ETV Bharat / state

উদুলি-মুদুলি বৰঝাৰ; সোণোৱালক আদৰিবলৈ তৎপৰ অসম প্ৰদেশ বিজেপি

author img

By

Published : Aug 20, 2021, 10:34 PM IST

শনিবাৰে পুৱা ৯.৪৫ বজাত নতুন দিল্লীৰ পৰা আহি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ'ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সোণোৱালক আদৰিবলৈ বৰঝাৰত চলিছে ব্যাপক প্ৰস্তুতি ৷ সোণোৱালৰ এই অসম ভ্ৰমণক নাম দিয়া হৈছে "জন আশীৰ্বাদ যাত্ৰা" ৷

sarbananda sonowal
উদুলি-মুদুলি বৰঝাৰ

গুৱাহাটী, ২০ আগষ্ট : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাচত শনিবাৰে অসমত আহি উপস্থিত হ'ব । সৰ্বানন্দ সোণোৱালক আদৰিবলৈ শাসকীয় দল আৰু চৰকাৰে বৰঝাৰৰ বিমান বন্দৰত ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : শনিবাৰৰ পৰা আৰম্ভ হ'ব সোণোৱালৰ তিনিদিনীয়া "জন আশীৰ্বাদ যাত্ৰা"

জানিব পৰা মতে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পুৱা ৯.৪৫ বজাত নতুন দিল্লীৰ পৰা আহি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ'ব । বিমান বন্দৰত তেওঁক আদৰণি সম্বৰ্ধনা জনোৱাৰ বাবে এখন মঞ্চ নিৰ্মাণ কৰা হৈছে । সমান্তৰালভাৱে বিমান বন্দৰৰ পৰা সমগ্ৰ পথছোৱাৰ দুয়োফালে বিজেপিৰ দলীয় পতাকা আৰু সৰ্বানন্দ সোণোৱালৰ ফটো সম্বলিত কেইবাটাও কাট আউট স্থাপন কৰা হৈছে ।

sarbananda sonowal to visit assam
শনিবাৰে আহিব সৰ্বানন্দ সোণোৱাল

আনহাতে শুকুৰবাৰে বিয়লি অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা, বিজেপি নেতা জয়ন্ত দাসকে ধৰি কেইবাজনো নেতা, মহানগৰ আৰক্ষীৰ গুৱাহাটী পশ্চিম জিলাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত শুভাশিস বৰুৱা, আজাৰা সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত নন্দিনী কাকতি , বৰঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কলিতা বৰঝাৰৰ বিমান বন্দৰত উপস্থিত হৈ সৰ্বানন্দ সোণোৱালক আদৰণি জনোৱা পৰিস্থিতিৰ বুজ লয় ।

লগতে পঢ়ক : শনিবাৰে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব চৰকাৰে

মন্ত্ৰী বিমল বৰাই চৰকাৰী আৰু দলীয় পৰ্যায়ত সোণোৱালক কিদৰে আদৰা হ'ব তাৰ পৰ্যালোচনা কৰে । জানিব পৰা মতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাজনো মন্ত্ৰী, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি কেইবাজনো দলীয় নেতাই বিমান বন্দৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰণি জনাব । তাৰ পাছত তেওঁক সমদল কৰি গুৱাহাটীলৈ অনা হ'ব । ইফালে দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথম বাৰৰ বাবে অসমলৈ আহিব লগীয়া সৰ্বানন্দ সোণোৱালৰ নিৰাপত্তা ব্যৱস্থাত যাতে খুঁত নাথাকে তাৰ বাবে মহানগৰ আৰক্ষীয়ে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে ।

sarbananda sonowal to visit assam
সোণোৱালক আদৰিবলৈ তৎপৰ অসম প্ৰদেশ বিজেপি

উল্লেখ্য যে, সোণোৱালৰ এই অসম ভ্ৰমণক নাম দিয়া হৈছে "জন আশীৰ্বাদ যাত্ৰা" ৷ এই যাত্ৰাৰ জৰিয়তে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক আদৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যিক বিজেপিয়ে ৷ এই "জন আশীৰ্বাদ যাত্ৰা"ৰ মাধ্যমেৰে সৰ্বানন্দ সোণোৱালে সামৰি ল'ব ৰাজ্যৰ ছখনকৈ সাংগঠনিক জিলাক ৷ সৰ্বমুঠ 372 কিলোমিটাৰ পথ অতিক্ৰম কৰিব এই আশীৰ্বাদ যাত্ৰাই ৷ এই যাত্ৰাই সামৰি ল’ব লগীয়া জিলা কেইখন হ'ল কামৰূপ (মেট্ৰ’), মৰিগাঁও, কলিয়াবৰ, নগাঁও, শিৱসাগৰ আৰু যোৰহাট ৷ মুঠতে এতিয়া ৰভা সাজি সোণোৱাল অহালৈ বাট চাইছে অসম বিজেপিয়ে ৷

লগতে পঢ়ক : গুৱাহাটীবাসীৰ বাবে শুকুৰবাৰে তিনিখনকৈ ফুটব্ৰীজ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.