ETV Bharat / state

ৰাজ্যিক কেবিনেটত লোৱা হ’ল কেইবাটাও সিদ্ধান্ত

author img

By

Published : Jul 28, 2021, 9:32 PM IST

বিজেপি (BJP) নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ একাদশখন কেবিনেট (Cabinet) বৈঠকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে ৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika)ই ।

cabinet decision
কেবিনেটৰ সিদ্ধান্ত

গুৱাহাটী, 28 জুলাই : বুধবাৰে অনুষ্ঠিত হয় বিজেপি (BJP) নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ একাদশখন কেবিনেট (Cabinet) বৈঠক । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika) । মন্ত্ৰী হাজৰিকাৰ সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah) ।

  • Pressmeet from Janata Bhawan regarding today's cabinet decisions.

    Watch it in the link below.https://t.co/GKvrzwJIro

    — Jayanta Malla Baruah (@jayanta_malla) July 28, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, অসম আৰক্ষী (Assam Police) বিভাগটোক সুদৃঢ় কৰাৰ ক্ষেত্ৰত ‘পুলিচ কমিচন’ (Police Commission) গঠন কৰাৰ বাবে অনুমোদন জনোৱা হয় । অসম আৰক্ষীৰ নতুন ‘পুলিচ কমিচন’ৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছে অৱসৰপ্ৰাপ্ত আই এ এছ (IAS) বিষয়া হিমাংশু শেখৰ দাস আৰু অৱসৰপ্ৰাপ্ত আই পি এছ (IPS) বিষয়া পি ভি সুমন্তক ৷

দুয়োগৰাকীকে তিনিমাহৰ বাবে দায়িত্ব দিয়া হৈছে । তিনি মাহৰ ভিতৰত তেওঁলোকে গ্ৰহণ কৰা সিদ্ধান্তসমূহ অৱগত কৰিব । দুয়োগৰাকী বিষয়াক মুখ্য সচিব পৰ্যায়ৰ মৰ্যদা প্ৰদান কৰিছে কেবিনেটে ।

লগতে পঢ়ক : ৰাজ্যজুৰি প্ৰথমবাৰৰ বাবে দেশভক্তি দিৱস পালন

আনহাতে, এবছৰৰ ভিতৰত 1 লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ ক্ষেত্ৰত প্ৰথমটো পদক্ষেপ লোৱা হৈছে । 1 ছেপ্তেম্বৰৰ পৰা অসম আৰক্ষীত খালী হৈ থকা 15 হাজাৰ পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব । তদুপৰি 5 টা নতুন বেটালিয়ন গঠন কৰা হ’ব য’ত 6,270 গৰাকী যুৱক-যুৱতীয়ে চাকৰি লাভ কৰিব পাৰিব । কেবিনেটৰ সিদ্ধান্ত অনুসৰি পাছপ'ৰ্ট (Passport) বিভাগক গৃহ বিভাগ (Home Department)ৰ সৈতে সংলগ্ন কৰা হৈছে ।

প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী (Printing and Stationery) বিভাগক জনসংযোগ বিভাগ (Communication Department)ৰ সৈতে চামিলকৰণ কৰি ‘Information, Public Relation, Printing and Stationery’ বিভাগ হিচাপে নামাকৰণ কৰা হৈছে । সেইদৰে পাব্লিক এণ্টাৰপ্ৰাইজ (Public Enterprise) বিভাগক উদ্যোগ আৰু বাণিজ্য বিভাগ (Industry and Commerce) বিভাগৰ লগত চামিলকৰণ কৰা হৈছে । সেইদৰে শংকৰদেৱ নেত্ৰালয়ে (Sankardev Netralaya) চৰকাৰক মাটিৰ বাবদ দিবলগীয়া প্ৰিমিয়াম (Premium) মাফ কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।

ইয়াৰোপৰি, ক্ৰীড়া ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে । ক্ৰীড়া পেঞ্চনৰ ক্ষেত্ৰত পূৰ্বৰ 8,000 টকাৰ পৰিৱৰ্তে 10,000 টকালৈ বৃদ্ধি কৰা হৈছে । আনহাতে, এতিয়ালৈকে কমনৱেলথ, এছিয়া তথা ৰাষ্ট্ৰীয় খেলত পদক লাভ কৰাসকলে লাভ কৰিব ক্ৰীড়া পেঞ্চন । অভিৰুচি ক্ৰীড়া দিৱসৰ দিনাই এই পেঞ্চন প্ৰদান কৰা হ’ব ।

তদুপৰি কমনৱেলথ, এছিয়ান আৰু অলিম্পিকত পদক লাভ কৰাসকলক Grade-1 ত চাকৰি, স্বীকৃতিপ্ৰাপ্ত ৱৰ্ল্ড চেম্পিয়নশ্বীপত পদত বিজয়ীসকলক Grade-2 ত চাকৰি আৰু ৰাষ্ট্ৰীয় খেলত পদক বিজয়ী খেলুৱৈক Grade-3 ত চাকৰি প্ৰদান কৰা হ’ব । নতুনকৈ গঠন হোৱা মৰাণ, মটক, কমতাপুৰ আৰু বড়ো-কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ বিষয়-ববীয়াসকলে বৰ্তমানৰ পৰিষদৰ দৰেই দৰমহা লাভ কৰিব । কেবিনেটৰ সিদ্ধান্তমৰ্মে নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক পি এল এন ৰাজুক বিশেষ সচিবৰূপে ৰিজনেল স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হ’ব ।

লগতে পঢ়ক : অসমৰ মুখ্যমন্ত্ৰী ঘৰগুণা: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.