ETV Bharat / state

গ্ৰন্থপ্ৰেমীৰ সমাৱেশত উমাল গুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ বাকৰি

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 10:15 PM IST

Assam Book Fair Guwahati: আজি অসম গ্ৰন্থমেলা, গুৱাহাটীৰ দ্বিতীয় দিন ৷ গ্ৰন্থপ্ৰেমীৰ সমাৱেশে উমাল কৰি তোলা দেখা গ’ল গ্ৰন্থমেলাৰ বাকৰি ৷ বিশিষ্ট লেখক-সাহিত্যিক আৰু পাঠকৰ উপস্থিতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে ৷

guwahati book fair
গ্ৰন্থপ্ৰেমীৰ সমাৱেশত উমাল গুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ বাকৰি
গ্ৰন্থপ্ৰেমীৰ সমাৱেশত উমাল গুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ বাকৰি

গুৱাহাটী, ৩০ ডিচেম্বৰঃ আজি দ্বিতীয় দিনা গ্ৰন্থপ্ৰেমীৰ সমাৱেশে উমাল কৰি তোলে অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চান্দমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা গ্ৰন্থমেলাত বিশিষ্ট লেখক-সাহিত্যিক আৰু পাঠকৰ উপস্থিতিয়ে আশাৰ বতৰা দিছে ৷

গ্ৰন্থমেলাৰ উদ্বোধনীৰ দিনাৰ পৰাই আৰম্ভ হোৱা কিতাপ বিক্ৰীয়ে প্ৰকাশন গোষ্ঠীসমূহৰ মাজতো আশাৰ সঞ্চাৰ কৰিছে ৷ শনিবাৰে বিয়লি ৩ বজাত অসম প্ৰকাশন পৰিষদে গন্থমেলাৰ বাকৰিত আয়োজন কৰে “ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসৰ বিষয়বস্তুৰ বিশেষত্ব” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷

ড৹ ভট্টাচাৰ্যৰ জন্ম শতবৰ্ষ উপলক্ষে আয়োজন কৰা আলোচনা সত্ৰখন সঞ্চালনা কৰি সাহিত্য-সমালোচক ড৹ গোৱিন্দ প্ৰসাদ শৰ্মাই কয় যে অসম প্ৰকাশন পৰিষদে এনে এটা বিষয়ক লৈ আলোচনা সত্ৰ অনুষ্ঠিত কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়বস্তু চমকপ্ৰদ ৷ এসময়ত ভবা হৈছিল ৰাজনীতি কেৱল ৰাজনীতিকসকলৰ বিষয় ৷ সাহিত্যৰ বাবে এয়া নিৰস ৷ কিন্তু ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই বিৰল সাহস দেখুৱাই অসমীয়া সাহিত্যক ৰাজনৈতিক বিষয়েৰে চমকপ্ৰদভাৱে চহকী কৰিছে ৷ কেঁকুৰি কাটি অসমীয়া উপন্যাসক নতুন বাট দেখুৱাইছে ৷ সমাজ চেতনাৰে উজ্জ্বল আৰু মানুহৰ হকে সাহসেৰে নতুনত্বৰ সন্ধানেৰে ড৹ ভট্টাচাৰ্যই অসমীয়া উপন্যাসক ঐশ্বৰ্যশালী কৰিছে ৷

আলোচনা সত্ৰখনত অতিথি আলোচকৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক-সমালোচক ড৹ প্ৰাণজিৎ বৰাই কয় যে ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বৌদ্ধিক চেতনাৰে সমৃদ্ধ হৈছিল ৰামধেনু, নৱযুগ আদি আলোচনীসমূহ ।

