ETV Bharat / state

Satra Lands Commission : সত্ৰ আয়োগৰ প্ৰতিবেদনত বেদখলৰ ভয়ংকৰ তথ্য - বিধায়ক প্ৰদীপ হাজৰিকা সত্ৰ আয়োগৰ অধ্যক্ষ

সত্ৰ আয়োগৰ (Satra Lands Commission) অন্তৱৰ্তীকালীন প্ৰতিবেদনৰ তথ্যত সত্ৰৰ মাটি বেদখলৰ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে । ৰাজ্য চৰকাৰে গঠন কৰা অসম সত্ৰ ভূমি সমস্যা আৰু পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে আয়োগৰ অন্তৱৰ্তীকালীন প্ৰতিবেদন শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে ।

Satra Lands Commission
সত্ৰ আয়োগৰ প্ৰতিবেদনত বেদখলৰ ভয়ংকৰ তথ্য প্ৰকাশ
author img

By

Published : Dec 2, 2022, 7:13 PM IST

Updated : Dec 2, 2022, 8:00 PM IST

গুৱাহাটী, 2 ডিচেম্বৰ : অসমৰ সত্ৰৰ ভূমি বেদখল(Satra land encroachment) সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰা সত্ৰ আয়োগৰ অন্তৱৰ্তীকালীন প্ৰতিবেদনৰ তথ্যত সত্ৰৰ মাটি বেদখলৰ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে । উল্লেখ্য যে, ৰাজ্য চৰকাৰে গঠন কৰা অসম সত্ৰ ভূমি সমস্যা আৰু পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে অন্তৱৰ্তীকালীন প্ৰতিবেদন শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে (Report on Satra land encroachment) ।

সত্ৰ আয়োগৰ প্ৰতিবেদনত বেদখলৰ ভয়ংকৰ তথ্য

এই প্ৰতিবেদনত কেবাখনো সত্ৰৰ মাটি বেদখলৰ ভংয়কৰ তথ্য প্ৰকাশ পাইছে । সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱা বছৰ ২৪ নৱেম্বৰত এই আয়োগ গঠন কৰা হৈছিল । বিধায়ক প্ৰদীপ হাজৰিকা এই আয়োগৰ অধ্যক্ষ আৰু বিধায়ক মৃণাল শইকীয়া আৰু ৰূপক শৰ্মাক সদস্য হিচাপে লৈ অসম সত্ৰ ভূমি সমস্যা আৰু পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগ গঠন কৰা হৈছিল ।

এই আয়োগে যোৱা ডিচেম্বৰৰ পৰা ১২ জিলাৰ ৬২ খন সত্ৰ পৰিভ্ৰমণ কৰিছে । এই ভ্ৰমণৰ ভিত্তিত এই অন্তৱৰ্তীকালীন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে (Interim report on Satra land encroachment)। প্ৰতিবেদনত উল্লেখ কৰা মতে ১২ জিলাৰ ৬২ খন সত্ৰৰ ৭৫০৪ বিঘা ৪ কঠা মাটি বেদখলৰ কবলত আছে ।

এই বেদখলকাৰীৰ অধিকাংশ পূৰ্ববংগীয় মূলৰ লোক । এই ১২ খন জিলাৰ ভিতৰত আছে বৰপেটা, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, কামৰূপ, মৰিগাঁও, নগাঁও, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি আৰু কৰিমগঞ্জ জিলা । ইয়াৰে বৰপেটা জিলাত থকা সত্ৰত সৰ্বাধিক বেদখল হৈছে । বৰপেটা জিলাত থকা বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ আৰু পাটবাউসী সত্ৰকে ধৰি ৭ খন সত্ৰৰ ৫৫৪৫ বিঘা মাটি বেদখল হৈছে (Encroached Satra Land) ।

আনহাতে লখিমপুৰ, নগাঁও, বঙাইগাঁও, ধুবুৰী জিলাত থকা সত্ৰতো ব্যাপক বেদখল হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এয়া অন্তৱৰ্তীকালীন প্ৰতিবেদন । চূড়ান্ত প্ৰতিবেদন লাভ কৰা সকলো তথ্য পৰীক্ষা কৰাৰ পাছত চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰিব ।

চূড়ান্ত প্ৰতিবেদন পোৱাৰ পাছত সকলো ব্যৱস্থা কৰা হ'ব । সত্ৰৰ মাটি বেদখল মুক্ত কৰা হ’ব । এয়া বিজ্ঞানসন্মতভাৱে কৰা হ'ব । চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে সত্ৰ আয়োগক ১২০ দিন‌ৰ সময় দিয়া হৈছে ।

লগতে পঢ়ক : Ragging in JB College Jorhat : জেবি কলেজৰ ৰেগিং সন্দৰ্ভত কি ক'লে অতিৰিক্ত আৰক্ষী অধীক্ষকে

Last Updated : Dec 2, 2022, 8:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.