ETV Bharat / state

দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ ৰোড মেপ তৈয়াৰ - দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ ৰোড মেপ তৈয়াৰ

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিশেষ ৰোড মেপ তৈয়াৰ । বানপানী,গৰাখহনীয়াৰ লগতে অন্যান্য দুৰ্যোগৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নিৰ্মাণ কৰিছে বিশেষ ৰোড মেপখন । ইউনিচেফ আৰু অক্সফ্লেম ইণ্ডিয়াৰ লগত আলোচনাত মিলিত হৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনায়ে নিৰ্মাণ কৰে ৰোড মেপখন ।

special map created by assam state diaster management authority for emergency condition guwahati kamrup metro assam etv bharat news
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিশেষ ৰোড মেপ তৈয়াৰ
author img

By

Published : Mar 13, 2020, 9:37 PM IST

Updated : Mar 13, 2020, 11:25 PM IST

গুৱাহাটী,13 মাৰ্চঃ প্ৰতিবছৰে ৰাজ্যত বানপানীয়ে কালৰূপ ধাৰণ কৰি ধন-জনৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে । বানপানীৰ কবলত পৰি বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ বিপৰীতে ক্ষতিসাধন হয় কেইবালক্ষাধিক মূল্যৰ সা-সম্পত্তি । প্ৰতিবছৰে অসমে মুখামুখি হৈ অহা প্ৰকৃতিৰ এই বিপৰ্যয়ৰ পৰা ক্ষতিসাধনৰ পৰিমাণ ৰোধ কৰিবলৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ইউনিচেফ আৰু অক্সফ্লেম ইণ্ডিয়াৰ লগত এক আলোচনাত মিলিত হয় ।

special map created by assam state diaster management authority for emergency condition guwahati kamrup metro assam etv bharat news
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিশেষ ৰোড মেপ তৈয়াৰ

আলোচনাখনত বানপানী,গৰাখহনীয়াৰ লগতে অন্যান্য দুৰ্যোগৰ সময়ত ক্ষতিৰ পৰিমাণ কিদৰে হ্ৰাস কৰিব পাৰি তাকে লৈ এক বিশেষ ৰোড মেপ তৈয়াৰ কৰা হয় । আগন্তক দহ বছৰ পৰ্যন্ত এই ৰোড মেপৰ ভিত্তিত কাম কৰি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বিভিন্ন দুৰ্যোগৰ সময়ত ক্ষতিৰ পৰিমাণ হ্ৰাস কৰাৰ গুৰুত্ব প্ৰদান কৰিব । এজাক বৰষুণতে জলমগ্ন হৈ পৰা গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধৰ ওপৰতো বিশেষ আলোচনা হয় কৰ্মশালাখনত ।

বিশেষ ৰোড মেপ তৈয়াৰ

দুদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ কৰ্মশালাখনত ৰাজ্য চৰকাৰৰ পাঁচটাকৈ বিভাগে অংশগ্ৰহণ কৰে । শুকুৰবাৰে কৰ্মশালাৰ অন্তিম দিনৰ অনুষ্ঠানত উপস্থিত থাকে চৰকাৰৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়াৰ লগতে ৰাজহ আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন ।

লগতে চাওকঃকৰ’ণা ভাইৰাছ সম্পৰ্কত নলবাৰীত উপায়ুক্তৰ সতৰ্কীকৰণ সভা

Last Updated : Mar 13, 2020, 11:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.