তেওঁ আধুনিক অসমীয়া উপন্যাসক ঐতিহ্যক ঋদ্ধ কৰিছে ৷ প্ৰাচ্য আৰু পাশ্চাত্যৰ অভিঘাতত সৃষ্ট ধাৰাটোক তেওঁ চহকী কৰিছে ৷ অৱশ্যে ‘ঈয়াৰুইঙ্গম’ আৰু ‘মৃত্যঞ্জয়’ৰ যি কলা-শৈলী সেয়া বাকীসমূহত বেলেগ ৰূপত প্ৰকাশিত হৈছে ৷ বাস্তৱবাদিতাৰে নিজক নিয়ন্ত্ৰিত কৰিও অসমীয়া উপন্যাসক এক সুস্বাস্থ্য প্ৰদান কৰিছে ৷ সমাজ-ৰাজনীতি আৰু আৰ্থ-সামাজিক পৰিণতিৰ দূৰদৃষ্টিয়ে তেওঁৰ সৃষ্টিৰাজিক প্ৰাসংগিক কৰি ৰাখিছে ৷

‘ঘোলাই কেৰাণীৰ বিহু’, ‘পঞ্চ পলাশ’ কবিতা দুটি পাঠ কৰি ইয়াৰো তেওঁ বিশ্লেষণ আগবঢ়ায় ৷ ইয়াত অতিথিৰূপে বিষয় প্ৰসংগত আলোচনা আগবঢ়ায় সাহিত্যিক ড৹ বিনীতা বৰা দেৱচৌধুৰীয়ে ৷ তেওঁ কয় যে ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰথম আধুনিক অসমীয়া সাহিত্যিক যিয়ে অসমীয়া সাহিত্যক ভাৰতবৰ্ষতে কেৱল নহয় বিশ্বত প্ৰতিষ্ঠা কৰিছে ৷ তেওঁৰ ২৪ খন উপন্যাস ৷

ইয়াত আছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমাজৰ ৰাজৈতিক দৰ্শন আৰু চিৰ প্ৰাসংগিক প্ৰশ্নসমূহ৷ জীৱনবোধ আৰু মানৱীয় প্ৰমূল্য তেওঁৰ বিষয়বস্তুৰ বিশেষত্ব ৷ ‘আই’ ইয়াৰ অন্যতম উদাহৰণ ৷ আধুনিক মানুহৰ চেতনাস্ৰোতে তেওঁৰ উপন্যাসৰ চৰিত্ৰসমূহক উজলাই তুলিছে ৷ সধাৰণ চৰিত্ৰসমূহো গভীৰ মনস্তত্ত্বৰে অসাধাৰণ হৈ পৰে ৷ প্ৰেমৰ জটিলৰূপ আৰু ইয়াৰ সুক্ষ্ম বিশ্লেষণ ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসৰ এক বৈশিষ্ট্য ৷

লগতে সমাজবাদ আৰু শ্ৰেণী চৰিত্ৰৰ উপস্থাপন তেওঁৰ উপন্যাসৰ বিশেষত্ব ৷ একেদৰে আলোচক অতিথি ড৹ দীপকজ্যোতি বৰুৱাই এইবুলি কয় “ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসমৰ বৌদ্ধিক সমাজৰ অঘোষিত ৰাষ্ট্ৰদূত ৷ যুগ চেতনা আৰু বিশ্বজনীনতাই তেওঁৰ উপন্যাসক অনন্য কৰিছে ৷ হিংসাক অতিক্ৰম কৰি মানৱতাবাদ প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁৰ উপন্যাসসমূহ বিশ্বাসযোগ্য প্ৰতিনিধি ৷”

তেওঁ প্ৰসংগক্ৰমে ‘ঈয়াৰুইঙ্গম’ৰ উদাহৰণ দাঙি ধৰি কয় যে যুদ্ধভূমিৰ প্ৰেক্ষাপট হ’লেও এই উপন্যাসত আছে প্ৰেম আৰু সম্প্ৰীতিৰ কথা ৷ দেশে লাভ কৰা স্বাধীনতাৰ ক্ষেত্ৰতো সংশয় প্ৰকাশ পাইছে ‘ৰাজপথে ৰিঙায়ায়’ত ৷ সমাজ-ৰাজনৈতিক ধনাত্মক দৃষ্টিভংগীৰে ড৹ ভট্টাচাৰ্যৰ উপন্যাসসমূহত এক ইতিবাচক ভৱিষ্যদৰ্শন প্ৰতিফলিত হয় ৷ ‘মৃত্যঞ্জয়’তো তেওঁৰ দ্বন্দ্ব-অৰ্ন্তদ্বন্দ্বৰ সমাহাৰ ঘটিছে ৷

