গুৱাহাটী, ২৮ অক্টোবৰঃ ৰবীন বৰ । এই নামটো এতিয়া কেৱল অসমতে নহয়, সমগ্ৰ দেশজুৰি পৰিচিত । নিজৰ ব্যতিক্ৰমী চিত্ৰ শৈলী আৰু ছবিৰ বাবে এইগৰাকী অসমৰ শিল্পী এতিয়া দেশজুৰি সমাদৃত । একেলগে হাত-ভৰি উভয়ৰে কেনভাচত তুলিকা বুলাই মাত্ৰ কেইচেকেণ্ডমানৰ ভিতৰতে অপূৰ্ব চিত্ৰ অংকন কৰা ৰবীন বৰক ইতিমধ্যে স্বীকৃতি দিয়া হৈছে ভাৰতবৰ্ষৰ একমাত্ৰ স্পীড পেইন্টাৰ কিম্বা দ্ৰুত চিত্ৰ শিল্পী হিচাপে ।
যিগৰাকী চিত্ৰ শিল্পীৰ ছবি অকাৰ অদ্ভুত কলা দেখি চকু থৰ হৈ গৈছিল বলিউডৰ বহু ৰথী-মহাৰথীৰ । শ্বাহৰুখ খান, অনিল কাপুৰ, আমিৰ খান, নৱোজিৎ সিং সিদ্ধু, অনু মালিক, প্ৰিয়ংকা চোপ্ৰা...... সকলোৰে বাবে সঁচাকৈয়ে এজন বিস্ময়কৰ চিত্ৰ শিল্পী এই ৰবীন বৰ ।
এইগৰাকী বিখ্যাত শিল্পী এইবাৰ ওলাই আহিছে জনতাৰ মাজলৈ । ETV Bharat এ সমগ্ৰ দেশজুৰি পলিথিন ব্যৱহাৰৰ বিৰুদ্ধে আৰম্ভ কৰা সজাগতামূলক অভিযানৰ অংশীদাৰ হৈছে ৰবীন বৰ । সোমবাৰে দীপাৱলীৰ দিনটোত গুৱাহাটীৰ বজাৰে বজাৰে ঘূৰিলে ৰবীন বৰ । ব্যৱসায়ী- গ্ৰাহক উভয়কে পলিথিন ব্যৱহাৰৰ বিৰুদ্ধে সজাগ কৰাৰ চেষ্টা চলালে এইগৰাকী ভাৰত বিখ্যাত ফাষ্ট পেইন্টাৰে । এই পদক্ষেপৰ বাবে ETV Bharat ক ধন্যবাদ জনালে শিল্পী ৰবীন বৰে ।