গুৱাহাটী, ২৬ এপ্ৰিলঃ গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত মঠঘৰীয়াৰ আহমেদ নগৰত বৃহস্পতিবাৰে সংঘটিত হৈছিল এক জঘন্য ঘটনা ৷ এগৰাকী কন্যা শিশুক বলাৎকাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ নুনমাটি অঞ্চলত । বৃহস্পতিবাৰে এগৰাকী ছয় বছৰীয়া কন্যা শিশুক নিজৰ ঘৰলৈ মাতি আনি অসৎ কাৰ্য চৰিতাৰ্থ কৰে ছহিদুলে ।
সেই সময়তে ওচৰৰ এজন যুৱকে সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰি ঘটনা সন্দৰ্ভত শিশুটিৰ পিতৃক অৱগত কৰাত পিতৃয়ে লম্পট ছহিদুল আলিক কৰায়ত্ত কৰে যদিও কৌশলেৰে পলায়ন কৰে লম্পট জন । পিচত ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে নুনমাটি থানাত খবৰ দিয়াত নুনমাটি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । অৱশেষত ২৪ ঘণ্টাৰ ভিতৰত পলাতক ছদিদুলক আলিক গ্ৰেপ্তাৰ কৰে নুনমাটি আৰক্ষীয়ে ।
আৰু পঢ়ক : চুপাৰী কিলাৰেৰে হত্যা হোমিঅ' চিকিৎসক তথা বিজেপি নেতা ৰবেন ৰায়ক
উল্লেখ্য যে, মঠঘৰীয়াৰ আহমেদ নগৰৰ বাসিন্দা ছহিদুল আলিয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ যুৱতী মহিলাৰ কাপোৰ চুৰি কৰি এক সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ লগতে যুৱতী মহিলাক অশ্লীল ইংগিত দি আতংকিত কৰি আহিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় মহিলাই ।