ETV Bharat / state

'চলো পাল্টাই'ৰ বিৰুদ্ধে একত্ৰিত দল-সংগঠন - অসম নিউজ

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত  খিলঞ্জীয়া অধিকাৰ সুৰক্ষা সমিতি, জনগোষ্ঠীয় সমন্বয় সমিতি, মিঞা ছাত্ৰ পৰিষদ, মিঞা যুৱ পৰিষদকে আদি কৰি একাধিক সংগঠনে 'চলো পাল্টাই' পৰা পৰিত্ৰাণৰ প্ৰতিকাৰৰ উপায় বিচাৰি এক মুকলি আলোচনা সভাত মিলিত হয়

'চলো পাল্টাই'ৰ বিৰুদ্ধে সৰব দল-সংগঠন
author img

By

Published : Jun 30, 2019, 9:31 PM IST

গুৱাহাটী, 30 জুনঃ 'চলো পাল্টাই' ৰ বিৰুদ্ধে গুৱাহাটীত একত্ৰিত হ'ল অসমৰ বহু কেইটা সংগঠন ৷ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত খিলঞ্জীয়া অধিকাৰ সুৰক্ষা অসমৰ জনগোষ্ঠীয় সমন্বয় সমিতি, মিঞা ছাত্ৰ পৰিষদ, মিঞা যুৱ পৰিষদকে আদি কৰি একাধিক সংগঠনে 'চলো পাল্টাই' পৰা পৰিত্ৰাণৰ প্ৰতিকাৰৰ উপায় বিচাৰি এক মুকলি আলোচনা সভাত মিলিত হয় ৷ যত দিল্লীৰ পৰা কলকাতালৈ নিয়ন্ত্ৰণ হোৱা 'চলো পাল্টাই'ৰ বিৰুদ্ধে সংঘবদ্ধ হয় সকলো ৷ মুকিল সভাত এই ষড়যন্ত্ৰত ভৰি নিদিবলৈ জনসাধৰণক আহ্বান জনায় সংগঠনকেইটাৰ সদস্যসকলে ৷ লগতে এনআৰচি নামত প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পৰিয়াল,প্ৰাক্তন সেনা বিষয়া হাৰাশাস্তিৰ সন্মুখীন হৈ ডিটেনচন কেম্পত থাকিব লগা হৈছে বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে ।

Intro:ৰাজ্যত এতিয়া চ'ল পাল্টাই 2021 ৰ এক গভীৰ বিষয়ে গা কৰি উঠিছে ।

Body:নিৰক্ষৰ মুছলমান সমাজক গ্ৰাস কৰি অসমীয়া জাতি ধ্বংস কৰাৰ চক্ৰান্তত নামিছে বহি ৰাজ্য ৰ লোক ।এই চ'ল পাল্টাইৰ বিৰুদ্ধে দেওবাৰে বহসংখ্যক সংগঠন একত্ৰিত হল গুৱাহাটী প্ৰেছ ক্লাবত ।খিলঞ্জীয়া অধিকাৰ সুৰক্ষা অসমৰ জনগোষ্ঠীয় সমন্বয় সমিতি ,মিঞা ছাত্ৰ পৰিষদ,মিঞা যুৱ পৰিষদকে আদি কৰি একাধিক সংগঠনে চ'ল পাল্টাইৰ পৰা পৰিত্ৰাণৰ প্ৰতিকাৰৰ উপায় বিচাৰি এক মুকলি আলোচনাত মিলিত হয় ।যত দিল্লীৰ পৰা কলকাতালৈ নিয়ন্ত্ৰণ হোৱা চ'ল পাল্টাইৰ বিৰূদ্ধে সংঘবদ্ধ হয় সকলো ।বিশেষ কৈ এচাম মুছলমান লোকক টাৰ্গেট কৰি ৰচনা কৰা এই ষড়যন্ত্ৰত ভৰি নিদিবলৈ সকলোকে আহ্বান জনায় ।লগতে কয় যে এন আৰ চিৰ নামত প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পৰিয়াল,প্ৰাক্তন সেনা বিষয়াও হাৰাশাস্তি ৰ সন্মুখীন হৈ ডিটেনচন কেম্পত থাকিব লগা হৈছে ।তেনে পৰিপেক্ষিতত সাধাৰণ লোকসকল হাৰাশাস্তিৰ সন্মুখীন হোৱাটো তেনেই সাধাৰণ কথা ।এনে এক জটিল সন্ধিক্ষনৰ সময়তে আৰম্ভ হৈছে চ'ল পাল্টাইৰ দৰে চৰ্চা ।গতিকে সকলোৱে এনে ধৰণৰ বিপদজনক কামৰ পৰা বিৰত থকাৰ আহ্বান জনাই ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.