ETV Bharat / state

প্লাষ্টিক: মানৱ সমাজৰ অভিশাপ

আজি Plastic bag Free day ৷ সাম্প্ৰতিক সময়ত পৰিৱেশৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে প্লাষ্টিকে ৷ দুখৰ বিষয় এয়ে যে প্লাষ্টিকৰ পৰা হোৱা প্ৰদূষণ মানৱসৃষ্ট ৷ Plastic bag Free day উপলক্ষে ইটিভি ভাৰতে প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন-

author img

By

Published : Jul 3, 2020, 10:50 PM IST

Special plastic package in the ocassion of Plastic bag Free day assam etv bharat news
মানৱ সমাজৰ অভিশাপ প্লাষ্টিক

নিউজ ডেস্ক,3 জুলাই: আজি Plastic bag Free day ৷ দৈনন্দিন জীৱনৰ লগত যাৰ আছে ওতঃপ্ৰোত সম্পৰ্ক,সেয়া হৈছে প্লাষ্টিক ৷ সাম্প্ৰতিক সময়ত পৰিৱেশৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে প্লাষ্টিকে ৷ দুখৰ বিষয় এয়ে যে প্লাষ্টিকৰ পৰা হোৱা প্ৰদূষণ মানৱসৃষ্ট ৷ প্ৰতিদিনে প্ৰায় 500 বিলিয়ন প্লাষ্টিক বেগ সমগ্ৰ বিশ্বত ব্যৱহাৰ হয় ৷ ইয়ে মানৱৰ স্বাস্থ্যৰ লগতে বন্যপ্ৰাণীৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায় ৷ বিশেষভাৱে সাগৰীয় পৰিস্থিতি তন্দ্ৰৰ ওপৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে প্লাষ্টিকে ৷ প্ৰায় 31 টা সামুদ্ৰিক স্তন্যপায়ী প্ৰজাতি প্লাষ্টিকৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে যদিও অতি কমেও 100 টা সামুদ্ৰিক জৈৱ প্ৰজাতিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে ৷

পৌৰ নিগমৰ অধীনষ্ঠ আৱৰ্জনা সংগ্ৰহ কেন্দ্ৰত প্ৰতিবছৰে প্লাষ্টিকজাতীয় সামগ্ৰীৰ আৱৰ্জনাৰ মাত্ৰা বৃদ্ধি পাইছে ৷ 1950 চনৰ পৰা 2015 চনলৈকে এই পৰিমাণ বৃদ্ধি পাই 1.8 মিলিয়ন টনৰ পৰা 7.5 বিলিয়ন টন ৷ অসমৰ এটা বেচৰকাৰী সংস্থা এনভাইৰনৰ তথ্য অনুসৰি 2018 বৰ্ষত প্লাষ্টিকৰ পৰা 13,505 টন আৱৰ্জনাৰ সৃষ্টি হৈছিল ৷ দৈনন্দিন হিচাপত ইয়াৰ পৰিমাণ আছিল 2.99 লাখ কিল’গ্ৰাম ৷ 2018 চনত সংস্থাটোৱে চলোৱা এক সমীক্ষাত ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত এবছৰৰ ভিতৰত প্ৰতি দিনে 37,000 কিল’গ্ৰাম প্লাষ্টিক আৱৰ্জনা উৎপন্ন হোৱাৰ তথ্য পোৱা গৈছে ৷

মানৱ সমাজৰ অভিশাপ প্লাষ্টিক

ইতিমধ্যে অসম চৰকাৰে গুৱাহাটীস্থিত ৰাজ্যিক সচিবালয়ৰ লগতে জনতা ভৱনৰ চৌহদত একক ব্যৱহৃত প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷ ৰাজ্য চৰকাৰৰ বৈঠক,সন্মিলন আদিত একক ব্যৱহৃত প্লাষ্টিকৰ বিপৰীতে বিভিন্ন ধাতু, কাঁচ,বাঁহ নতুবা অন্য পৰিৱেশ উপযোগী সামগ্ৰীৰে নিৰ্মিত পানীৰ বটল আদি ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

লগতে চাওকঃ প্ৰশাসনৰ নিৰ্দেশত বন্ধ স্বস্তি হাস্পতালৰ বহিঃৰ্বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.