন্টালেকটুৱেল প্ৰপাৰটি ৰাইটছ ( intellectual property rights) থকা বিশ্বৰ দুটা কোম্পানী হ'ল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ক্ৰমে এই বি এছ গ্লোৱেল আৰু ছেক্সিং টেকনোলজিছ । ইয়াৰে এ বি এছ গ্লোৱেল নামৰ আমেৰিকান কোম্পানীটোৱে ইতিমধ্যে ভাৰতৰ মহাৰাষ্ট্ৰ, কেৰেলা, তামিলনাডু, কৰ্নাটক, উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত কাম কৰি আছে ।
ভাৰতত এই বি এছ গ্লোৱেলে কাম কৰি আছে জেনাছ ব্ৰীডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামে মহাৰাষ্ট্ৰৰ এটা স্থানীয় কোম্পানীৰ লগত। ইতিমধ্যে এ বি এছ -জেনাছ নামে পৰিচিত কোম্পানীটোৰ পৰা মহাৰাষ্ট্ৰ লাইভস্টক ডেভেলপমেন্ট বোৰ্ডে নিয়মিত ভাৱে ক্ৰয় কৰি আছে 'ছেক্স-ছৰটেড আৰ্টিফিচিয়েল ছিমেনছ'।
মুকলি বজাৰত এডাল ছেক্স-ছৰটেড ষ্ট্ৰ'ৰ দাম ১২০০ ৰ পৰা ১৫০০ টকা । কিন্তু তেনে এই আই ষ্ট্ৰ মহাৰাষ্ট্ৰৰ গো-পালকক ৰাজ সাহাযৰ অধীনত যোগান ধৰা হৈছে মাত্ৰ ৮১ টকাত। মনকৰিবলগীয়া যে সাধাৰণ এই আই ষ্ট্ৰ'ৰ দাম মুকলি বজাৰত মাত্ৰ ৪০ টকাহে।
দিছপুৰৰ সূত্ৰটোৰ মতে অসমত ছেক্স ছৰটেড আৰ্টিফিচিয়েল ষ্ট্ৰ যোগান ধৰাৰ দায়িত্ব ভাৰ মাৰ্কিন কোম্পানী এ বি এছ গ্লোৱেলকে দিয়াৰ সম্ভাৱনাই অধিক। এই কোম্পানীটোৰ প্ৰতিনিধিয়ে ইতিমধ্যে দুই লানি বৈঠকত অংশগ্ৰহণ কৰিছে দিছপুৰৰ ঘনিষ্ঠ এক বাৱসায়িক লবীৰ লগত। অৱশ্যে সেউজ সংকেতৰ অপেক্ষাত আছে দুয়োপক্ষ।
ছেক্স-ছৰটেড আৰ্টিফিচিয়েল ছিমেনছ প্ৰস্তুতকৰণ এক জটিল প্ৰক্ৰিয়া । ২০১৩ চনতে কৰ্নালত থকা নেচনেল ডেইৰী ইনষ্টিটিউটত এই কামৰ বাবে প্ৰযুক্তিৰ সংস্থাপন কৰা হৈছিল যদিও চৰকাৰী সংস্থাটোৱে আজিও বাণিজ্যিক অভিযান আৰম্ভ কৰিব পৰা নাই । ফলত এই সমগ্ৰ বাৱসায় আমেৰিকান বহুজাতিক কোম্পানীৰ অধীনত।
সেয়ে অৱধাৰিতভাৱে অসমেও এনে কোম্পানীৰ পৰাই ছেক্স-ছৰটেড এই আই ষ্ট্ৰ কিনিব লাগিব আৰু তাৰ বাবে বাৱসায়িক লবী তৎপৰ হৈ উঠিছে। পশু চিকিৎসা বিজ্ঞানৰ এক সূত্ৰৰ মতে আকৌ এই কৃত্ৰিম প্ৰজনন পদ্ধতিৰ সফলতা মাত্ৰ ৪০% হে । ষ্ট্ৰ' বোৰৰ দাম অত্যাধিক হোৱা আৰু সফলতাৰ হাৰো কম হোৱা বাবে আমাৰ দেশৰ গো-পালকে এই প্ৰযুক্তিক এতিয়াও আদৰি লোৱা নাই ।
পূৰ্বতে ওড়িশা চৰকাৰে লোৱা এনে এক অভিযান বেয়াকৈ বিফল হৈছিল আৰু চৰকাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। বিশিষ্ট সাংবাদিক পি ছাইনাথৰ 'Everybody Loves a Good Drought' নামৰ গ্ৰন্থত এই কথা বিশেষভাৱে উল্লেখ কৰা হৈছে। কিন্তু বিষয়টোক লৈ অসমত বিশেষ সম্পৰীক্ষা নোহোৱাকৈয়ে চৰকাৰে লোৱা সিদ্ধান্তই সচেতন নাগৰিকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
লগতে পঢ়ক: Jeans, T-shirt পৰিধান কৰিব নোৱাৰিব সচিবালয়ৰ কৰ্মচাৰীয়ে