গুৱাহাটী, 20 নৱেম্বৰ: সামাজিক মাধ্যমত কিছুদিন পূৰ্বে ভাইৰেল হৈছিল কেইখনমান ফটো । য’ত অভিনেতা উদয়ন দুৱৰা আৰু অভিনেত্ৰী অমৃতা গগৈক হাস্পতালৰ বিচনাত শুই থকা দেখা গৈছিল । ফটো কেইখন দেখি বহুতে অনুমান কৰিছিল যে সেয়া নিশ্চয় অভিনেত্ৰী অমৃতা গগৈক আৰু অভিনেতা উদয়ন দুৱৰাৰ আহিবলগীয়া কোনো ছবি বা চিৰিয়েলৰ প্ৰমোচনৰ ফটো । আজি আমি জনাম সেই ফটো কেইখনৰ আঁৰৰ আচল কথা ।
দৰাচলতে হাস্পতালৰ বিচনাত শুই থকা অভিনেতা উদয়ন দুৱৰা আৰু অভিনেত্ৰী অমৃতা গগৈৰ সেয়া আছিল এটা গীতৰ ভিডিঅ’ শ্বুটিঙৰ ক্লিপ । জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ গীত "এহেজাৰ সপোন"ৰ সেয়া এটা দৃশ্যাংশ । গীতটো অতিশীঘ্ৰে আহি আছে দৰ্শকৰ মাজলৈ । অসমীয়া সংগীত ক্ষেত্ৰখনৰ শীৰ্ষত থকা এগৰাকী কণ্ঠশিল্পী হৈছে সুবাসনা দত্ত । শিল্পীগৰাকীৰ প্ৰতিটো গীতেই জনপ্ৰিয় হয় । আকাশে-বতাহে, আপুনি আহিবকে ধৰি বহু কেইটা গীতৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে । এককথা ক’ব গ’লে কণ্ঠশিল্পীগৰাকীৰ প্ৰতিটো গীতেই অনুৰাগীৰ মাজত সমাদৰ লাভ কৰে ।
এতিয়া সুবাসনা দত্তৰ আহিবলগীয়া ‘এহেজাৰ সপোন’ গীতটোকো দৰ্শকে আকোৱালি ল’ব বুলি আশাবাদী কণ্ঠশিল্পীগৰাকী ৷ এই গীতটিৰ কথা আৰু সুৰ বৰষা বৰাৰ । সংগীত কৰিছে পলাশ গগৈয়ে । আনহাতে, গীতটোৰ শব্দ-সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে । সমান্তৰালকৈ, গীতটোৰ ভিডিঅ’ পৰিচালনা কৰিছে প্ৰণৱ ভৰালীয়ে । গীতটোৰ সহকাৰী পৰিচালনাত আছে অনামিকা শৰণীয়া আৰু বিবেক বৰুৱা, লগতে গীতটিৰ দৃশ্যগ্ৰহণ কৰিছে পৃথ্বীৰাজ দত্তই ।
আহিবলগীয়া এই নতুন গীত "এহেজাৰ সপোন"ত আপুনি উপভোগ কৰিবলৈ পাৰিব কণ্ঠশিল্পী সুবাসনা দত্তৰ সুকোমল কণ্ঠৰ লগতে এটি হৃদয়স্পৰ্শী নিভাঁজ কাহিনী । আকৌ এবাৰ স্ক্ৰীণত অমৃতা গগৈ আৰু উদয়ন দুৱৰাৰ যুগলবন্দীক দেখিবলৈ পোৱা যাব ৷ এতিয়া এই গীতটোৰ বাবে অপেক্ষাৰত অনুৰাগীসকল ।
লগতে পঢ়ক: লণ্ডনত চলি আছে চিকাৰৰ শ্বুটিং, লণ্ডনৰ পৰাই সিদ্ধাৰ্থ শৰ্মাই শ্বেয়াৰ কৰিলে এটা ভিডিঅ’