গুৱাহাটী, ২ আগষ্ট: ১ আগষ্টৰ পৰা ৰাজ্যত প্ৰায় সকলো বিদ্যালয়ৰে গৰমৰ বন্ধ খুলিছে ৷ পিছে গৰম বন্ধ শেষ হ’লেও কমা নাই গ্ৰীষ্ম প্ৰৱাহ ৷ কমা নাই তাপমাত্ৰা ৷ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহত পাৰাস্তম্ভ হ্ৰাস হোৱা নাই ৷ এক কথাত বিদ্যালয়সমূহৰ গৰম বন্ধ শেষ হোৱাৰ পিছত বাঢ়িছেহে গৰম ৷ গৰমৰ বাবে গুৱাহাটী মহানগৰীৰ বিদ্যালয়সমূহত পাঠদানৰ সময়সীমা পুনৰ সলনি কৰা হৈছে । বধুবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰশাসনে ঘোষণা কৰিছে এই সিদ্ধান্ত ৷ মহানগৰীৰ বিদ্যালয়সমূহত পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব পাঠদান ।
সেই অনুসৰি প্ৰাথমিক বিদ্যালয় পৰ্যায়ত পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ বিদ্যালয়সমূহত এই নিৰ্দেশনা অনুসৰি পাঠদান অনুষ্ঠিত হ’ব ৷ আনহাতে মজলীয়া বিদ্যালয়ত পুৱা ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ, উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত ৭.৩০ বজাৰ পৰা ১ বজালৈ পাঠদান অনুষ্ঠিত হ’ব ।
আনহাতে বিদ্যালয়ৰ পুৱাৰ সমাৱেশ বা প্ৰাৰ্থনা শ্ৰেণী কোঠাৰ ভিতৰত নাইবা ছাঁ ঠাইত কৰাৰ ব্যৱস্থা কৰাবলৈয়ো নিৰ্দেশনা দিছে প্ৰশাসনে ৷ কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ পৰামৰ্শ অনুসৰি বিদ্যালয় সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে এক নিৰ্দেশনা জাৰি কৰি এই কথা জনাইছে ৷ অহা ১৫ আগষ্ট পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব ৷
উল্লেখ্য যে প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা ৷ প্ৰখৰ ৰ’দত ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটোৱেই সমস্যা হৈ পৰিছে জনসাধাৰণৰ বাবে । বিশেষকৈ স্কুলীয়া ছাত্র-ছাত্ৰীসকলৰ বাবে প্ৰচণ্ড গৰমত বিদ্যালয়লৈ অহা-যোৱা কৰা তথা পাঠ গ্ৰহণ কৰাটো কষ্টদায়ক হৈ পৰিছে । ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া শিক্ষা বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷
লগতে পঢ়ক: Heatwave hits Assam: উৎকট গৰম; বিদ্যালয়ৰ পাঠদান পুৱা 7.30 বজাৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশ শিক্ষা বিভাগৰ