ETV Bharat / state

Corona blast in Assam police : অসম আৰক্ষীত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ

author img

By

Published : Jan 19, 2022, 3:10 PM IST

জিলাই জিলাই গৃহৰক্ষী বাহিনীৰ জোৱানৰ পৰা শীৰ্ষ বিষয়ালৈ ক'ভিডৰ ব্যাপক সংক্ৰমণ (Severe infection of covid in Assam police) । গুৱাহাটী আৰক্ষী আয়ুক্তালয়তে বিগত এসপ্তাহত ৪০ জনৰো অধিক বিষয়া, কনিষ্টবল ক'ভিডত আক্ৰান্ত হৈছে । কোনো কোনো জিলাত আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হ'লে আৰক্ষীক নেতৃত্ব দিবলৈও বিষয়ৰ অভাৱ হৈ পৰিছে । ৰাজ্যত আক্ৰান্তৰ হাৰ ১২.৬২ শতাংশলৈ বৃদ্ধি পাইছে ।

Corona blast in Assam police
অসম আৰক্ষীত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ

গুৱাহাটী, ১৯ জানুৱাৰী : ৰাজ্যত দিনক দিনে ক'ভিডৰ ভয়াৱহ সংক্ৰমণ হোৱাৰ সময়তে ক'ভিডৰ গ্ৰাসত পৰিছে অসম আৰক্ষী (Severe infection of covid in Assam police) । স্মার্ট অসম আৰক্ষীক ক'ভিডে এতিয়া যেন অচল কৰি পেলাইছে ।

জিলাই জিলাই আৰক্ষী বাহিনীত ক'ভিডে আতংকৰ সৃষ্টি কৰিছে । দুলীয়াজানৰ মুখ্যমন্ত্ৰীৰ এছ পি সন্মিলনৰ পাছৰে পৰাই ক'ভিডৰ গ্ৰাসত পৰিছে সমগ্র আৰক্ষী বিভাগ । এছ পি সন্মিলনত ভাগ লোৱা একাধিক আৰক্ষী অধীক্ষক ক'ভিডত আক্রান্ত হোৱাৰ পাছত এতিয়া জিলাই জিলাই শীর্ষ আৰক্ষী বিষয়াৰ পৰা কনিষ্টবল আৰু গৃহৰক্ষী বাহিনীলৈকে অধিকাংশ আৰক্ষীয়েই ক'ভিডত আক্ৰান্ত হৈছে ।

Corona blast in Assam police
অসম আৰক্ষীত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ

গুৱাহাটী আৰক্ষী আয়ুক্তালয়তে বিগত এসপ্তাহত ৪০ জনৰো অধিক বিষয়া, কনিষ্টবল ক'ভিডত আক্ৰান্ত হৈছে । ADCP শুভাশীষ বৰুৱা, ADCP পল্লৱ তামুলী, ADCP দেৱাশীষ বৰা, ACP পৃথ্বিৰাজ ৰাজখোৱা, জালুকবাৰী থানাৰ ভাৰপ্রাপ্ত বিষয়া ৰূপক কুমাৰ বৰা, উপ-পৰিদর্শক পৰিমল সৰকাৰ, উপ-পৰিদৰ্শক মাণিক সৰকাৰ, পৰিদর্শক ৰুস্তম ৰাজ ব্রহ্ম, সহকাৰী উপ-পৰিদর্শক ভৱেন মেধিকে ধৰি একাধিক কনিষ্টবল আৰু হোমগাৰ্ডৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ।

কেবল গুৱাহাটীতে নহয়, প্ৰায় প্রতিখন জিলাতে আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষকো ক'ভিডত আক্ৰান্ত হৈছে । শীৰ্ষ আৰক্ষী বিষয়াসকল ক'ভিডত আক্রান্ত হোৱাত জিলাসমূহ মুৰব্বীহীন হৈ পৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত গোচৰসমূহৰ তদন্ত প্রক্রিয়াৰ ক্ষেত্রত ব্যাপক প্ৰভাৱ পৰিছে ।

Corona blast in Assam police
অসম আৰক্ষীত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ

পৰিস্থিতি এনে হৈ পৰিছে যে, কোনো কোনো জিলাত আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হ'লে আৰক্ষীক নেতৃত্ব দিবলৈও বিষয়ৰ অভাৱ হৈ পৰিছে । নগাঁও জিলাতে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকো ক'ভিডত আক্ৰান্ত হৈছে । যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নগাঁও ভ্ৰমণৰ সময়ত যান-বাহন নিয়ন্ত্ৰণত নামিবলগীয়া হৈছিল খোদ উপায়ুক্ত ।

ইপিনে দুলীয়াজানৰ মুখ্যমন্ত্ৰীৰ এছ পি বৈঠকৰ অংশ লোৱা গৃহ বিভাগৰ আয়ুত্ত সচিব এম এছ মণিৱন্নম, বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্রধান হীৰেন নাথ, মধ্য মণ্ডলৰ ডি আই জি সত্যৰাজ হাজৰিকা, চি আই ডিৰ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী, বাক্সাৰ এছ পি ৰাজেন সিং, গোৱালপাৰাৰ এছ পি ভি ৰাকেশ ৰেড্ডী, শোণিতপুৰৰ এছ পি ধনঞ্জয় ঘনাৱট, শদিয়াৰ এছ পি মোহনলাল মীনা, ডিমা-হাচাওৰ এছ পি জয়ন্ত সিং, হোজাইৰ এছ পি বৰুণ পুৰকায়স্থ আৰু বিশেষ শাখাৰ এছ পি ৰিপুল দাসো ক'ভিডত আক্ৰান্ত হৈছিল ।

Corona blast in Assam police
অসম আৰক্ষীত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ

জিলাই জিলাই বৰ্তমান সংক্রমণে চূড়ান্ত ৰূপ লৈছে । বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৮,০৭২ জন লোক ক'ভিডত আক্ৰান্ত হৈছে । আক্ৰান্তৰ হাৰ ১২.৬২ শতাংশলৈ বৃদ্ধি পাইছে । মঙলবাৰে গুৱাহাটী মহানগৰীতে ১,৯৯৬ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।

ক'ভিডৰ এনে দ্রুত সংক্ৰমণত স্বাস্থ্য বিভাগ উদ্বিগ্ন হৈ পৰিছে । যাৰ বাবে ক'ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা অধিক কঠোৰ কৰাৰ চিন্তা চর্চা কৰিছে ৰাজ্য চৰকাৰে । ইপিনে ৰাজ্যত শেহতীয়াকৈ ক'ভিড ৰোগীৰ মৃত্যুৰ হাৰ বৃদ্ধি পাবলৈ ধৰাত সৰ্বসাধাৰণ লোক শংকিত হৈ পৰিছে । সোমবাৰে ৰাজ্যত ১১ জন ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে মঙলবাৰৰ দিনটোত ১৬ জন ক'ভিড ৰোগীৰ মৃত্যু হয় ।

Corona blast in Assam police
অসম আৰক্ষীত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ

লগতে পঢ়ক : ক'ভিড পৰীক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ সংশোধিত নিৰ্দেশনা জাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.