গুৱাহাটী, 28 মে': গুৱাহাটীৰ জু-ৰোড বিস্ফোৰণত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ তথা ছাত্ৰনেতা সঞ্জীৱ তালুকদাৰক আজি আদালতত হাজিৰ কৰোৱা হয় ৷ কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয় তালুকদাৰক ৷
আদালতে তালুকদাৰক 6 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে পূৰ্বৰ অভিযুক্ত অমৃত বল্লভ গোস্বামী, ইন্দ্ৰমোহন বৰাক ন্যায়িক জিম্মাত আৰু চিন্ময় লহকৰক পুনৰ চাৰি আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে। আনহাতে, আৰক্ষীয়ে চিন্ময় লহকৰক মানসিক শাস্তি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে চিন্ময় লহকৰৰ অধিবক্তা দীপক শৰ্মাই ৷
উল্লেখ্য যে জুৰোড কাণ্ডৰ মূল অভিযুক্ত আলফা কেডাৰ বিজয় অসমে আৰক্ষীক দিয়া স্বীকাৰোক্তিৰ ভিত্তিত সোমবাৰে বাইহাটা চাৰিআলিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰসন্থাৰ প্ৰাক্তন সভাপতি তথা উদীয়মান লেখক সঞ্জীৱ তালুকদাৰক ৷
সবিশেষ পঢ়কঃ জুৰোড বিস্ফোৰণঃ ছাত্ৰনেতা-লেখক সঞ্জীৱ তালুকদাৰক গ্ৰেপ্তাৰ