ETV Bharat / state

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰাত ছাত্ৰ নেতা শ্বাৰ্জীল ইমাম ক'ভিড-19 ত আক্ৰান্ত

author img

By

Published : Jul 22, 2020, 12:27 AM IST

20 জুলাইত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰাত ক'ভিড-19 ত আক্ৰান্ত ছাত্ৰ নেতা শ্বাৰ্জীল ইমাম ৷ তথ্য অনুসৰি, 19 জুলাইত শ্বাৰ্জীল ইমামৰ 'স্বাৱ' টেষ্ট কৰাৰ পিচত 20 জুলাইত কৰ'ণা পজিটিভ ধৰা পৰে ৷

SHARJEEL IMAM TESTS COVID POSITIVE
গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰাত ছাত্ৰ নেতা শ্বাৰ্জীল ইমাম ক'ভিড-19 ত আক্ৰান্ত

নিউজ ডেস্ক, 21 জুলাই : ক'ভিড-19 য়ে দেশবাসীৰ মাজত ত্ৰাস চলাই থকাৰ সময়তে 20 জুলাইত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰাত ছাত্ৰ নেতা শ্বাৰ্জীল ইমাম ক'ভিড-19 ত আক্ৰান্ত হয় ৷

তথ্য অনুসৰি, 19 জুলাইত শ্বাৰ্জীল ইমামৰ 'স্বাৱ' টেষ্ট কৰাৰ পিচত 20 জুলাইত কৰ'ণা ভাইৰাছত আক্ৰান্ত ছাত্ৰ গৰাকী ৷

উল্লেখ্য যে, 25 জুলাইৰ পূৰ্বে দিল্লী আৰক্ষীৰ বিশেষ শাখাই শ্বাৰ্জীল ইমামক দিল্লীৰ আদালতত হাজিৰ কৰাৰ কথা আছিল ৷ কিন্তু এই ঘটনাই এতিয়া সম্প্ৰতি অনিশ্চয়তা কঢ়িয়াই আনিছে ৷

চলিত বৰ্ষত JNU ৰ ছাত্ৰ শ্বাৰ্জীল ইমামক নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে জনসাধাৰণক উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ শ্বাহীনবাগৰ এখন 'কা' বিৰোধী সভাত অসমক ভাৰতৰ পৰা বিছিন্ন কৰাৰ বিতৰ্কিত মন্তব্য প্ৰদান কৰা বামপন্থী নেতা তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ শ্বাৰ্জীল ইমামক পাটিয়ালা হাউচ আদালতে অসম আৰক্ষীক গতাই দিছিল ৷ পৰৱৰ্তী সময়ত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 124 (A), 153 (A), আৰু 505 ৰ অধীনত ছাত্ৰগৰাকী বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ৷

লগতে পঢ়ক : 6 জুলাইত আলিগড় আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ শ্বাৰ্জিল ইমামক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.