ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে 'ছেবা'ৰ বিশেষ গাইডলাইন

অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই হাইস্কুল আৰু হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ এক বিশেষ পৰিকল্পনা যুগুত কৰিছে । 'এক্স' প্লেন পদ্ধতিৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে এইবাৰ বহিব লাগিব পৰীক্ষা কেন্দ্ৰত । প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ প্ৰথম বেঞ্চত দুজন পৰীক্ষাৰ্থী বহাৰ বিপৰীতে দ্বিতীয় বেঞ্চৰ মাজত এজন পৰীক্ষাৰ্থী বহিব । মাস্ক আৰু ছেনিটাইজাৰৰ বাবে প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ বাবে ২৫ টকা ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে 'ছেবা'ৰ বিশেষ গাইডলাইন
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে 'ছেবা'ৰ বিশেষ গাইডলাইন
author img

By

Published : Apr 15, 2021, 2:00 PM IST

গুৱাহাটী,১৫ এপ্ৰিল : ক’ৰণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰাখিছে । সেই সময়তে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই হাইস্কুল আৰু হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ এক বিশেষ পৰিকল্পনা যুগুত কৰিছে । সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যা । তাৰ মাজতে মেট্ৰিক পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী । তেনেস্থলত এইবাৰ পৰীক্ষা কিদৰে অনুষ্ঠিত কৰিব তাৰ এক বিশেষ পৰিকল্পনা যুগুত কৰিছে ছেবাই । ক'ভিডৰ বাবে এইবাৰ পৰীক্ষাৰ্থীসকল বহাৰ ক্ষেত্ৰত ছেবাই জাৰি কৰিছে এক নতুন নিৰ্দেশনা ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে 'ছেবা'ৰ বিশেষ গাইডলাইন
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে 'ছেবা'ৰ বিশেষ গাইডলাইন

'এক্স' প্লেন পদ্ধতিৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে এইবাৰ বহিব লাগিব পৰীক্ষা কেন্দ্ৰত । সেই অনুসৰি, প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ প্ৰথম বেঞ্চত দুজন পৰীক্ষাৰ্থী বহাৰ বিপৰীতে দ্বিতীয় বেঞ্চৰ মাজত এজন পৰীক্ষাৰ্থী বহিব । তাৰ পিছৰ বেঞ্চত দুজন শিক্ষাৰ্থী বহিব লাগিব । এইদৰে প্ৰতিখন বেঞ্চত পৰীক্ষাৰ্থীসকল বহিব লাগিব । যাতে সামাজিক দূৰত্ব মানি চলিব পৰা যায় । তদুপৰি, পৰীক্ষা অনুষ্ঠিত হ’বলগা প্ৰতিটো কেন্দ্ৰৰ দায়িত্বত থকা শিক্ষক-নিৰীক্ষকসকলে প্ৰতিষেধদক লোৱাটো বাধ্যতামূলক ।

ছেবাৰ নিৰ্দেশনাৱলী অনুসৰি, পৰীক্ষাৰ্থীসকলে পৰীক্ষা গৃহত সামাজিক দূৰত্ব মানি চলিব লাগিব । যিসমূহ কেন্দ্ৰত এই ব্যৱস্থা নাথাকে সেইসমূহ কেন্দ্ৰৰ প্ৰায় ১ কিলোমিটাৰ নিলগত থকা বিদ্যালয় অথবা পৰীক্ষাকেন্দ্ৰত পৰীক্ষাৰ্থীসকলক বহুৱাব লাগিব অন্যথা অস্থায়ী টেণ্টৰ ব্যৱস্থা কৰিব লাগিব । আনহাতে, ক’ভিডত আক্ৰান্ত পৰীক্ষাৰ্থীৰ বাবে আছুতীয়া কোঠাৰ ব্যৱস্থা কৰা হ’ব লাগিব । যিসমূহ কেন্দ্ৰত এই ব্যৱস্থা নাথাকিব সেইসমূহ কেন্দ্ৰত টেণ্টৰ ব্যৱস্থা কৰিব লাগিব । একেদৰে ছেবাই প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ মাস্ক, ছেনিটাইজাৰৰ বাবে প্ৰেৰণ কৰিব ধন । প্ৰতিটো কেন্দ্ৰৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ বাবে এইবাৰ ২৫ টকাকৈ দিব ছেবাই । মুঠতে ক'ভিডৰ সকলো বিধি পালন কৰি পৰীক্ষা অনুস্থিত কৰিবলৈ সাজু হৈছে ছেবা কৰ্তৃপক্ষ ।

'এক্স' প্লেন পদ্ধতিৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে এইবাৰ বহিব লাগিব পৰীক্ষা কেন্দ্ৰত

উল্লেখ্য যে, ১১ মে’ৰ পৰা ৩ জুনলৈ অনুষ্ঠিত হ’ব হাইস্কুল আৰু হাইমাদ্ৰাছা পৰীক্ষা । আনহাতে, ২০২১-২০২২ বৰ্ষৰ বাবে ছেবাই মুকলি কৰিলে শৈক্ষিক কেলেণ্ডাৰ । ডিজিটেল পদ্ধতিৰ জৰিয়তে প্ৰকাশ কৰা এই শৈক্ষিক কেলেণ্ডাৰ অনুসৰি, ছেবাৰ অধীনস্থ বিদ্যালয়সমূহৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ বাবে যুগুতাব লাগিব পাঠ । তদুপৰি শৈক্ষিক কেলেণ্ডাৰ অনুসৰি, অনুষ্ঠিত কৰিব লাগিব ছমহীয়া, বছৰেকীয়া আৰু গোট পৰীক্ষা । আনহাতে এইবাৰ শৈক্ষিক কেলেণ্ডাৰত 'অসমীয়া বিষয়' সকলোৱে বাধ্যতামূলকভাৱে অধ্যয়ন কৰিব লাগিব বুলি স্পষ্টকৈ উল্লেখ কৰিছে ছেবা কৰ্তৃপক্ষই । উল্লেখ্য যে, ক'ৰণাৰ ভয়াৱহ পৰিৱেশৰ মাজত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ বিশেষভাৱে শংকিত হৈ পৰিছে অভিভাৱকসকল ।

লগতে পঢ়ক:বিশ্বনাথ চাৰিআলিৰ পাভৈত চড়ক মেলা উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.