নিউজ ডেস্ক, 1 মে': ক'ভিডত আক্ৰান্ত হৈ Assam Tribuneৰ দিল্লী ব্যুৰ’ চীফ কল্যাণ বৰুৱাৰ দেহাৱসান ৷ বিগত প্ৰায় 15 দিনে প্ৰতিক্ষা হাস্পতালত পত্নীসহ চিকিৎসাধীন হৈ আছিল জ্যেষ্ঠ সাংবাদিক বৰুৱা ৷
শনিবাৰে পুৱা প্ৰায় 8.45 ত মৃত্যু হয় কল্যাণ বৰুৱাৰ ৷ উল্লেখ্য যে, শুকুৰবাৰে বৰুৱাৰ পত্নী নিলাক্ষী ভট্টাচাৰ্যৰো মৃত্যু হয় ৷ তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ সংবাদকৰ্মী সকলে ৷ বৰ্তমান কল্যাণ বৰুৱাৰ পৰিয়ালত আছে তেওঁলোকৰ একমাত্ৰ কন্যা ৷
আনহাতে, দিল্লীত Economic times ত কৰ্মৰাত আন এগৰাকী অসমীয়া সাংবাদিক অনিৰ্বাণ বৰাৰো শনিবাৰে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হয় ৷