ETV Bharat / state

মহানগৰীৰৰ দেৱালে দেৱালে কেব বিৰোধাী শ্ল'গান - নাগৰিকত্ব সংশোধনী বিধেয়ক

মহানগৰীৰ প্ৰতিটো পথ নতুনকৈ নিৰ্মাণ কৰাৰ লগতে দেৱালসমূহত কৰা হৈছে নতুনকৈ ৰঙ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ভ্ৰমণৰ পূৰ্বে নতুনকৈ ৰঙ কৰা মহানগৰীৰ দেৱালসমূহ এতিয়া ভৰি পৰিছে বিভিন্ন কেব বিৰোধী শ্ল'গানেৰে ৷

গুৱাহাটী
মহানগৰীত কেব বিৰোধী শ্ল'গান আতৰোৱাত ব্যস্ত একাংশ কৰ্মচাৰী
author img

By

Published : Dec 9, 2019, 11:26 AM IST

Updated : Dec 9, 2019, 1:20 PM IST

গুৱাহাটী, 9 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী শ্ল'গানেৰে ভৰিছে মহানগৰীৰ দেৱাল। মুখ্যমন্ত্ৰীৰ চৰকাৰী আবাসগৃহলৈ যোৱা পথৰ কাষৰ দেৱালত লিখিলে 'সোণোৱাল হাই হাই, মোদী হায় হায়' শ্ল'গান।

মহানগৰীত কেব বিৰোধী শ্ল'গান আতৰোৱাত ব্যস্ত একাংশ কৰ্মচাৰী

উল্লেখ্য যে,আগন্তুক 15 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী আবেইৰ গুৱাহাটী ভ্ৰমণৰ পূৰ্বে মহানগৰীক নতুন ৰূপত সজাই তোলা হৈছে। মহানগৰীৰ প্ৰতিটো পথ নতুনকৈ নিৰ্মাণ কৰাৰ লগতে দেৱালসমূহত কৰা হৈছে নতুনকৈ ৰঙ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ভ্ৰমণৰ পূৰ্বে নতুনকৈ ৰঙ কৰা মহানগৰীৰ দেৱালসমূহ এতিয়া ভৰি পৰিছে বিভিন্ন কেব বিৰোধী শ্ল'গানেৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী আবাসগৃহলৈ যোৱা পথৰ কাষৰ দেৱালসমূহো ভৰি পৰিছে মুখ্যমন্ত্ৰী,প্ৰধানমন্ত্ৰী আৰু কেব বিৰোধী বিভিন্ন শ্ল'গানেৰে। যাৰ বাবে মহানগৰীৰ সৌন্দয্য বৰ্ধনৰ বাবে শ্ৰমিকসকলে কেব বিৰোধী শ্ল'গান আতৰাই পুনৰ নতুনকৈ ৰঙ কৰিছে দেৱালসমূহ।

সোমবাৰে দিনৰ 12 বজাত লোকসভাত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক। বিধেয়কখনৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ অসমতে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে।

আনহাতে, মহানগৰীতো কেব বিৰোধী শ্ল'গান । নতুনকৈ ৰং দিয়া বেৰত কোনো প্ৰতিবাদকাৰীয়ে লিখিলে 'NO CAB'। গুৱাহাটীৰ মালিগাঁও,জনতা ভৱন,গণেশগুৰিতো দেৱালত পৰিলক্ষিত হ'ল কেব তথা চৰকাৰ বিৰোধী শ্ল'গান ।

মালিগাঁৱত কেব বিৰোধী প্ৰতিবাদ

লগতে চাওকঃমুখ্যমন্ত্ৰীৰ গৃহ জিলাত কেবৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ

Intro:মহানগৰীৰ দেৱাল দেৱাল নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী শ্ল'গান। মুখ্যমন্ত্ৰীৰ চৰকাৰী আবাসগৃহলৈ যোৱা পথৰ কাষৰ দেৱালত 'সোণোৱাল হাই হাই, মোদী হাই হাই' শ্ল'গান।

Body:অহা ১৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী আবেইৰ গুৱাহাটী ভ্ৰমণৰ পূৰ্বে মহানগৰীখন নকৈনাৰ ৰূপৰ সজাই তোলা হৈছে। মহানগৰীৰ প্ৰতিটো পথ নতুনকৈ নিৰ্মাণ কৰাৰ লগতে দেৱাল সমূহ নতুনকৈ ৰঙ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী আবেইৰ ভ্ৰমণৰ পূৰ্বে নতুনকৈ ৰঙ কৰা মানহগৰীৰ দেৱাল সমূহ এৰিয়া ভৰি পৰিছে বিভিন্ন কেব বিৰোধী শ্ল'গানেৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী আবাসগৃহলৈ যোৱা পথৰ কাষৰ দেৱাল সমূহতো 'সোণোৱাল হাই হাই, মোদী হাই হাই' শ্ল'গান লেখা পৰিলক্ষিত হৈছে। মহানগৰীৰ সৌন্দয্য বৰ্ধনৰ কামত যদিত শ্ৰমিক সকলে কেব বিৰোধী শ্ল'গান আতৰাই পুনৰ নতুনকৈ ৰঙ কৰিছে দেৱাল সমূহ।

বাইট ১: শ্ৰমিক
বাইট ২: শ্ৰমিক

Conclusion:আজি লোকসভাত কেন্দ্ৰ চৰকাৰে উত্থাপন কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক। বিধেয়কখনৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ অসমতে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে।
Last Updated : Dec 9, 2019, 1:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.