গুৱাহাটী,31অক্টোবৰঃঅসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ যুটীয়া উদ্যোগত পালন কৰা হয় কিষান অধিকাৰ দিৱস ৷ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু দিৱস আৰু প্ৰাক্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী ৷
2ঘণ্টীয়া অনশন আৰু সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই বিজেপি চৰকাৰৰ কৃষকবিৰোধী আৰু শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনায় ৷ তদুপৰি অত্যাধিক হাৰত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় খাদ্যসামগ্ৰীৰ মূল্য বৃদ্ধিৰো প্ৰতিবাদ জনায় শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে ৷