ETV Bharat / state

পলাশবাৰীত ধাননি পথাৰত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ যুৱক - দক্ষিণ কামৰূপ

পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, যুৱকজন গড়চুকৰ পৰা নিজৰ ঘৰ মেঘালয়ৰ তুৰালৈ গৈ আছিল । কিন্তু কেনেকৈ পলাশবাৰীৰ দক্ষিণ প্ৰান্তৰ জজীত অচেতন অৱস্থাত উদ্ধাৰ হ‘ল তাক লৈ আশ্বৰ্য প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ।

sensless-boy-recovered-at-palashbari
পলাশবাৰীত ধাননি পথাৰত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ যুৱক
author img

By

Published : Oct 6, 2020, 5:53 PM IST

আজাৰা, 6 অক্টোবৰ : দক্ষিণ কামৰূপৰ পলাশবাৰীৰ জজীত অচেতন অৱস্থাত উদ্ধাৰ হৈছে এজন যুৱক । ধাননি পথাৰত অচেতন অৱস্থাত উদ্ধাৰ হোৱা অচিনাকী যুৱক জনকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । যুৱকজনক ধাননি পথাৰত অচেতন অৱস্থাত দেখি স্থানীয়লোকে খবৰ দিয়ে আৰক্ষীক । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ অচেতন অৱস্থাত থকা যুৱকজনক ততাতৈয়াকে মিৰ্জাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে । যুৱকজনৰ শৰীৰত আঘাতৰ চিন পৰিলক্ষিত নোহোৱাত কোনো দুৰ্বত্তই নিচাজাতীয় দ্ৰব্য খুৱাই যুৱকজনৰ ওপৰত লুটপাট কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয়লোকে ।

পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, যুৱকজন গড়চুকৰ পৰা নিজৰ ঘৰ মেঘালয়ৰ তুৰালৈ গৈ আছিল । কিন্তু কেনেকৈ পলাশবাৰীৰ দক্ষিণ প্ৰান্তৰ জজীত অচেতন অৱস্থাত উদ্ধাৰ হ‘ল তাক লৈ আশ্বৰ্য প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । বৰ্তমান যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । পৰৱৰ্তী সময়ত যুৱকজনে চেতনা ঘুৰাই পালে হে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ।

লগতে পঢ়ক: পোষ্টেল বেলটক লৈ নতুন নিৰ্দেশনা জাৰি নিৰ্বাচনী আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.