ETV Bharat / state

প্ৰতাৰকৰ ৰূপত এন জি অ’

author img

By

Published : Jul 9, 2021, 9:22 AM IST

ৰাজ্যৰ দিব্যাংগ সকলক কাৰিকৰী শিক্ষা প্ৰদানৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৷ 2019 বৰ্ষত দৰঙত অসম স্কিল ডেৱলপমেণ্টৰ অধীনত উক্ত প্ৰতিষ্ঠানটোৱে প্ৰশিক্ষণৰ ব্যবস্থা কৰা একাংশ দিব্যাংগ প্ৰশিক্ষাৰ্থীযে আজিলৈ বছৰীয়া পৰিতোসিকৰ লগতে সংস্থাপনৰ ব্যৱস্থা কৰি নিদিয়াত ক্ষোভ প্ৰকাশ কৰে দিব্যঙ্গ প্ৰশিক্ষাৰ্থী সকলে।

as_01_vsl_ghy_bonda handicap strike_AS10028
প্ৰতাৰকৰ ৰূপত এন জি অ’

গুৱাহাটী, 8 জুলাই : মহানগৰী নাৰেংগীৰ বোন্দাস্থিত তাৰাবতি ডেভেলপমেণ্ট ফাউণ্ডেচন (Tarabati Development Foundation) নামৰ বেচৰকাৰী সংস্থাটোৱে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ (Social Welfare Department, Assam Govt)ৰ বেনাৰ লগাই ৰাজ্যৰ দিব্যাংগ সকলক কাৰিকৰী শিক্ষা প্ৰদানৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বৃহস্পতিবাৰে প্ৰতিষ্ঠানটোৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম ৰাজ্যিক দিব্যাংগ মঞ্চৰ নেতৃবৃন্দই । উক্ত প্ৰতিষ্ঠানখনত কাৰিকৰী প্ৰশিক্ষণ লোৱাৰ পিছতো প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত একাংশ দিব্যাংগ প্ৰশিক্ষাৰ্থীক লগত লৈ দিব্যাংগ মঞ্চৰ সভাপতি নৱজিত বৰ্মন আৰু সম্পাদক চেমিম আহমেদৰ নেতৃত্বত অহা এটা দলে প্ৰতিষ্ঠানটোত প্ৰৱেশ কৰাৰ লগে লগে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।

specially-abled-person-protest
প্ৰতাৰকৰ ৰূপত NGO

2019 বৰ্ষত দৰঙত অসম স্কিল ডেৱলপমেণ্টৰ (Assam Skill Development) অধীনত উক্ত প্ৰতিষ্ঠানটোৱে প্ৰশিক্ষণৰ ব্যবস্থা কৰা একাংশ দিব্যংগ প্ৰশিক্ষাৰ্থীযে আজিলৈ বছৰীয়া পৰিতোসিকৰ লগতে সংস্থাপনৰ ব্যৱস্থা কৰি নিদিয়াত ক্ষোভ প্ৰকাশ কৰে দিব্যংগ প্ৰশিক্ষাৰ্থী সকলে । তেওঁলোকে প্ৰাপ্য অধিকাৰৰ দাবী তুলি বিভিন্ন প্ৰশ্নবানেৰে থকা সৰকা কৰে প্ৰতিষ্ঠান টোৰ স্বত্বাধিকাৰী এন্দ্ৰি ফানচু নামৰ লোকজনক । ইয়াকে লৈ দুই পক্ষৰ মাজত সৃষ্টি হয় তুমুল বাক বিতাণ্ডৰ । ইফালে ঘটনাৰ কিছু সময়ৰ পিছতে ঘটনাস্থলীত নুনমাটি আৰক্ষী আৰু পানীখাইতি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

প্ৰতাৰকৰ ৰূপত NGO
প্ৰতাৰকৰ ৰূপত NGO

আনহাতে আৰক্ষীয়ে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী এন্দ্ৰি (Endree) ফানচুক সোধ-পোচৰ বাবে পানীখাইটি থানালৈ লৈ যোৱা হয় ।

উল্লেখ্য যে তাৰাবতি ডেভেলপমেণ্ট ফাউণ্ডেচন (Tarabati Development Foundation) নামৰ প্ৰতিষ্ঠানটোৱে প্ৰতিবন্ধী আইন 2016 ভংগ কৰি নীতিবৰ্হিভূত ভাৱে কাৰিকৰী প্ৰশিক্ষণৰ কেন্দ্ৰটো চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । তাৰোপৰি প্ৰতিষ্ঠান খনত দিব্যংগ সকলৰ বাবে যাতায়তৰ ৰেম্প অথবা অন্য কোনো সুচল ব্যৱস্থা থকাৰ পৰিবৰ্তে এক বিপদসংকুল যাতায়তৰ বাবে অসুবিধাৰ সন্মূখীন হ’বলগীয়া হৈছিল প্ৰতিবন্ধী শিক্ষাৰ্থী সকল ।

specially-abled-person-protest
প্ৰতাৰকৰ ৰূপত NGO

কিছুদিন পূৰ্বে প্ৰশিক্ষণৰ নামত প্ৰতিষ্ঠানটোৱে চলাই অহা এনে অনিয়ম ধৰা পেলাই অসম চৰকাৰৰ প্ৰতিবন্দী সকলৰ বাবে নিযুক্ত আয়ুক্ত দেৱেশ্বৰ বৰা আৰু প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সম্পাদক নিপেন মালাকৰক । প্ৰতিষ্ঠান খনে দীৰ্ঘদিনৰ পৰা চলাই অহা বহু অনিয়ম ধৰা পেলোৱাৰ পাছত প্ৰতিবন্ধীসকলৰ আয়ুক্তগৰাকীয়ে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে জাননীও প্ৰেৰণ কৰিছে । তাৰ পাছতো সংশ্লিষ্ট কৰ্তৃপক্ষৰ নীতি নিৰ্দেশনাক একপ্ৰকাৰ বুঢ়া আঙুলি প্ৰদৰ্শন কৰা প্ৰতিষ্ঠানটোৰ মুৰব্বীজনৰ এনে মৈমতালীৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে দিব্যাংগ সমাজ ।

লগতে পঢ়ক:মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত জ্বলিল অধ্যক্ষাৰ প্ৰতিকৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.