গুৱাহাটী, 5 জুলাই : কৰ'ণাৰ শেহতীয়া ঘটনাকলৈ সন্দেহ প্ৰকাশ কৰা ডাঃ সত্যকাম ফুকনক এইবাৰ সজোৱা হ'ল কংগ্ৰেছী। সামাজিক মাধ্যমত 'জয় আই অসম' নামৰ এটা পেজৰ পৰা এনে কিছু পোষ্ট আগবঢ়োৱা হৈছে। এই ঘটনাৰ পিচতে জাঙুৰ খাই উঠিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী।
উল্লেখ্য যে, কিছুদিন পূৰ্বে কৰ'ণা সন্দৰ্ভত জ্যেষ্ঠ শৈল্য চিকিৎসক ডাঃ সত্যকাম ফুকনে কৰা মন্তব্যক লৈ তোলপাৰ লাগিছিল ৰাজ্যত ৷ ফুকনৰ মতামত সন্দৰ্ভত সাংবাদিকে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছিল যদিও, ফুকনৰ নামেই শুনা নাই বুলি হে মত প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ তাৰোপৰি চিকিৎসকগৰাকীৰ এই বক্তব্য প্ৰচাৰ হোৱাৰ পাচতে এতিয়া ৰাজ্যত একাংশই যদি তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়াইছে, আন একাংশই আকৌ তেওঁক মানসিক বিকাৰগ্ৰস্ত বুলি ক'ব খোজে ৷ কিন্তু সমৰ্থনকাৰী সকলৰ মতে যথেষ্ট যুক্তি আছে ডাঃ ফুকনৰ কথাত ৷ আনহাতে তেওঁক প্ৰত্যাহ্বান জনোৱা সকলৰ মতে ডাঃ ফুকনৰ এইয়া জনপ্ৰিয়তা অৰ্জনৰ এক কৌশল অথবা চৰকাৰক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা ৷ তাৰ মাজতে একাংশ এতিয়া উঠি পৰি লাগিছে ডাঃ সত্যকাম ফুকনক কংগ্ৰেছী সজোৱাত ৷
কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই এনে কাৰ্যক গৰিহণা দি ফেচবুক পেজটোৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে । ডাঃ সত্যকাম ফুকনে কৰ'ণাকলৈ কৰা মন্তব্যত চৰকাৰে জোলোঙাৰ মেকুৰী ওলোৱাৰ ভয় কৰিছে বুলি কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে। তাৰোপৰি ডাঃ সত্যকাম ফুকনৰ লগত কংগ্ৰেছৰ দলৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দিয়ে মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই।
অৱশ্যে কোনে ফেচবুকৰ জৰিয়তে এইদৰে চিকিৎসকগৰাকীক ৰাজনীতিৰ আঁওতালৈ টানি আনিছে সেয়া এই পৰ্যন্ত পোহৰলৈ অহা নাই ৷
লগতে পঢ়ক : কোভিড-19ক লৈ চলা অপপ্ৰচাৰত ভোল নাযাব : হিমন্ত বিশ্ব শৰ্মা