ETV Bharat / state

Modi Surname Row: ৰাহুল গান্ধীৰ সমৰ্থনত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ মৌন সত্যাগ্ৰহ

ৰাহুল গান্ধীৰ প্ৰতি গুজৰাট উচ্চ ন্যায়ালয়ে দুবছৰ কাৰাদণ্ডৰ নিম্ন আদালতৰ ৰায়ক বাহাল ৰাখি পক্ষপাতমূলক ৰায় দিয়াৰ অভিযোগৰে কংগ্ৰেছৰ দেশজোৰা মৌন সত্যাগ্ৰহ কাৰ্যসূচী । অসমৰ গুৱাহাটী আৰু শিলচৰত মৌন সত্যাগ্ৰহ । দিছপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা চৌহদত প্ৰদেশ কংগ্ৰেছৰ মুখত ক’লা কাপোৰ বান্ধি বিশাল প্ৰতিবাদ ।

Modi Surname Row
Modi Surname Row
author img

By

Published : Jul 12, 2023, 3:22 PM IST

Updated : Jul 12, 2023, 7:23 PM IST

ৰাহুল গান্ধীৰ সমৰ্থনত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ মৌন সত্যাগ্ৰহ

গুৱাহাটী,১২ জুলাই: সমগ্ৰ দেশৰ লগতে অসমতো বুধবাৰে কংগ্ৰেছ দলে পালন কৰিছে মৌন সত্যাগ্ৰহ কাৰ্যসূচী । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ক্ষেত্রত গুজৰাট উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ ৰায়ক বাহাল ৰখা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছ দলে । যাৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি দিনজোৰা কাৰ্যসূচীৰে এই মৌন সত্যাগ্ৰহ পালন কৰিছে ।

গুৱাহাটীৰ লগতে শিলচৰত কেন্দ্ৰীয়ভাৱে মৌন সত্যাগ্ৰহ পালন কৰা হৈছে । কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ প্ৰতি গুজৰাট উচ্চ ন্যায়ালয়ে দুবছৰ কাৰাদণ্ডৰ নিম্ন আদালতৰ ৰায়ক বাহাল ৰাখি পক্ষপাতমূলক ৰায় দিয়াৰ অভিযোগৰে ইয়াৰ বিৰোধীতাৰে কংগ্ৰেছ দলে মৌন সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰিছে । গুৱাহাটীত প্ৰদেশ কংগ্ৰেছে দিছপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা চৌহদত মৌন সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰিছে ।

ইফালে বৰাক উপত্যকাৰ তিনিওখন জিলাৰ সৌজন্যত শিলচৰত জিলা কংগ্ৰেছৰ কাৰ্যালয় চৌহদত কেন্দ্ৰীয়ভাৱে উক্ত কাৰ্যসূচী ৰূপায়ন কৰা হৈছে । এই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই অংশ গ্ৰহণ কৰিছে ।

উল্লেখ্য যে শেহতীয়াকৈ ৰাহুল গান্ধীৰ ক্ষেত্রত গুজৰাট উচ্চ ন্যায়ালয়ে বাহাল ৰাখিলে ছেচন কোৰ্টৰ ৰায় । সেই অনুসৰি সাংসদ পদ ঘূৰাই নাপায় ৰাহুল গান্ধীয়ে । তেওঁৰ ওপৰত চলি থাকিব মানহানিৰ গোচৰ । 'মোদী উপাধি' সন্দৰ্ভত কৰা মন্তব্যৰ বাবে দোষী সাব্যস্ত হৈছিল ৰাহুল গান্ধী । সেই আদেশত স্থগিতাদেশ বিচাৰি কৰা আবেদন দাখিল কৰিছিল ৰাহুল গান্ধীয়ে । কিন্তু শুকুৰবাৰে এই আবেদন খাৰিজ কৰে উচ্চ ন্যায়ালয়ে । ৰাহুল গান্ধীৰ দুবছৰীয়া শাস্তি বাহাল থাকিব ।

ৰাহুল গান্ধীক চুৰাট আদালতে ২ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল । ইয়াৰ পাচত ৰাহুল গান্ধীৰ সাংসদৰ পদ বাতিল কৰা হৈছিল । লগতে তেওঁ তেওঁৰ চৰকাৰী আৱাসো খালী কৰিব লগা হৈছিল । সাংসদ পদ ঘূৰাই নোপোৱাৰ বাবে ৰাহুল গান্ধীয়ে ২০২৪ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব । গুজৰাট উচ্চ ন্যায়ালয়ৰ এই ৰায়ক লৈ অসন্তুষ্ট কংগ্ৰেছ দলে আজি ক্ষোভৰ বহিঃপ্ৰকাশ হিচাবে দেশজোৰি মৌন সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰিছে ।

গুৱাহাটীত আয়োজন কৰা মৌন সত্যাগ্ৰহত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিদ্বয় জাকিৰ হুছেইন শিকদাৰ আৰু ৰাণা গোস্বামী, বিধায়ক ৰকিবুল হুছেইন, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ উপৰি কেইবাগৰাকী বিধায়কৰ লগতে প্ৰদেশ কংগ্ৰেছৰ বহু সংখ্যক নেতা আৰু কৰ্মীয়ে অংশ গ্ৰহণ কৰিছে ।

সকলোৱে মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে । মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি সন্মুখত লৈ প্ৰতিবাদকাৰীসকলে ৰাহুল গান্ধীৰ ক্ষেত্রত হোৱা অন্যায়ৰ প্ৰতিবাদ জনায় । মৌন সত্যাগ্ৰহ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে বহুতৰ বিৰুদ্ধে বহু মানহানিৰ গোচৰ চলি আছে । কিন্তু ভাৰতৰ ইতিহাসত এটা মানহানি গোচৰত প্ৰথমবাৰৰ বাবে দুইবছৰৰ জে’লৰ শাস্তি ৰাহুল গান্ধীক দিয়া হৈছে ।

বিজেপি চৰকাৰে জেলৰ ভয় দেখুৱালে ৰাহুল গান্ধীৰ সাহস কমি যাব বুলি যদি ভাবিছে তেন্তে ভুল কৰিছে । প্ৰধানমন্ত্রী আৰু আদানীৰ গোপন সম্পৰ্ক অনাগত দিনত আৰু ফাদিল কৰা হ'ব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে সত্য উন্মোচন কৰাৰ ক্ষেত্রত কংগ্ৰেছ দলে কেতিয়াও ভয় নাখায় । আনহাতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে জনতাৰ পক্ষত থকা ৰাহুল গান্ধীক বিজেপি চৰকাৰে কৰা অন্যায় অবিচাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

লগতে পঢ়ক: Bangal Minister Slams Assam CM : নিৰ্বাচনী হিংসাত পীড়িতক অসমত আশ্ৰয়; মুখ্যমন্ত্ৰীক উভতি ধৰিলে বংগৰ মন্ত্ৰীয়ে

Last Updated : Jul 12, 2023, 7:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.