গুৱাহাটী, ৬ অক্টোবৰ : আগন্তুক বছৰটোত অৰ্থাৎ ২০২২ বৰ্ষত সৰ্বমুঠ চৰকাৰী বন্ধৰ দিন হ'ব ৩৪ দিন । বুধবাৰে নিশা জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকে এই সিদ্ধান্তত অনুমোদন জনায় । মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত কেবিনেটৰ সিদ্ধান্ত সমূহ অৱগত কৰে মন্ত্ৰী কেশৱ মহন্তই । ইয়াৰ উপৰিও আজিৰ কেবিনেট বৈঠকে আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।
সেই অনুসৰি এতিয়াৰে পৰা সকলো চৰকাৰী নথিত ইংৰাজী তাৰিখৰ লগতে অসমীয়া কেলেণ্ডাৰৰ তাৰিখো উল্লেখ থাকিব । আনহাতে, অসমত মহাকাশ বিজ্ঞানৰ বহুল প্ৰসাৰৰ বাবে আজিৰ কেবিনেটে অসম ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰ গঠন কৰিবলৈ সিদ্ধান্ত লয় । এই কেন্দ্ৰৰ সৈতে সদ্যহতে ৰাজ্য চৰকাৰৰ ২৪ টা বিভাগে মহাকাশ প্ৰযুক্তিৰ বহুল প্ৰয়োগত মনোনিবেশ কৰিব ।
লগতে পঢ়ক: "ধনু" বনাম "মাইনা": মৰিয়নিত সমুখ সমৰত দুই বন্ধু
ইয়াৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে ডঃ পি এল এন ৰাজুক । তেওঁ অলপতে শ্বিলংস্থিত ভাৰত চৰকাৰৰ উত্তৰ পূৱ মহাকাশ প্ৰায়োগিক কেন্দ্ৰৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছে । কেবিনেটে বৰাক উপত্যকাৰ বাবে বন বিভাগৰ এটা সুকীয়া বন্যপ্ৰাণী মণ্ডল গঠনৰ সিদ্ধান্তত অনুমোদন জনায় ।
আনহাতে, মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্যিক জি এছ টি ৰেহাই দিবলৈও কেবিনেটে সিদ্ধান্ত লয় । একেদৰে কেবিনেটে আজি গ্ৰাম্য উন্নয়ন যোজনাৰ বাবে চাৰিশ কোটি টকা মোকলাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।
প্ৰধানমন্ত্ৰী পদপথ ব্যৱসায়ী আত্মনিৰ্ভৰ নিধিৰ অধীনত ঋণৰ ক্ষেত্ৰত পদপথ ব্যৱসায়ী সকলক ষ্টাম্প ডিউটি ৰেহাই দিবলৈও কেবিনেটে সিদ্ধান্ত লয় । ইয়াৰ ফলত প্ৰায় ৫২ হাজাৰ পদপথ ব্যৱসায়ীয়ে সকাহ পাব ।