ETV Bharat / state

Lok Adalat in Guwahati: কামৰূপ মহানগৰ জিলাত বিশেষ লোক আদালত

author img

By

Published : Feb 11, 2022, 9:31 PM IST

কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই অনুষ্ঠিত কৰিলে বিশেষ লোক আদালত (Special Lok Adalat in Kamrup Metro)। আদালতত মুঠ ৩৪ টা অভিযোগ মীমাংসাৰ পদক্ষেপ গ্ৰহণ কৰা হয়। ইয়াৰে দুটা অভিযোগ ঠাইতে নিস্পত্তি কৰে ৷

Special court by Kamrup DC
কামৰূপ মহানগৰ জিলাত বিশেষ লোক আদালত

গুৱাহাটী, 11 ফেব্ৰুৱাৰী: কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ৰাজহ আৰু ভূমি সংক্ৰান্তীয় বিষয়বোৰৰ ক্ষীপ্ৰ নিস্পত্তিৰ বাবে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই শুকুৰবাৰে মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰাজহ চক্ৰ বিষয়া-বৰ্গৰ উপস্থিতিত অনুষ্ঠিত কৰে এক বিশেষ লোক আদালত (Special Lok Adalat in Kamrup Metro)। এই বিশেষ লোক আদালতত মুঠ ৩৪ টা অভিযোগ মীমাংসাৰ পদক্ষেপ গ্ৰহণ কৰা হয় । ইয়াৰে দুটা অভিযোগ ঠাইতে নিস্পত্তি কৰাৰ বিপৰীতে আন কেবাটাও অভিযোগ অহা ৭ দিনৰ ভিতৰত মীমাংসা কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে সময়-সীমা নিৰ্ধাৰণ কৰে ।

শুকুৰবাৰে সোণাপুৰ, চন্দ্ৰপুৰ আৰু গুৱাহাটী ৰাজহ চক্ৰৰ জনসাধাৰণৰ বাবে এই বিশেষ লোক আদালতখন অনুষ্ঠিত কৰা হৈছিল । প্ৰত্যেক মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰিবলৈ লোৱা লোক আদালতৰ পৰৱৰ্তীখন অহা ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ’ব । লোক আদালত অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সন্দৰ্ভত মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় যে, বহু ক্ষেত্ৰত কোনো বিষয় মীমাংসা কৰাতো দীঘলীয়া হ’লে প্ৰশাসন যন্ত্ৰৰ ওপৰত জনসাধাৰণে আস্থা আৰু বিশ্বাস হেৰুৱায় ।

উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় যে, কামৰূপ মহানগৰ জিলাত ভূমি সম্পৰ্কীয় বহু অভিযোগ পোৱা গৈছে । লোক আদালতৰ জৰিয়তে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ৰাজহ আৰু ভূমি সংক্ৰান্তীয় বিষয়বোৰৰ ক্ষীপ্ৰ নিস্পত্তিৰ বাবে মহানগৰ জিলা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে । আনহাতে লোক আদালতৰ জৰিয়তে জনসাধাৰণৰ লগত প্ৰশাসনৰ সু-সম্পৰ্ক গঢ়িব পৰা যাব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক: GMC raid: অনুজ্ঞাপত্ৰবিহীন বিপনীৰ পৰা ৮৫ হাজাৰ টকা জৰিমনা সংগ্ৰহ GMCৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.