ETV Bharat / state

বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ চলিহালৈ ২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা - ২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, পণ্ডিত, গৱেষক, অধ্যাপক ভৱপ্ৰসাদ চলিহাক 2020 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হয় ৷ তেওঁৰ অনুপস্থিতিত তেওঁৰ পত্নী নন্দিতা চলিহাই গ্ৰহণ কৰে বঁটা ৷

২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা
২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা
author img

By

Published : Jan 4, 2021, 3:41 PM IST

গুৱাহাটী, 4 জানুৱাৰী: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, পণ্ডিত, গৱেষক, অধ্যাপক ভৱপ্ৰসাদ চলিহাক 2020 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে ৷ কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে বঁটা প্ৰদান অনুষ্ঠানত তেওঁ উপস্থিত থাকিব নোৱাৰাৰ বাবে অধ্যাপক ভৱপ্ৰসাদ চলিহাৰ হৈ বঁটা গ্ৰহণ কৰে তেওঁৰ সহধৰ্মিনী নন্দিতা চলিহাই বঁটাত আছে প্ৰশস্তি-পত্ৰ, সোণৰ পদক, শৰাই, অংগ বস্ত্ৰ আৰু ৫ লাখ টকাৰ চেক ৷

বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ চলিহালৈ ২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা

তদুপলক্ষে অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৰুজনাৰ দৰ্শন, সৃষ্টিৰাজি বিশ্ব মানৱ সমাজক অৱগত কৰাৰ বাবে ৰাজ্য চৰকাৰে 'শ্ৰীমন্ত শংকৰদেৱ অভিযান’ নামেৰে এক অভিযান আৰম্ভ কৰিব বুলি ঘোষণা কৰে ৷ এইক্ষেত্ৰত সত্ৰাধিকাৰ, গুণী-জ্ঞানী তথা অসমৰ বসবাস কৰা সকলো শ্ৰেণীৰ জনসাধাৰণক আন্তৰিকতাৰে সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ আহ্বান জনায় ৷ এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে শিখ গুৰু গুৰুনানকৰ বিষয়ে আজি সমগ্ৰ বিশ্ব জ্ঞাত ৷ কিন্তু বহুমুখী প্ৰতিভাৰ আকৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব নোৱাৰাটো বৃহত্তৰ অসমীয়া জাতিৰ দুৰ্বলতা ৷ সেয়েহে গুৰুজনাক আমি বিশ্ব দৰবাৰত শক্তিশালীভাৱে প্ৰতিষ্ঠিত কৰাৰ বাবে সন্মিলিত প্ৰয়াস চলাব লাগিব আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে এই অভিযান আৰম্ভ কৰিব বুলি কয় তেওঁ ৷

তেওঁৰ অনুপস্থিতিত তেওঁৰ পত্নী নন্দিতা চলিহাই গ্ৰহণ কৰে বঁটা

সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই বঁটা প্ৰদানে আশাৰ বতৰা কঢ়িয়াই আনিছে। মহাপুৰুষ শংকৰদেৱ এনে এগৰাকী ব্যক্তি আছিল যি পোন্ধৰশ শতিকাতে ভক্তিবাদৰ বার্তা প্ৰেৰণ কৰি থৈ গৈছে ৷ আধ্যাত্মিকতাৰ লগতে সাহিত্য আৰু সংস্কৃতিৰ মাজেৰে দর্শন প্ৰদান কৰি গৈছে ৷ গুৰুজনাই বৰদোৱাৰ পৰা আধ্যাত্মিক যাত্ৰা আৰম্ভ কৰি হৰিভক্তিৰ সমল আহৰণ কৰি ভক্তি আন্দোলনৰ নৱজাগৰণৰ সৃষ্টি কৰিছিল ৷ মহাপুৰুষগৰাকীয়ে সাহিত্য, সংস্কৃতিক প্ৰাণ দিছিল ৷ বৃন্দাবনী বস্ত্ৰৰ জৰিয়তে আমাৰ বয়ন শিল্পৰ ঐতিহ্যক বিশ্ব দৰবাৰলৈ নিছিল ৷ শংকৰদেৱক জাতীয় জীৱনৰ মহানায়ক, প্ৰাণ প্ৰতিষ্ঠাপক বুলি উল্লেখ কৰি গুৰুজনাই কৃষ্ণ ভক্তিক মানুহৰ মাজত প্ৰতিষ্ঠা কৰিছিল বুলিও মন্ত্ৰীগৰাকীয়ে কয় ৷

অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ এখনো মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷ অনুষ্ঠানত ভৱপ্ৰসাদ চলিহাই লাইভ ভিডিঅ'ৰ জৰিয়তে বঁটা লাভ কৰি পোৱা অনুভৱ ব্যক্তি কৰি প্ৰদান কৰা ভাষণো সম্প্ৰচাৰ কৰা হয় ৷ অনুষ্ঠানত বঁটাপ্ৰাপক ভৱপ্ৰসাদ চলিহাৰ দ্বাৰা ৰচিত এটা সমবেত সংগীত পৰিৱেশন কৰাৰ লগতে তেখেতৰ জীৱন আৰু কৰ্মৰাজি সামৰি সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা প্ৰস্তুত কৰা এখন চুটি তথ্যচিত্ৰও প্ৰদর্শন কৰা হয় ৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত সাংসদ কুইন ওজা, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, ২০১৭ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শর্মা, মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱ গোস্বামী , শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰকে ধৰি অন্যান্য প্ৰতিনিধি, সত্ৰাধিকাৰ, আধ্যাত্মিক গুৰু, অসম সত্ৰ মহাসভাৰ প্ৰতিনিধি প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: ভাৰতৰ পাচতে পাকিস্তানত সৰ্বাধিক উপভোগ DD আৰু AIR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.