ETV Bharat / state

Silsako Eviction: চৰকাৰী ক্ষতিপূৰণ আমাক নালাগে, আমাৰ মাটি ভেঁটি ঘূৰাই দিয়ক; শিলসাঁকোৰ উচ্ছেদিতৰ দাবী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিছা কথা কোৱাত পাকৈত ৷ আমাক ক্ষতিপূৰণ নালাগে, আমাক আমাৰ ভূমি উভতাই দিয়ক ৷ এই মন্তব্য শিলসাঁকোৰ উচ্ছেদিতৰ ৷

Silsako Eviction
Silsako Eviction
author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 10:07 PM IST

Updated : Sep 7, 2023, 10:59 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিছা কথা কোৱাত পাকৈত; উচ্ছেদিতৰ ক্ষোভ

গুৱাহাটী,৭ ছেপ্টেম্বৰ: ‘‘ক্ষতিপূৰণ আৰু সংস্থাপনৰ কথা কৈ এই চৰকাৰখনে মানুহক ভাগ ভাগ কৰিব বিচাৰিছে । লগতে আমি কৰা আন্দোলন আৰু প্ৰতিবাদবোৰ ঠাণ্ডা কৰিবৰ বাবে প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাক ক্ষতিপূৰণ নালাগে, আমাৰ মাটি আমাক উভতাই দিয়ক ,’’ সংবাদ মাধ্যমৰ আগত এনেদৰে ক্ষোভ ব্যক্ত কৰে নেইনা বেগম নামৰ শিলসাঁকোৰ এগৰাকী উচ্ছেদিতই ৷

বৃহস্পতিবাৰে বিয়লি ভাগত শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ এখন সভাত অংশগ্ৰহণ কৰি তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মিছা কথা কোৱাত একপ্ৰকাৰ পাকৈত । ২০২২ চনত শিলসাঁকোত বসবাস কৰা লোকসকল উচ্ছেদ কৰাৰ পিছত পুনৰ সংস্থাপনৰ কথা কৈছিল এই চৰকাৰখনে । আনকি উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিয়া হ’ব বুলি কৈ উচ্ছেদিতৰ পৰা প্ৰয়োজনীয় নথি-পত্ৰ জমা লোৱা হৈছিল ।

‘‘পিছে তেওঁলোকে ক্ষতিপূৰণ আৰু সংস্থাপন পালেনে ৷ ২৭ আৰু ২৮ ফেব্ৰুৱাৰী আৰু ১ আৰু ২ মাৰ্চত যি উচ্ছেদ চলোৱা হ’ল তেওঁলোকৰ কথা চৰকাৰে কিবা ভাবিলেনে,’’ তেওঁ প্ৰশ্ন কৰে ৷

লগতে কয় যে শেহতীয়াকৈ ১ ছেপ্টেম্বৰৰ পৰা প্ৰশাসনে উচ্ছেদ কৰা লোকসকলক (বিল্ডিং ভঙাসকলক) ১০ লাখ, অসম আৰ্হিৰ ঘৰৰ বাবে ৫ লাখ আৰু জুপুৰি ঘৰৰ বাবে ডেৰ লাখ টকা দিয়াৰ কথা কৈছে আৰু লগতে এটা নতুন ফ্লেট দিয়াৰ কথা কৈছে । যিহেতু আমাৰ মুখ্যমন্ত্ৰী এগৰাকী মিছলীয়া ব্যক্তি, গতিকে আমি তেখেতৰ এনেবোৰ কথা বিশ্বাস কৰিবলৈ টান পাইছোঁ ।

আনহাতে উক্ত সভাত উপস্থিত থকা গায়ত্ৰী বড়িয়ে কয় যে উচ্ছেদৰ নামত ভুৱা প্ৰচাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে । উচ্ছেদৰ নামত ডেৰশ, তিনিশ মিটাৰ পৰ্যন্ত ঘৰ ভাঙিলে । কিছুমান অঞ্চলত মেপত নথকা ঘৰো ভাঙিছে । ইমানবোৰ কৰাৰ পিছতো যদি আপুনি উচ্ছেদ বন্ধ কৰা বুলি কৈ নিজকে দয়াবান মুখ্যমন্ত্ৰী বুলি ঘোষণা কৰিছে তেন্তে আপোনাৰ ধাৰণাটো ভুল ।

‘‘পূৰ্বৰ উচ্ছেদিত লোকক আজিলৈ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব নোৱাৰা চৰকাৰখনে এতিয়া আকৌ নতুনকৈ উচ্ছেদ কৰা লোকসকলক ক্ষতিপূৰণ দিয়াৰ বাবে কাগজ পত্ৰ জমা লৈছে । তেওঁলোকে যে ক্ষতিপূৰণ পাব মোৰ সন্দেহ আছে । মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ভেটি আমাক ঘূৰাই দিয়ক । আমাক আৰু ক্ষতিপূৰণ নালাগে,’’ গায়ত্ৰী বড়িয়ে কয় ৷

লগতে পঢ়ক: Silsako Beel eviction: প্ৰশাসনৰ কাণ্ড; শিলসাঁকোত উচ্ছেদৰ নামত ভুলতে ভাঙিলে সাধাৰণ লোকৰ 4 টাকৈ ঘৰ

Last Updated : Sep 7, 2023, 10:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.