ETV Bharat / state

7 মাহৰ পাছত বিদ্যালয়ত উপস্থিত ছাত্ৰ-ছাত্ৰী - শিক্ষা বিভাগ

শিক্ষা বিভাগে জাৰি কৰা SOP ৰ নিৰ্দেশনা মানি সোমবাৰৰ পৰা পুনৰ আৰম্ভ কৰা হৈছে শ্ৰেণীকোঠাৰ পাঠদান ৷ বিদ্যালয় কৰ্তৃপক্ষসমূহে সোমবাৰে সম্পূৰ্ণ কোভিড প্ৰট’কল মানি পাঠদান কাৰ্যত অংশ লোৱা পৰিলক্ষিত হ’ল ৷ SOP ত উল্লেখ থকা অনুসৰি সোমবাৰৰ পৰা সপ্তাহৰ তিনিটাকৈ বাৰত ষষ্ঠ, অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলহে বিদ্যালয়লৈ আহিব পাৰিব ৷

school reopen story guwahati assam etv bharat news
7 মাহৰ পাছত বিদ্যালয়ত উপস্থিত ছাত্ৰ-ছাত্ৰী
author img

By

Published : Nov 2, 2020, 5:12 PM IST

গুৱাহাটী,2 নৱেম্বৰ : প্ৰায় সাত মাহৰ অন্তত সোমবাৰৰ পৰা ৰাজ্যৰ শিক্ষা বিভাগৰ কঠোৰ নীতি-নিয়মৰ মাজেৰে বিদ্যালয়সমূহত আৰম্ভ হ’ল পাঠদান কাৰ্যসূচী ৷ মাস্ক আৰু চেনিটাইজাৰ লগত লৈ বিদ্যালয়ত উপস্থিত হ’ল ছাত্ৰ-ছাত্ৰীসকল ৷ সুদীৰ্ঘ দিন বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰিৱৰ্তে অনলাইন পদ্ধতিৰে পাঠদান কৰি অহা ছাত্ৰ-ছাত্ৰীসকলক সোমবাৰৰ দিনটোত যথেষ্ট উৎফুল্লিত দেখা যায় ৷

SOP ৰ নিৰ্দেশনা মানি আৰম্ভ শ্ৰেণীকোঠাৰ পাঠদান

শিক্ষা বিভাগে জাৰি কৰা SOP ৰ নিৰ্দেশনা মানি বিদ্যালয় কৰ্তৃপক্ষয়ো সোমবাৰে সম্পূৰ্ণ কোভিড প্ৰট’কল মানি পাঠদান কাৰ্যত অংশ লোৱা পৰিলক্ষিত হ’ল ৷ SOP ত উল্লেখ থকা অনুসৰি সোমবাৰৰ পৰা সপ্তাহৰ তিনিটাকৈ বাৰ ক্ৰমে সোম, বুধ আৰু শুকুৰবাৰে ষষ্ঠ, অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলহে বিদ্যালয়লৈ আহিব পাৰিব ৷

শিক্ষা বিভাগে SOP যোগে জাৰি কৰা নিৰ্দেশানুযায়ী ৰাজ্যৰ প্ৰায়বোৰ শিক্ষানুষ্ঠানে A আৰু B দুটা পৰ্যায়ত পাঠদান কৰিছে যদিও আন একাংশ শিক্ষানুষ্ঠানৰ বাবে দুটা পৰ্যায়ত পাঠদান কৰিবলগা হোৱাত এনে ব্যৱস্থা বৰ জটিল হৈ পৰিছে ৷ মহানগৰীৰ আগশাৰীৰ এখন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ে সন্মুখীন হৈছে এই বিশেষ সমস্যাৰ ৷ বিদ্যালয় কৰ্তৃপক্ষৰ ভাষ্য অনুসৰি বিদ্যালয়খনৰ একোটা শ্ৰেণীত আছে প্ৰায় 80 গৰাকীকৈ ছাত্ৰী ৷ শিক্ষা বিভাগৰ নিৰ্দেশাৱলীত প্ৰকাশ পোৱা অনুসৰি এটা পৰ্যায়ত মাত্ৰ 20 গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাত পাঠদানৰ বাবে আহিবলৈ দিব নালাগে ৷ কিন্তু এই বিদ্যালয়ত ছাত্ৰীৰ সংখ্যা যথেষ্ট সংখ্য়ক হোৱা বাবে শিক্ষা বিভাগে প্ৰদান কৰা নিৰ্দেশাৱলী মানিবলৈ অসুবিধা পাইছে বিদ্যালয় কৰ্তৃপক্ষই ৷

ৰাজ্যৰ গৰিষ্ঠসংখ্যক ছাত্ৰ-ছাত্ৰী থকা অন্যান্য শিক্ষানুষ্ঠানসমূহেও সন্মুখীন হৈছে একেই সমস্যাৰ ৷ আনহাতে, কৰ’ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পাঠদান কাৰ্যসূচী পৰৱৰ্তী এসপ্তাহলৈকে স্থগিত ৰাখিছে ব্যক্তিগত খণ্ডৰ একাংশ শিক্ষানুষ্ঠানে ৷

লগতে চাওকঃ একে পৰিয়ালৰ 5 গৰাকীৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.