ETV Bharat / state

বিস্ময়ৰ জন্মদাতা শশী ফুকন আই চি ইউত চিকিৎসাধীন - renown assamese magazine

জনপ্ৰিয় অসমীয়া আলোচনী বিস্ময়ৰ জন্মদাতা শশী ফুকন আক্ৰান্ত ক’ভিডত ৷ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে ফুকন ৷

sashi_phukan_in_icu
বিস্ময়ৰ জন্মদাতা শশী ফুকন আই চি ইউত চিকিৎসাধীন
author img

By

Published : May 19, 2021, 5:22 PM IST

গুৱাহাটী, ১৯ মে': 'বিস্ময়' অসমীয়া সাহিত্য আৰু সমাজ জীৱনৰ এক মাইলৰ খুটীৰ নাম ‘বিস্ময়’ ৷ অসমীয়া সাহিত্যৰ অনুৰাগ ৰখা খুব কমেই এনে অসমীয়া লোক ওলাব যিয়ে নেকি এবাৰৰ বাবে হ'লেও লুটিয়াই চোৱা নাই বিস্ময়ৰ পৃষ্ঠা ।

বিস্ময়ৰ নামটোৰ লগতেই প্ৰথমে মনলৈ আহে সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত হোৱা সেই বিশেষ ব্যক্তি গৰাকীৰ নাম ৷ শশী ফুকন, বিস্ময়ৰ প্ৰেমত পৰা সকলোলোকৰ বাবে এটা চিনাকী নাম ৷

পঞ্চাশ বছৰ গৰকি যোৱা জনপ্ৰিয় অসমীয়া আলোচনীখনৰ জন্মদাতা, স্বত্বাধিকাৰী তথা সম্পাদক শশী ফুকন বৰ্তমান আই চি ইউত চিকিৎসাধীন ।

সম্প্ৰতি ক'ভিডত আক্ৰান্ত হোৱা ফুকনক প্ৰায় আঠদিনৰ পূৰ্বে ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত । পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তিনিদিন পূৰ্বে আই চি ইউত ভৰ্তি কৰোৱা হয় শশী ফুকনক ।

সম্প্ৰতি আই চি ইউত চিকিৎসাধীন হৈ থকা ফুকনৰ স্বাস্থ্য পূৰ্বতকৈ কিছু উন্নত হৈছে বুলি প্ৰকাশ কৰিছে হাস্পতালখনৰ এক সুত্ৰই ।

লগতে পঢ়ক :মুখ্যমন্ত্রীৰ সাহাৰ্য পুঁজিলৈ হিমন্ত বিশ্ব শৰ্মাৰ পুত্রৰ বৰঙণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.