গুৱাহাটী, 28 এপ্ৰিল : দেওবাৰে দীঘলীপুখুৰী পাৰত এচ এফ আইৰ উদ্যোগত কেইবাটাও সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ৰাজ্যত সাংবাদিকৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে সংগঠনকেইটাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
সাংবাদিক হত্যাৰ ষড়যন্ত্ৰ বন্ধ কৰক, সাংবাদিকৰ ওপৰত আক্ৰমণ বন্ধ কৰক আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদীসকলে ৷ লগতে নলবাৰীৰ মুকালমুৱাৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন ডেকাক দূৰ্বৃত্তই আক্ৰমণ কৰা কাৰ্যক ধিক্কাৰ দি দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী উত্থাপন কৰে সংগঠনকেইটাই ৷