গুৱাহাটী, ৪ আগষ্ট : ক'ভিড পৰিস্থিতিৰ (covid-19 situations) বাবে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ বিকল্প মূল্যায়ন ব্যৱস্থাৰে 31 জুলাইত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ (HS FINAL EXAMANATIONS) ফলাফল ঘোষণা কৰা হ’ল ৷ তাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিক্ষাৰ্থীসকলৰ মাজত ব্যাপক অসন্তুষ্টিয়ে দেখা দিছে । ঠায়ে ঠায়ে শিক্ষাৰ্থীসকলে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে ।
এনে এক পৰিস্থিতিৰ মাজতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে গ্ৰহণ (assam higher secondary education council) কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকল অৱতীৰ্ণ হ’ব পাৰিব বিশেষ পৰীক্ষাত । অসন্তুষ্ট শিক্ষাৰ্থীসকলে ৯ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব ।
শিক্ষাৰ্থীসকলে নিজৰ শিক্ষানুষ্ঠানৰ পৰা লাভ কৰিব বিতং তথ্য । পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে লাভ কৰিব পৰীক্ষাৰ নতুন মূল্যায়নৰ আধাৰত মাৰ্কশ্বিট (marksheet) । অৱশ্য শিক্ষাৰ্থীসকলে জমা দিব লাগিব বৰ্তমান প্ৰদান কৰা মাৰ্কশ্বিট । বৰ্তমানৰ নিয়মীয়া শিক্ষাৰ্থীৰ উপৰি বেটাৰমেণ্ট আৰু প্ৰাইভেট পৰীক্ষাৰ্থীৰ বাবেও এই সুবিধা দিয়া হৈছে ।
ইফালে অনুত্তীৰ্ণ শিক্ষাৰ্থী সকলৰ সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে (dr. ranoj pegu) বুধবাৰে সংবাদ মাধ্যমৰ আগত কয় যে, অতি শীঘ্ৰেই অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এটা বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব । তেওঁ কয় যে, পৰীক্ষা অনুষ্ঠিত হোৱা নাই গতিকে পুনৰ পৰীক্ষা পতা নহয় । কিন্তু এক বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব ।
নামভৰ্তি সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এটা পোৰ্টেলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে কৰিব পাৰিব নামভৰ্তি । চৰকাৰীৰ পৰা আৰম্ভ কৰি ব্যক্তিগত খণ্ডৰ সকলোৰে বাবে এই নিয়ম প্ৰযোজ্য হ'ব । কেৱল এই পোৰ্টেলৰ জৰিয়তে হ’ব নামভৰ্তি ।
নামভৰ্তিৰ নতুন সিদ্ধান্ত অনুসৰি ছাত্ৰ-ছাত্ৰী সকলে নিজৰ ৰোল নাম্বাৰৰ দ্বাৰা পোৰ্টেলত পঞ্জীয়ন কৰিব পাৰিব । ছাত্ৰী-ছাত্ৰী সকলে কোন মহাবিদ্যালয়ত নামভৰ্তি কৰিব বিচাৰে তাৰ ৫ টা বিকল্প দিব পাৰিব । ইয়াৰ পিছতেই বিদ্যালয় বা মহাবিদ্যালয় সমূহে সেই পোৰ্টেলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক বিবেচনা কৰি নামভৰ্তিৰ সুবিধা দিব পাৰিব ।
কোনোৱে যাতে আসন ৰিজাৰ্ভ কৰিব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি কয় শিক্ষামন্ত্ৰী গৰাকীয়ে । তেওঁ কয় যে, কিছুমান ছাত্ৰ-ছাত্ৰীৰ নাম ২ বা ৩ খন কলেজত থাকে । তদুপৰি স্নাতক বিভাগৰ বাবে ২০ শতাংশ আসন বৃদ্ধি হ’ব পাৰে বুলি কয় মন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়ক : লাভলীনাৰ সৰ্ন্দভত কি ক'লে প্ৰশিক্ষক পদুম বড়োৱে ?