ETV Bharat / state

ৰাজ্যত হঠাতে ক'ভিড ভেকচিনৰ অভাৱ - তিষেধকৰ পালি দুই তিনিদিনৰ ভিতৰতে শেষ হ’ব

ৰাজ্যখনত ক'ৰনাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সময়তে প্ৰতিষেধকৰ নাটনি হোৱাৰ খবৰে উদ্বেগৰ সৃষ্টি কৰিছে । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ এক সূত্রই জনোৱা মতে, মজুত থকা প্ৰতিষেধকৰ পালি দুই তিনিদিনৰ ভিতৰতে শেষ হ’ব । স্বাস্থ্য বিভাগে শনিবাৰৰে পৰা বহু চিকিৎসালয়ক ক'ভিড প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । বেচৰকাৰী হাস্পতালটো প্ৰতিষেধকৰ নাটনি হৈছে ।

ৰাজ্যত হঠাতে ক'ভিড ভেকচিনৰ অভাৱ
ৰাজ্যত হঠাতে ক'ভিড ভেকচিনৰ অভাৱ
author img

By

Published : Apr 10, 2021, 9:10 PM IST

গুৱাহাটী,১০ এপ্ৰিল: বিগত বৰ্ষৰ এই সময়চোৱাত অসমসহ সমগ্ৰ ভাৰতবৰ্ষই মহামাৰী ক'ৰণাৰ সৈতে যুঁজ দি আছিল । লকডাউনত স্তব্ধ হৈ আছিল দেশ। এবছৰ পাছত এতিয়া পুনৰ ক'ৰণাৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে । অসমতো দৈনিক বৃদ্ধি পাব ধৰিছে ক'ৰনাত আক্ৰান্তৰ সংখ্যা । বৰ্ত্তমান সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিড প্ৰতিষেধক প্ৰদানৰ কাম চলি আছে । কিন্তু শেহতীয়াকৈ অসমত প্ৰতিষেধকৰ নাটনি হোৱাৰ তথ্য পোহৰলৈ আহিছে । ৰাজ্যখনত ক'ৰণাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সময়তে প্ৰতিষেধকৰ নাটনি হোৱাৰ খবৰে উদ্বেগৰ সৃষ্টি কৰিছে । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ এক সূত্রই জনোৱা মতে, মজুত থকা প্ৰতিষেধকৰ পালি দুই তিনিদিনৰ ভিতৰতে শেষ হ’ব । বৰ্তমান ৰাজ্যখনত ক'ভিড প্ৰতিষেধকৰ ২.৭০ লাখ পালি মজুত আছে ।

বৰ্তমান ৰাজ্যখনত ক'ভিড প্ৰতিষেধকৰ ২.৭০ লাখ পালি মজুত আছে

সূত্রটোৱে জনোৱা মতে, বৃহস্পতিবাৰে প্ৰায় ৫৪,০০০ লোকৰ টীকাকৰণ সম্পন্ন কৰাৰ পাছত শুকুৰবাৰে ৫৫,০০০ লোকৰ টীকাকৰণ কৰা হয় । শনিবাৰেও ৰাজ্যত টীকাকৰণ প্ৰক্ৰিয়া অব্যাহত আছে । ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বহু লোক এতিয়া টীকাকৰণৰ বাবে আগবাঢ়ি আহিছে । যাৰ ফলত মজুত থকা প্ৰতিষেধকৰ পালি তিনি দিনৰ ভিতৰত শেষ হোৱাৰ সম্ভাৱনা আছে । কেন্দ্ৰীয় চৰকাৰে ১২ এপ্ৰিলৰ ভিতৰত প্ৰতিষেধক প্ৰেৰণ কৰাৰ কথা আছে যদিও এতিয়ালৈ নিশ্চিত নহয় । বৰ্তমান মজুত থকা পালিসমূহ জিলাসমূহত ইতিমধ্যে বিতৰণ কৰা হৈছে আৰু জিলাই জিলাই তথা বিভিন্ন স্থানত প্ৰতিষেধক ল’ব বিচৰা লোকৰ সংখ্যাৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে ।

ৰাজ্যত হঠাতে ক'ভিড ভেকচিনৰ অভাৱ
ৰাজ্যত হঠাতে ক'ভিড ভেকচিনৰ অভাৱ

ইতিমধ্যে ১২ লাখৰো অধিক লোকক প্ৰতিষেধকৰ প্ৰথমটো পালি দিয়া হৈছে আৰু প্ৰায় আঢ়ৈ লাখ লোকক দ্বিতীয় পালি দিয়া হৈছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ১১ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ দেশজুৰি 'টীকা উৎসৱ' পালন কৰি দেশৰ জনতাক যিমান সম্ভৱ সিমান বেছিকৈ ক'ভিডৰ প্ৰতিষেধক প্ৰদানৰ বাবে সকলো ৰাজ্যৰ মুখ্যমন্ত্রীক নিৰ্দেশ দিয়াৰ সময়তে অসমত প্ৰতিষেধকৰ নাটনি হৈছে । প্ৰাপ্ত তথ্য মতে, স্বাস্থ্য বিভাগে শনিবাৰৰে পৰা বহু চিকিৎসালয়ক ক'ভিড প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । কেৱল দ্বিতীয় পালি প্ৰদানৰ নিৰ্দেশ দিছে । চৰকাৰী বিনামূলীয়া কেন্দ্ৰৰ উপৰি বহুকেইখন বেচৰকাৰী হাস্পতালতো প্ৰতিষেধকৰ নাটনি হৈছে । গুৱাহাটীৰ বহু কেইখন বেচৰকাৰী হাস্পতালে চাহিদা অনুপাতে প্ৰতিষেধকৰ যোগান কম বুলি সদৰি কৰিছে । এফালে ক'ভিডৰ প্ৰকোপ বৃদ্ধি আৰু আনফালে প্ৰতিষেধকৰ নাটনি । ফলত সকলোৰে মনত তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: বাক্সাত লোমহৰ্ষক হত্যাকাণ্ডৰ দুই অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.