ETV Bharat / state

FIR at Dispur PS by BJP: সামজিক মাধ্যমত অপপ্ৰচাৰ: দিছপুৰ থানাত ৰাজ্যিক বিজেপিৰ এজাহাৰ - ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু

অজ্ঞাত দুষ্টচক্ৰৰ দ্বাৰা অডিঅ’ আৰু ভিডিঅ’ বিকৃত কৰি সামাজিক মাধ্যমযোগে এটা বিশেষ জনগোষ্ঠীৰ অনুভূতিক আঘাত সনাৰ অভিযোগ বিজেপিৰ । আৰক্ষীক তেনে অপশক্তিৰ বিৰুদ্ধে তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী (State BJP FIR at Dispur police station)।

সামজিক মাধ্যমত অপপ্ৰচাৰ : দিছপুৰ থানাত ৰাজ্যিক বিজেপিৰ এজাহাৰ

author img

By

Published : Jul 30, 2022, 4:48 PM IST

গুৱাহাটী, ৩০ জুলাই : সামাজিক মাধ্যমত দুষ্ট চক্ৰই ভুৱা প্ৰচাৰ চলোৱা সন্দৰ্ভত শনিবাৰে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁইৰ নেতৃত্বত এটা সজাতি দলে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে (State BJP FIR at Dispur police station)। উল্লেখ্য যে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু সম্পৰ্কত কংগ্ৰেছ দলৰ নেতাই কৰা অশালীন মন্তব্যৰ প্ৰতিবাদত শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হৈছিল ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত ‘‘আহোম জাতি’’ মুৰ্দাবাদ বুলি শ্ল'গান দিয়াৰ এটা ভিভিঅ’ ভাইৰেল হোৱাত (Social media propaganda) ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে এই কাৰ্য কোনো দুষ্ট চক্ৰই কৰা বুলি ৰাজ্যিক বিজেপিয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে ।

এই সন্দৰ্ভত দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁয়ে কয় যে, অজ্ঞাত দুষ্টচক্ৰৰ দ্বাৰা অডিঅ’ আৰু ভিডিঅ’ বিকৃত কৰি সামাজিক মাধ্যম তথা অন্যান্য বিভিন্ন মাধ্যমযোগে প্ৰচাৰ কৰি বিশেষ জনগোষ্ঠীৰ অনুভূতিক আঘাত সনাৰ লগতে সামাজিক বিশৃংখলতা সৃষ্টি কৰাৰ অপচেষ্টা চলোৱা হৈছে ।

লগতে পঢ়ক : Bhabesh Kalita on Jihadi: মুছলমান যুৱ-সমাজে ভাৰতবৰ্ষক নিজৰ মাতৃভূমি বুলি ভৱাৰ আহ্বান ভৱেশ কলিতাৰ

২৯ জুলাইত বিজেপিৰ ৰাজ্যিক অনুসূচীত জনজাতি মৰ্চা, মহিলা মৰ্চা আৰু চাহ জনগোষ্ঠী মৰ্চাৰ দ্বাৰা কংগ্ৰেছৰ লোকসভাৰ বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল । উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ বিভিন্ন ভিডিঅ’ আৰু অডিঅ’ আদি সংবাদ মাধ্যমে সম্প্ৰচাৰ কৰিছিল ।

তেনে এটি ভিডিঅ’ সংবাদ মাধ্যমৰ পৰা ডাউনলোড কৰি বিকৃত অডিঅ’ সংযোজিত কৰি অজ্ঞাত দুষ্টচক্ৰই সামাজিক মাধ্যম আৰু অন্যান্য মাধ্যমৰ জৰিয়তে প্ৰচাৰিত কৰা পৰিলক্ষিত হৈছে । উক্ত অডিঅ’টোত অসমৰ এক বিশেষ জনগোষ্ঠীৰ অনুভূতিক আঘাত সনাৰ জৰিয়তে ৰাজ্যখনৰ সমাজ জীৱনত বিশৃংখলতাৰ সৃষ্টি কৰাৰ অপচেষ্টা কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে ।

লগতে ইয়াৰ দ্বাৰা বিজেপিৰ আদৰ্শক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । লগতে তেওঁ আৰু কয় যে, এই কাৰ্যৰ জৰিয়তে দুষ্টচক্ৰই তথ্য প্ৰযুক্তি আইন সম্পূৰ্ণৰূপে ভংগ কৰিছে । সেয়েহে শনিবাৰে অডিঅ' বিকৃত কৰা দুষ্ট চক্ৰটোক চিনাক্ত কৰাৰ বাবে দলৰ তৰফৰ পৰা এজাহাৰ দিয়া হৈছে ।

আৰক্ষীক তেনে অপশক্তিৰ বিৰুদ্ধে তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে বুলি উল্লেখ কৰে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁয়ে ৷

লগতে পঢ়ক : Budha Amarnath Yatra: অমৰনাথ যাত্ৰাৰ প্ৰথমটো দল উপস্থিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.