গুৱাহাটী, 13 মাৰ্চঃ অৰ্থৰ অভাৱত বিভিন্ন সময়ত বহু প্ৰতিভা হেৰাই যায় পাহৰণীৰ গৰ্ভত । বহু প্ৰতিভাবান খেলুৱৈৰ ভৱিষ্যত থমকি ৰয় উপযুক্ত প্ৰশিক্ষণৰ অভাৱত । অৰ্থৰ অভাৱত অতি নিম্নমানৰ অৰ্থ ব্যয় হোৱা খেলৰ লগত জড়িত বহু খেলুৱৈ আধাতে নিজৰ খেলুৱৈ জীৱন সামৰিব লগা হোৱাৰ বহু উদাহৰণ আছে। কিন্তু যদি খেল এখনত ভৱিষ্যত গঢ়িবলৈ বৃহৎ অৰ্থৰ প্ৰয়োজন হ'লে কেনেকৈ আগুৱাই যাব খেলুৱৈ গৰাকী ? স্নু'কাৰ, এক অত্যাধিক খৰচি খেল। স্নু'কাৰ খেলুৱৈ হিচাপে জীৱনত আগুৱাই যোৱাটোও এক বৃহৎ সপোন। মহানগৰীৰ ভঙাগড়ৰ নিবাসী ডঃ অস্বীন কুমাৰ মহন্ত আৰু ববিতা মহন্তৰ পুত্ৰ অভিনৱ মহন্তই দেখিছে অসমৰ পৰা এগৰাকী স্নু'কাৰ খেলুৱৈ হিচাপে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ। সপোনক দিঠকত পৰিণতি কৰিবলৈ ইতিমধ্যে অশেষ কষ্টৰে যাত্ৰা অব্যহত ৰাখিছে অভিনৱে। বহু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতা অংশগ্ৰহণ কৰা লগতে ২০১৯ চনত ৰাছিয়াত ১৬ বছৰ অনুৰ্ধ বিশ্ব স্নু'কাৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল অভিনৱ মহন্তই। ভাৰতক স্নু'কাৰ খেলত প্ৰতিনিধিত্ব কৰাৰ অসমৰ এইগৰাকী সন্তানক এতিয়া উন্নত প্ৰশিক্ষণৰ বাবে প্ৰয়োজন এছ'পনচাৰ। শুকুৰবাৰে অভিনৱৰ পিতৃয়ে অভিনৱ এখন প্ৰফাইল মুকলি কৰি অভিৱনক এছ'পনচাৰ কৰাৰ আহ্বান জনাইছে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে অসম চৰকাৰক ।
বৰ্তমান দশম শ্ৰেণীৰ অধ্যয়ন কৰি থকা অভিৱনক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সহায় সহযোগ প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছিল যদিও বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় সহযোগ লাভ কৰিবলৈ সক্ষম হোৱা নাই অভিনৱে । এতিয়া সকলোৰে এটাই প্ৰশ্ন অৰ্থৰ অভাৱত হেৰাই যাব নেকি অসমৰ প্ৰথমগৰাকী স্নু'কাৰ খেলুৱৈৰ প্ৰতিভা!
আৰু পঢ়কঃ গগৈ-আজমলক লগত লৈ মনোনয়ন দাখিল কৰিলে অজিত কুমাৰ ভূঞাই