ETV Bharat / state

সাত মাহৰ মূৰত সোণোৱাল দিল্লীলৈঃ সাক্ষাৎ কৰিব মোদী-শ্বাহক - দিল্লীলৈ উৰা মাৰিব

প্ৰায় সাত মাহৰ বিৰতিৰ অন্তত দিল্লীলৈ ওলাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । আজি বিয়লি তেওঁ দিল্লী অভিমুখে উৰা মাৰিব । উল্লেখ্য যে ক'ৰণাসৃষ্ট পৰিস্থিতিৰ বাবে বিগত দীৰ্ঘ সময় জুৰি দিল্লীলৈ যোৱা নাছিল মুখ্যমন্ত্ৰী সোণোৱাল ।

sonowal moves to delhi to meet modi and shah
সাত মাহৰ মূৰত সোণোৱাল দিল্লীলৈঃ সাক্ষাৎ কৰিব মোদী-শ্বাহক
author img

By

Published : Sep 19, 2020, 12:26 PM IST

গুৱাহাটী, ১৯ ছেপ্টেম্বৰঃমুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সুত্ৰই সদৰী কৰা মতে আজি নিশা তেওঁ গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ উপৰিও কাইলৈ সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকো সাক্ষাৎ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ।

sonowal moves to delhi to meet modi and shah
সাত মাহৰ মূৰত সোণোৱাল দিল্লীলৈঃ সাক্ষাৎ কৰিব মোদী-শ্বাহক

মূলতঃ অসম চুক্তিৰ ছয় নং দফা কমিটিৰ প্ৰতিবেদন সন্দৰ্ভত শেহতীয়াকৈ ৰাজ্য চৰকাৰখন এক অস্বস্তিকৰ পৰিস্থিতিৰ মুখামুখি হবলগীয়া হোৱা বিষয়টোৱেই হব গৃহ মন্ত্ৰী আৰু সোণোৱালৰ মাজত আলোচনা হবলগীয়া প্ৰধান বিষয় । অৱশ্যে ইয়াৰ উপৰিও আন কেতবোৰ ৰাজনৈতিক বিষয়তো প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ সৈতে তেওঁ আলোচনাত বহিব ।

মন কৰিবলগীয়া যে দিল্লীলৈ উৰা মৰাৰ পূৰ্বে আজি মুখ্যমন্ত্ৰীয়ে তেওঁৰ চৰকাৰী বাসভৱনত প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.