ETV Bharat / state

2022 বৰ্ষৰ সাংবাদিক পেঞ্চন ঘোষণা ৰাজ্য চৰকাৰৰ - 2022 বৰ্ষৰ সাংবাদিক পেঞ্চন ঘোষণা ৰাজ্য চৰকাৰৰ

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ জৰিয়তে প্ৰদান কৰিবলগীয়া সাংবাদিকসকলৰ পেঞ্চনৰ প্ৰক্ৰিয়া 2022 চনৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হ’ব (State government announces journalist pension for 2022) ৷ শনিবাৰে এই পেঞ্চন লাভ কৰিবলগীয়া 20 গৰাকীকৈ সাংবাদিকৰ নাম ঘোষণা কৰে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে ৷

State government announces journalist pension for 2022
2022 বৰ্ষৰ সাংবাদিক পেঞ্চন ঘোষণা ৰাজ্য চৰকাৰৰ
author img

By

Published : Aug 13, 2022, 10:35 PM IST

গুৱাহাটী, 13 আগষ্ট: ৰাজ্যৰ সাংবাদিকসকলৰ বাবে সুখবৰ ৷ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ জৰিয়তে প্ৰদান কৰিবলগীয়া সাংবাদিকসকলৰ পেঞ্চনৰ প্ৰক্ৰিয়া 2022 চনৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হ’ব (State government announces journalist pension for 2022) ৷ শনিবাৰে এই পেঞ্চন লাভ কৰিবলগীয়া 20 গৰাকীকৈ সাংবাদিকৰ নাম ঘোষণা কৰে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে ৷

এই চৰকাৰী সাংবাদিক পেঞ্চন লাভ কৰা সংবাদিকসকল হৈছে ক্ৰমে উৎপল বৰদলৈ (কামৰূপ মহানগৰ), প্ৰদীপ ঘোষ (দৰং), মছলেম উদ্দিন আহমেদ (ধুবুৰী), মাহতাবুৰ ৰহমান (কৰিমগঞ্জ), ৰাতুল বৰা (যোৰহাট), জয়ন্ত কুমাৰ দাস (কামৰূপ মহানগৰ), ইমৰান হুছেইন (ওদালগুৰি), বাচা বৰা (চৰাইদেউ), পদ্ম সিং (কামৰূপ মহানগৰ), গৌৰেন্দু চক্ৰৱৰ্তী (কামৰূপ মহানগৰ), মণি শংকৰ পুৰকায়স্থ (কাৰ্বি আংলং) মদন মোহন অধিকাৰী (কাছাৰ), ৰামলাল সিনহা (কামৰূপ মহানগৰ), বিনয় কুমাৰ শৰ্মা (কামৰূপ মহানগৰ), ৰবীন বৰুৱা (কাৰ্বি আংলং), সমীন্দ্ৰ নাথ (কামৰূপ মহানগৰ), ঈশ্বৰ প্ৰসাদ তামুলী (গোলাঘাট), কুমুদ চন্দ্ৰ ডেকা (নলবাৰী), ললিত চন্দ্ৰ কলিতা (কামৰূপ মহানগৰ) আৰু ৰত্নেশ কুমাৰ (কামৰূপ মহানগৰ)।

উল্লেখ্য যে অসম চৰকাৰে এই আঁচনিখন 1917-18 বৰ্ষতেই আৰম্ভ কৰিছিল ৷ এই আঁচনিৰ অধীনত প্ৰতিবছৰে সাংবাদিকসকলে আবেদন কৰিব লাগে ৷ এই আবেদনৰ জৰিয়তে 20 গৰাকীকৈ সাংবাদিকক আবেদনৰ ভিত্তিত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে এই আঁচনিৰ বাবে বাচনি কৰা হয় ৷

বিগত 5 বছৰত 100 গৰাকী সাংবাদিকে এতিয়ালৈ প্ৰতিমাহে 8,000 টকাকৈ এই পেঞ্চন লাভ কৰি আহিছে ৷ চলিত বৰ্ষত বাঁচনি কৰা এই 20 গৰাকীৰ সংখ্যাৰে ৰাজ্যত চৰকাৰী পেঞ্চন লাভ কৰা সাংবাদিকৰ সংখ্যা 120 জনলৈ বৃদ্ধি পালে ৷

লগতে পঢ়ক: জ্যেষ্ঠ সাংবাদিক ডঃ জেচিম ৰাজাৰ মৃত্যু

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.