ETV Bharat / state

Commonwealth Games 2022: কমনৱেল্থ গেমছলৈ অসম সন্তান শিৱ থাপা - ইংলেণ্ডৰ বামিংহামত অনুষ্ঠিত হ’ব কমনৱেল্থ গেমছ 2022

অসম গৌৰৱ শিৱ থাপাই(Indian men boxing team for CWG 2022) কমনৱেল্থ গেমছত পুনৰবাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিব (Commonwealth Games 2022)ত । ট্ৰায়েলত কমনৱেল্থ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰি ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰিছে শিৱই (Shiva Thapa secures berth for Commonwealth Games in Birmingham) । জুলাইত ইংলেণ্ডৰ বামিংহামত অনুষ্ঠিত হ’ব কমনৱেল্থ গেমছ 2022 ৷

Commonwealth Games 2022
কমনৱেল্থ গেমছলৈ অসম সন্তান শিৱ থাপা
author img

By

Published : Jun 3, 2022, 1:13 PM IST

গুৱাহাটী,৩ জুন: ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে ভাল খবৰ । পুনৰবাৰ কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসম গৌৰৱ শিৱ থাপাই(Indian men boxing team for CWG 2022) । বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ট্ৰায়েলত শিৱ থাপাই জুলাইত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰি ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰিছে(Olympians Amit Panghal and Shiva Thapa punch Birmingham tickets) ।

প্ৰতিযোগিতাখনলৈ যোগ্যতা অৰ্জন কৰা অলিম্পিয়ান শিৱ থাপাই সফলতা লাভ কৰি দেশলৈ পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰিছে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সচিব হেমন্ত কুমাৰ কলিতাকে ধৰি ফেডাৰেচনৰ বিষয়ববীয়া তথা তেওঁৰ প্ৰশিক্ষক আৰু অনুৰাগীসকলে । শিৱ থাপাই প্ৰতিযোগিতাখনত ৬৩.৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব(Shiva Thapa secures berth for Commonwealth Games in Birmingham) ।

ইয়াৰ পূৰ্বে শিৱই ২০১৪ চনৰ গ্লাচগ’ কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল । বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ট্ৰায়েলত ২০১৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা শিৱ থাপাই ২০১৮ চনৰ কমনৱেল্থ গেমছৰ ৰূপৰ পদক বিজয়ী মনীষ কৌশিকক ৫-০ ব্যৱধানত পৰাস্ত কৰি এই যোগ্যতা অৰ্জন কৰিছে(Shiva Thapa defeated Manish Kaushik 5-0) । আনহাতে শিৱ থাপাৰ উপৰিও অন্যান্য কেইবাটাও শাখাত আন বহু কেইগৰাকী ভাৰতীয় বক্সাৰে যোগ্যতা অৰ্জন কৰিছে(Eight-member men Indian boxing team for CWG 2022) ।

তেওঁলোকৰ ভিতৰত আছে মহম্মদ হাছামুদ্দিন, ৰোহিত টোকাছ, সুমিত পংঘাল, অমিত পংঘাল, আশীষ কুমাৰ, সঞ্জিত আৰু সাগৰ । ২৮ জুলাই পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় পুৰুষ দলটোৰ নিৰ্বাচিত কৰা হৈছে যদিও বৰ্তমানেও মহিলাৰ দলটো নিৰ্বাচিত কৰা হোৱা নাই । জানিব পৰা মতে অহা সপ্তাহত মহিলাৰ দলটো নিৰ্বাচিত কৰা হ’ব ।

লগতে পঢ়ক: Asia Cup 2022: জাপানক হৰুৱাই ব্ৰঞ্জ দখল ভাৰতীয় পুৰুষ হকী দলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.