ETV Bharat / state

বৰ্তমান ভাৰতৰ অমৃত কাল চলি আছে : সৰ্বানন্দ সোণোৱাল - Braille version of the Hemkosh dictionary

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "মন কী বাত" আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তী(Anniversary of Deendayal Upadhyaya) উপলক্ষে বিজেপিৰ দক্ষিণ গুৱাহাটী মণ্ডলত আয়োজন কৰা অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় মন্ত্রী সোণোৱাল (Union Minister Sonowal hears Mann Ki Baat) । ৰাইজৰ লগত শুনিলে প্ৰধানমন্ত্রীৰ মন কী বাত । প্ৰধানমন্ত্রীয়ে মন কী বাতত হেমকোষৰ ব্ৰেইলী সংস্কৰণৰ (Braille version of the Hemkosh dictionary) কথা উল্লেখ কৰাটো আমাৰ বাবে অতি আনন্দৰ তথা গৌৰৱৰ কথা । আগন্তুক সময়ৰ সকলো নিৰ্বাচনতে বিজেপিয়ে জনসাধাৰণৰ হৃদয় জয় কৰিবলৈ সক্ষম হ'ব ।

union minister sonowal programme in guwahati
বৰ্তমান ভাৰতৰ অমৃত কাল চলি আছে: সৰ্বানন্দ সোণোৱাল
author img

By

Published : Sep 25, 2022, 5:36 PM IST

গুৱাহাটী,২৫ ছেপ্টেম্বৰ: কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বাবেই ভাৰত পিচ পৰি আছিল । কিন্তু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৱল নেতৃত্বত ভাৰত আগবাঢ়িছে । ইংলেণ্ডৰো আগত আজি ভাৰত আগুৱাই যাবলৈ সক্ষম হৈছে । এই মন্তব্য কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "মন কী বাত" আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তী(Anniversary of Deendayal Upadhyaya) উপলক্ষে বিজেপিৰ দক্ষিণ গুৱাহাটী মণ্ডলত আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্রী সোণোৱালে এই মন্তব্য প্ৰকাশ কৰে ।

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ২২ নং ৱাৰ্ডৰ ২০৩ নং বুথৰ জ্যোতিকুছি শতাব্দী পথত উপস্থিত থাকি স্থানীয় ৰাইজৰ সৈতে প্ৰধানমন্ত্রীৰ 'মন কী বাত' শুনে(Union Minister Sonowal hears Mann Ki Baat) । আৰম্ভনীতে তেওঁ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ।

তেওঁ কয় যে আজি দেশৰ বাবে পবিত্ৰ দিন । পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আদৰ্শৰে আজি প্ৰধানমন্ত্রীয়ে দেশক আগুৱাই লৈ গৈছে । বৰ্ত্তমান ভাৰতৰ অমৃত কাল চলি আছে । এই ৰাষ্ট্ৰই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ । আমেৰিকা, ইউৰোপৰ দৰে দেশে আজি মোদীৰ মুখলৈ চাই থাকে বুলি তেওঁ উল্লেখ কৰে ।

বৰ্তমান ভাৰতৰ অমৃত কাল চলি আছে: সৰ্বানন্দ সোণোৱাল

জলবায়ু পৰিৱৰ্তনকে ধৰি বিভিন্ন ক্ষেত্ৰত নৰেন্দ্ৰ মোদীয়ে কি স্থিতি লয় তথা কি কয় তাৰ বাবে সকলো ৰৈ থাকে । তেওঁ কয় যে, আমাক শাসন কৰা ইংৰাজক চেৰ পেলাই ভাৰত আজি বিশ্বৰ পঞ্চম শক্তিশালী অৰ্থনীতিৰ দেশ হ'বলৈ সক্ষম হৈছে । এই কাম হৈছে কেৱল প্ৰধানমন্ত্ৰী মোদীৰ শক্তিশালী নেতৃত্বৰ বাবে হৈছে । তেওঁ দেশ সেৱাত আত্মনিয়োগ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ।

'প্ৰধানমন্ত্রীৰ মন কী বাত' অনুষ্ঠান শুনাৰ পাছত কেন্দ্ৰীয় মন্ত্রী সোণোৱালে সংবাদ মাধ্যমৰ আগত কয় যে অসমকে ধৰি দেশজুৰি বিজেপিৰ সেৱা পষেক চলি আছে (BJP celebrates Sewa Pakhwada) । ইয়াত সকলোকে জড়িত হ'বলৈ তেওঁ আহ্বান জনায় ।

তেওঁ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে প্ৰগতি আৰু বিকাশৰ পথত অগ্ৰসৰ হোৱা বুলি উল্লেখ কৰি কয় যে, ভাৰতে আজি বিশ্বক নেতৃত্ব প্ৰদান কৰিছে । প্ৰধানমন্ত্রীয়ে মন কী বাতত হেমকোষৰ ব্ৰেইলী সংস্কৰণৰ কথা উল্লেখ কৰা সন্দৰ্ভত তেওঁ কয় যে এইটো আমাৰ বাবে অতি আনন্দৰ তথা গৌৰৱৰ কথা ।

উল্লেখ্য যে, মন কী বাতত আজি প্ৰধানমন্ত্ৰী মোডীয়ে হেমকোষ অভিধানখনৰ ব্ৰেইলী সংস্কৰণৰ কথা উল্লেখ কৰে (Braille version of the Hemkosh dictionary) । প্ৰায় ১ লাখৰো অধিক শব্দ থকা অসমীয়া ভাষাৰ প্ৰথমখন অভিধান দৃষ্টিহীন লোকৰ বাবে ব্ৰেইলী সংস্কৰণত প্ৰকাশ কৰাৰ বাবে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

দক্ষিণ-পূৱ এছিয়াৰ প্ৰথমখন ব্ৰেইলী অভিধান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অলপতে প্ৰদান কৰিছিল জয়ন্ত বৰুৱাই । ইফালে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্রী সোণোৱালে কয় যে, আগন্তুক সময়ৰ সকলো নিৰ্বাচনতে বিজেপিয়ে জনসাধাৰণৰ হৃদয় জয় কৰিবলৈ সক্ষম হ'ব, সেয়া নিশ্চিত ।

লগতে পঢ়ক: হেকাৰৰ জেকপ’ট; শিক্ষকৰ একাউণ্টৰ পৰা লুটিলে 8 লাখ 80 হাজাৰ টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.