পাঠকৰ সমমৰ্মিতা আদায়ত তেওঁ সদায়ে সফল ৷ কাৰণ সৃষ্টিৰ বিষয়বস্তুৱে সদায় সাধাৰণ মানুহৰ জীৱন আৰু সমাজ-জীৱনক প্ৰতিনিধিত্ব কৰে ৷ আলোচক অতিথি ড৹ প্ৰাঞ্জল শৰ্মা বশিষ্ঠই কয় যে সমাজ-জীৱনৰ দ্বন্দ্বই বিভিন্ন সময়ত ড৹ বীৰেন্দ্ৰ কুমাৰ ভটাচাৰ্যৰ উপন্যাসৰ বিষয়বস্তুক প্ৰভাৱান্বিত কৰিছে ৷ সেইবাবেই দেশে স্বাধীনতা লাভৰ পাছত তেওঁ ৰাইজৰ শাসন বিচাৰি স্বাধীনতাক ফহিয়াই চাইছিল ৷ সেয়ে হৈছে ‘ঈয়াৰুইঙ্গম’ ৷

তেওঁক ৰাজপথে ৰিঙিয়াই মাতিছিল ৷ কাৰণ তেওঁ ৰাজপ্ৰসাদক একপ্ৰকাৰে নস্যাৎ কৰিছিল ৷ ৰামধেনু সম্পাদনাত তেওঁ কিছু দ্বন্দ্বৰে পৰিচালিত হোৱা যেন দেখা যায় ৷ এয়া নৈতিক দ্বন্দ্ব ৷ তেওঁ সৃষ্টিৰ বিষয় বা পটভূমি অতীতৰ পৰা তুলি আনিছে ৷ আৱেগবিহীন বাকশৈলী তেওঁৰ উপন্যাসৰ নান্দনিক বৈশিষ্ট্য ৷ কোনেও স্পৰ্শ নকৰা বিষয় তেওঁ অতীত ক্ৰমানুসৰি বাচনি কৰাটো তাৎপৰ্যপূৰ্ণ ৷

আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আাগবঢ়ায় গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ তত্বাবধায়ক হিচাপে উপস্থিত থাকে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপক ড৹ স্মৃতিৰেখা ভূঞা ৷ ছাত্ৰী জয়শ্ৰী কলিতা, লাকী চাংমাই, ৰিছা দাস, ৰীণি কলিতা, তমন্না কাশ্যপ, হৰ্ষিতা বৰ্মন, কৃষ্ণাংগী দাসে ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰা কালজয়ী কবিতা ‘বিষ্ণুৰাভা এতিয়া কিমান ৰাতি’ আবৃত্তি কৰি আলোচনা সত্ৰখন শুভাৰম্ভ কৰে ৷

অনুষ্ঠানটিত উপস্থিত থাকে ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পুত্ৰ দীপাংকৰ ভট্টাচাৰ্য ৷ ইপিনে অসম গ্ৰন্থমেলাৰ সাংস্কৃতিক সন্ধিয়াত জাপানী শিল্পীৰ মনোমুগ্ধকৰ গীত-নৃত্যই আপ্লুত কৰে শ্ৰোতা-দৰ্শকক ৷ জাপানৰ পৰা অহা শিল্পীদ্বয় হিৰোক্কো চাৰা আৰু আইবেক্সে পৰিৱেশন কৰে গীত-নৃত্য ৷ ইয়াৰ পিছতে কেবাখনো শিক্ষানুষ্ঠানৰ এলানি মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

লগতে পঢ়ক: কেনে আছে দিখৌমুখৰ ঐতিহ্যবহনকাৰী খনাখোকোৰা পুখুৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.