ETV Bharat / state

শিল্পীসকলক ক্ষুৰধাৰ সমালোচনা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ - Assam artist join political party

আগন্তুক নিৰ্বাচনত বিজেপিক অসমৰ ৰাইজে উৎখাত নকৰিলে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কৈ যোৱাৰ দৰেই অসম এদিন ৰসাতলে যোৱাটো নিশ্চিত।

SC leader opposed Artist in Politics
গুৱাহাটী
author img

By

Published : Aug 25, 2020, 5:20 PM IST

Updated : Aug 25, 2020, 7:02 PM IST

গুৱাহাটী, ২৫ আগষ্টঃ ৰাজ্যত এতিয়া আঞ্চলিক দল গঠনৰ জোৱাৰ ৷ বিজেপিক পৰাভূত কৰাৰ নামত ৰাজ্যত ইটোৰ পাছত সিটোকৈ গঠন হৈছে আঞ্চলিক ৰাজনৈতিক দল ৷ সমান্তৰালভাৱে সক্ৰিয় ৰাজনীতিত ভৰি থৈছে কেইবাজনো জনপ্ৰিয় শিল্পীয়ে ৷ একাংশই নতুন ৰাজনৈতিক দল গঠনৰ পোষকতা কৰাৰ লগতে অধিকাংশ শিল্পীয়েই কিন্তু ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হোৱা পৰিলক্ষিত গৈছে ৷ এক কথাত বহুধা-বিভক্ত হৈছে কা আন্দোলনৰ সময়ত বিজেপিক পৰাভূত কৰাৰ নামত একত্ৰিত হোৱা শিল্পী সমাজ আৰু ৰাজ্যৰ প্ৰায় 70 টা দল সংগঠনৰ নেতৃবৃন্দ ৷

লগতে পঢ়কঃ অৰ্ধনিৰ্মিত কালভাৰ্টৰ পৰা পৰি কিশোৰীৰ মৃত্য়ু

ইয়াকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে ৷ মঙলবাৰে পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসমীয়া জাতিক মৃত্যুৰ দুৱাৰ দলিলৈ ঠেলি দিয়া বিজেপিৰ দৰে অসম বিৰোধী ৰাজনৈতিক দলত জাক পাতি আজি একাংশ শিল্পী নামধাৰী বহুৱাই যোগদান কৰা কাৰ্য চূড়ান্ত বহুৱালী । সমগ্ৰ ৰাজ্যবাসীৰ প্ৰতি চৰম বিশ্বাসঘাটকতা আৰু প্ৰতাৰণা। কেৱল ইমানেই নহয় এওঁলোক যে ছদ্মবেশী দেশপ্ৰেমীক সেই কথা আজি প্ৰমাণ হয় গ'ল।

শিল্পীসকলক ক্ষোৰধাৰ সমালোচনা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

তেওঁলোকে বুজি পোৱা নাই এনেকুৱা এটা দিন আহিব য'ত বিজেপি চৰকাৰে এওঁলোককেই বাংলাদেশীৰ হাতত চমজাই দিব বুলি দাসে কতাক্ষ কৰে। আচলতে এইসকল শিল্পীয়ে নিজৰ ব্যক্তিগত মুনাফা আদায়ৰ কাৰণেই বিজেপিৰ টকা আৰু ক্ষমতাৰ মোহত পৰিছে বুলিও দাসে মন্তব‌্য কৰে । সমান্তৰালভাৱে শিল্পীসকলৰ এই কাৰ্যক ইতিহাসে ক্ষমা নকৰে বুলি কা আন্দোলনৰ নেতা দাসে গভীৰ ক্ষোভেৰে মত প্ৰকাশ কৰে ৷ লগতে তেওঁ কয় যে , আগন্তুক নিৰ্বাচনত বিজেপিক অসমৰ ৰাইজে উৎখাত নকৰিলে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কৈ যোৱাৰ দৰেই অসম এদিন ৰসাতলে যোৱাটো নিশ্চিত।

Last Updated : Aug 25, 2020, 7:02 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.