ETV Bharat / state

NRCক এন পি আৰলৈ পৰিৱৰ্তন কৰক : শিলাদিত্য - আছু আৰু কংগ্ৰেছৰ মাজত বহু সম্পৰ্ক আছে

সদ্যপ্ৰকাশিত এন আৰ চিৰ তালিকা সম্পৰ্কে বিধায়ক শিলাদিত্যই দিছপুৰস্থিত বিধায়ক আৱাসত এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত শিলাদিত্যই এন আৰ চি প্ৰক্ৰিয়াটো এন পি আৰ অৰ্থাৎ নেচনেল পপুলেচন ৰেজিষ্টাৰলৈ পৰিৱৰ্তিত কৰিব লাগে বুলি ৰাজ্য চৰকাৰক আহ্বান জনায় ৷

NRCক এন পি আৰলৈ পৰিৱৰ্তন কৰক
author img

By

Published : Sep 7, 2019, 3:16 PM IST

গুৱাহাটী,7ছেপ্টেম্বৰ :

  • আছু আৰু কংগ্ৰেছৰ মাজত বহু সম্পৰ্ক আছে
  • এন আৰ চি প্ৰকাশৰ নামত চৰকাৰে ব্যৰ্থ কৰিলে 16 কোটি টকা
  • সদ্যপ্ৰকাশিত এন আৰ চিৰ তালিকাত আছে বহু ভুল
  • এন আৰ চি প্ৰক্ৰিয়াটো এন পি আৰ অৰ্থাৎ নেচনেল পপুলেচন ৰেজিষ্টাৰলৈ পৰিৱৰ্তিত কৰিব লাগে
  • এন পি আৰলৈ পৰিৱৰ্তিত কৰিলেহে প্ৰকৃত বিদেশী চিনাক্ত হ'ব
  • আধাৰ কাৰ্ডৰ ক্ষেত্ৰতো আছুৱে বিৰোধিতা কৰি আহিছে
  • এখন শুদ্ধ এন আৰ চিৰ বাবে আধাৰৰ কাম হোৱাটো নিতান্তই প্ৰয়োজন
  • কংগ্ৰেছৰ শাসনকালত কংগ্ৰেছে বহু অবৈধ নাগৰিকক বিদেশী সজালে

Intro:আছু আৰু কংগ্রেছক আক্ৰমণ বিতৰ্কিত বিধায়ক শিলাদিত্যৰ..

Body: সদ্য প্ৰকাশিত নাগৰিক পঞ্জীক লৈ শনিবাৰে বিতৰ্কিত বিধায়ক শিলাদিত্যই দিছপুৰস্থিত বিধায়ক আৱাসত এখন সংবাদমেলৰ আয়োজন কৰি কেতবোৰ মন্তব্য আগবঢ়াই কয় 'এন আৰ চি প্ৰকাশৰ নামত 16 কোটি টকাৰ ব্যৰ্থ হ'ল আৰু এন আৰ চি চূড়ান্ত তালিকা ঘোষণাত ভুল থাকি গ'ল। এন আৰ চি প্ৰক্ৰিয়াটো এন পি আৰ অৰ্থাৎ নেচনেল পপুলেচন ৰেজিষ্টাৰ(ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী)লৈ পৰিৱৰ্তিত কৰিব লাগে। এন পি আৰলৈ পৰিৱৰ্তিত কৰিলেহে আচল বিদেশী চিনাক্ত হ'ব। এই এন আৰ চিত বহু স্বদেশীৰ নাম বাদ পৰি গ'ল। এই সদ্য প্ৰকাশিত এন আৰ চি শুদ্ধ এন আৰ চি নহয়'।

লগতে তেওঁ আছু আৰু কংগ্রেছক আক্ৰমণ কৰি কয় যে আছুৱে কোনো দিনে জাতিৰ হকে কাম কৰা নাই। আছুৱে সদায় ওলোটা কাম হে কৰি আহিছে। লগতে কয় যে আধাৰৰ ক্ষেত্ৰতো আছুৱে বিৰোধিতা কৰি আহিছে। এখন শুদ্ধ এন আৰ চিৰ বাবে আধাৰৰ কাম হোৱাটো নিতান্তই প্ৰয়োজন। কংগ্ৰেছৰ শাসনকালত কংগ্ৰেছে বহু অবৈধ নাগৰিকক বিদেশী সজালে। এই সমগ্ৰ প্ৰক্ৰিয়াটো এন পি আৰলৈ পৰিৱৰ্তিত কৰি শুদ্ধ এন আৰ চি প্ৰস্তুত কৰি উলিয়াবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।

Conclusion:গুৱাহাটী
Asrar Ansari
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.